আজি গুৱাহাটীৰ ৰিহাবাৰী অঞ্চলৰ বিলপাৰত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় । ভয়াবহ অগ্নিকাণ্ডটোত দুই শিশুসহ প্ৰায় সাতজন লোক অগ্নিদগ্ধ হয়।
গুৱাহাটীৰ ৰিহাবাৰী এলেকাৰ বিলপাৰত সংঘটিত হোৱা এই অগ্নিকাণ্ডটো চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় বুলি জানিব পৰা হৈছে । উক্ত ঘটনাৰ খবৰ পোৱাৰ পিছত অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয়। প্ৰতিবেদন অনুসৰি এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান ।
দুৰ্ঘটনাটোত আহত লোকসকলক ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷ অগ্নিদগ্ধ হোৱা লোককেইজনক ক্ৰমে সোমা দাস (৫৩), শংকৰ মল্লিক (৫৬), মুকুল মনি দাস (৫৪), সঞ্জয় কাৰ (৪৬), মনজিৎ কৰ (১০), অমৰজিৎ দাস (১৫) আৰু সঞ্জয় মালাকাৰ (৪৩) বুলি চিনাক্ত কৰা হৈছে।
জিএমচিএইচৰ চিকিৎসকসকলে জনাইছে যে অগ্নিকাণ্ডটোত মনজিৎ কৰ নামৰ ১০ বছৰীয়া শিশুটি ৬৫-৭০ শতাংশ অগ্নিদগ্ধ হৈছে আৰু প্ৰায় ৭০-৭৫ শতাংশ অগ্নিদগ্ধ হৈছে অমৰজিৎ দাস নামৰ ১৫ বছৰীয়া কিশোৰজন ।
শোকাবহ অগ্নিকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে ৷ দুই শিশু সহ অগ্নিদগ্ধ লোক কেইজনৰ দ্ৰুতআৰোগ্য কামনা কৰিছে অঞ্চলটোৰ ৰাইজে ৷