যোৱা নিশাৰে পৰা হোৱা ধাৰাসাৰ বৰষুণত মুম্বাই আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বৃহৎ অংশ কৃত্ৰিম বানত বুৰ গৈছে ৷ ইয়াৰ ফলত চহৰখনত সৃষ্টি হৈছে প্ৰচণ্ড যান-জঁট ৷ যাৰ ফলত বাসিন্দাসকল তীব্ৰ অসুবিধাৰ সন্মুখীন হৈছে ৷ চহৰখনৰ প্ৰায়সমূহ পথ পানীৰে প্লাৱিত হৈ পৰিছে। আন্ধেৰীতো আঁঠুলৈকে পানীৰ মাজেৰে মানুহ পাৰ হৈ যোৱা দেখা গৈছিল। বহু অঞ্চলত স্তব্ধ হৈ পৰিছে জনজীৱন ৷মুম্বাইৰ লাইফলাইন হিচাপে বিবেচিত স্থানীয় ৰে’লসেৱা কেন্দ্ৰীয় ৰে’লৱে আৰু পশ্চিম ৰে’লৱে দুয়োটা পথতে স্বাভাৱিকভাৱে চলি আছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে।অৱশ্যে কেইবাটাও অঞ্চলত পানী জমা হোৱাৰ বাবে বাছৰ পথ সলনি কৰা হৈছে ৷
মঙলবাৰে পুৱা ৮ বজাত পর্যন্ত বিগত ২৪ ঘণ্টাত গড়ে ৯৫.৮১ মিলিমিটাৰ বৰষুণ হোৱাৰ বিপৰীতে পূব আৰু পশ্চিম উপকণ্ঠ অঞ্চলত একে সময়ছোৱাত ক্ৰমে ১১৫.০৯ মিলিমিটাৰ আৰু ১১৬.৭৩ মিলিমিটাৰ বৰষুণ হোৱা বুলি বিষয়াসকলে জনায়। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে সোমবাৰে মুম্বাই আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত আন্তুক কেইবাদিনলৈ প্ৰচণ্ড বৰষুণ হ’ব বুলি আগজাননী প্ৰকাশ কৰিছে ৷ বতৰ বিভাগে জাৰি কৰা সতৰ্কবাণীৰ পৰিপ্ৰেক্ষিতত এন ডি আৰ এফৰ দল মোতায়েন কৰা হৈছে।
নতুনকৈ শপত গ্ৰহণ কৰা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ ছিন্দেই মুম্বাই আৰু চুবুৰীয়া জিলাসমূহৰ কৰ্তৃপক্ষক সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিছে ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰি কয় যে, “ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত মুখ্য সচিব মানুকুমাৰ শ্ৰীবাস্তৱৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে সকলো সম্পৰ্কীয় জিলাক সজাগতা বজাই ৰাখিবলৈ আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী একনাথ ছিন্দেই ৷”