গুৱাহাটী মহানগৰীৰ জালুকবাৰী ৰোটাৰী পইণ্টৰ যান-জঁট কোনো নতুন কথা নহয়। অৱশ্যে এই যান-জঁটৰ বাবে নিশ্চয়কৈ দায়বদ্ধ মহানগৰীৰ যান-বাহনৰ চলাচল পৰিচালনা কৰ্তৃপক্ষ ৷ কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা স্বত্বেও তেওঁলোকে এই অঞ্চলটোত কিয় যান-বাহন চলাচল সুশৃংখল কৰিবলৈ সক্ষম হোৱা নাই সেয়াও বৰ্তমান সময়ত এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ।
গুৱাহাটীত যান-জঁটৰ ওপৰত দাখিল কৰা এখন পিআইএলৰ (৭২/২০১৬) শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা খণ্ড বিচাৰপীঠে ৭ জানুৱাৰী, ২০২০ তাৰিখে ইয়াৰ নিৰ্দেশ জাৰি কৰে। এই নিৰ্দেশত বিচাৰপীঠে কয়, “এইটো লক্ষ্য কৰা হৈছে যে বাছবোৰ জালুকবাৰী ৰোটাৰী পইণ্টত ৰয় যদিও সেই ঠাইত কোনো বাছ ষ্টপ নাই। আমি ইয়াৰ দ্বাৰা সকলো সংশ্লিষ্ট সংস্থাক নিৰ্দেশ দিছো যাতে জালুকবাৰী ৰোটাৰী পইণ্টত বাছ বোৰ ৰৈ নাযায়।”
নিৰ্দেশটোত আৰু কোৱা হৈছে, “সেই অঞ্চলৰ খাদ্য বিক্ৰেতাসকলকো আঁতৰ কৰা হ’ব। এই সন্দৰ্ভত আমি ৰাজহুৱা নিৰ্মাণ বিভাগৰ আয়ুক্ত আৰু সচিব আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তক প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছো।” কিন্তু আদালতৰ নিৰ্দেশ স্বত্বেও কৰ্তৃপক্ষই জালুকবাৰী ৰোটাৰী পইণ্টত বাছবোৰ নৰ’বৰ বাবে কোনো দৃঢ় পদক্ষেপ লোৱা হোৱা নাই। লগতে খাদ্য বিক্ৰেতাসকলকো সেই স্থানৰ পৰা উচ্ছেদ কৰিবলৈ কোনো ধৰণৰ পদক্ষেপ লোৱা হোৱা নাই কৰ্তৃপক্ষই।
নলবাৰী আৰু বৰপেটাৰ পৰা অহা আৰু জালুকবাৰী ৰোটাৰী পইণ্টত খানাপাৰা অভিমুখে যোৱা বাছবোৰ যাত্ৰী উঠাবলৈ বা নমাবলৈ সেই ঠাইত ৰয়।আনহাতে জালুকবাৰী অভিমুখে অহা চিটি বাছবোৰো সেই ঠাইতেই ৰয়। তদুপৰি গোৱালপাৰা আৰু ধুবুৰীৰ পৰা অহা বাছবোৰ আৰু টেম্পো, ট্ৰেভেলাৰ , মেজিক সমূহো ড০ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ ওচৰত যাত্ৰী তুলিবলৈ ৰোৱাৰ ফলত পৰিবেশ বিশৃংখল হৈ পৰে।
আনফালে ফল বিক্ৰেতাৰ উপৰিও, জালুকবাৰী ৰোটাৰী পইণ্টত সৰু চাহ আৰু পাণৰ দোকানো যথেষ্ট আছে । কিন্তু স্পষ্টকৈ, কোনেও আদালতৰ নিৰ্দেশনাক গুৰুত্বসহকাৰে লোৱা নাই।
জালুকবাৰী নগৰিক সমিতি আৰু ড০ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰই কৈছিল যে তেওঁলোকে আৰক্ষী, জিলা প্ৰশাসন আৰু গুৱাহাটী পৌৰ নিগমৰ (জিএমচি) ওচৰত খাদ্য বিক্ৰেতাসকলক উচ্ছেদ কৰিবলৈ আৰু জালুকবাৰী ৰোটাৰী পইণ্টত বাছ নৰখাবলৈ বহুবাৰ আহ্বান জনাইছিল। কিন্তু কোনো লাভ নহ’ল।
সংশ্লিষ্ট কৰ্তৃপক্ষই কেতিয়াবা ষ্টলবোৰ আঁতৰ কৰে। কিন্তু এদিন বা দুদিনৰ পিছত, ষ্টলবোৰ সেই স্থানত পুনৰ বহে।সেয়েহে অৱশেষত উপায়ন্তৰ হৈ জনসচেতন অংশই কৰ্তৃপক্ষক জালুকবাৰী ৰোটাৰী পইণ্টত যান-জঁট দূৰ কৰিবলৈ আৰু লগতে ড০ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ পবিত্ৰতা বজাই ৰাখিবলৈ স্থায়ী পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।