জনপ্ৰিয় ধাৰাবাহিক ‘ভাবিজী ঘৰ পাৰ হে’ত মালখানৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰা টেলিভিছন অভিনেতা দীপেশ ভানৰ শনিবাৰে পুৱা মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪১ বছৰ।অভিনেতাগৰাকীয়ে সৰু পৰ্দাত কেইবাটাও হাস্যৰসময়ী চৰিত্ৰত অভিনয় কৰি দর্শকৰ সমাদৰ লাভ কৰিছিল । জানিব পৰা মতে আজি পুৱা দীপেশে ক্ৰিকেট খেলি থকাৰ সময়তে ঢলি পৰে ৷ লগে লগে তেওঁক চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত্যু ঘোষণা কৰে ৷দীপেশৰ বিয়োগত অনুৰাগী আৰু তেওঁৰ সহ-অভিনেতাসকলে গভীৰ শোক প্ৰকাশ কৰিছে ৷ তেওঁৰ সৈতে কেইবাখনো ছিৰিয়েলত অভিনয় কৰা ছাৰুল মালিকে প্ৰয়াত অভিনেতা গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয়, ” খবৰটো এতিয়াও বিশ্বাস কৰিব পৰা নাই। পুৱাই এই বিষয়ে জানিব পাৰিলোঁ। মই কালি তেওঁক লগ পাইছিলো আৰু তেওঁ সকলো ঠিকেই আছিল। আমি একেলগে কেইটামান ৰিল ভিডিঅ’ বনাইছিলো। মই তেওঁক আঠ বছৰৰ পৰা চিনি পাওঁ আৰু শ্বুটিংস্থলীত মোৰ আটাইতকৈ ওচৰত আছিল।আমি একেলগে খাদ্য খাইছিলোঁ।এজন প্ৰতিভাৱান অভিনেতা হোৱাৰ উপৰিও তেওঁ আছিল এজন সঁচা অর্থত ভাল মানুহ।“
বিগত বর্ষত দীপেশৰ মাতৃৰ বিয়োগ ঘ্টিছিল ৷ দীপেশে তাৰক মেহতা কা ওলতা চাশমা আৰু মে আই কম ইন মেডাম আদি ধাৰাবাহিকত কাম কৰিছিল ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু সন্তানক ইহসংসাৰত এৰি থৈ যায়।