VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মিডিয়াৰ ভুমিকাক কঠোৰ সমালোচনা কৰি দেশৰ মুখ্য ন্যায়াধীশে ক’লে গণতন্ত্ৰ পিছুৱাই নিছে সংবাদমাধ্যমে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 23, 2022
in আইন
মিডিয়াৰ ভুমিকাক কঠোৰ সমালোচনা  কৰি দেশৰ মুখ্য ন্যায়াধীশে ক’লে গণতন্ত্ৰ পিছুৱাই নিছে সংবাদমাধ্যমে
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি সংবাদমাধ্যমৰ ভুমিকাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই ৷ ৰাঁচীত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি সংবাদ মাধ্যমক কঠোৰ ভাষাৰে সমালোচনা কৰি মুখ্য ন্যায়াধীশ গৰাকীয়ে কয় যে  টিভিৰ বিতৰ্ক আৰু ছ’চিয়েল মিডিয়াৰ অনানুষ্ঠানিক আদালতে দেশখনক পিছুৱাই লৈ গৈছে ৷ তেওঁ লগতে সংবাদ মাধ্যমৰ  আচৰণক “পক্ষপাতমূলক” বুলিও অভিহিত কৰে ৷ চলিত মাহৰ আৰম্ভণিতে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাই হজৰত মহম্মদৰ ওপৰত কৰা মন্তব্যৰ ওপৰত উচ্চতম ন্যায়ালয়ে কৰা ৰায়দানক লৈ ছছিয়েল মাধ্যমত হোৱা ব্যাপক চর্চাৰ পাছত  এই মন্তব্যই যথেষ্ট তাৎপৰ্য্য বহন কৰিছে ৷

ৰাঁচীত এক শৈক্ষিক অনুষ্ঠানত বক্তৃতা প্ৰদান কৰি ন্যায়াধীশ ৰমনাই কয় “চ’চিয়েল মিডিয়াত বিচাৰকৰ বিৰুদ্ধে সংগঠিত প্ৰচাৰ  চলি আছে। ন্যায়াধীশসকলে তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে। কিন্তু এয়া দুৰ্বলতা বা অসহায়তা বুলি ভুল নকৰিব।” মুখ্য ন্যায়াধীশগৰাকীয়ে  লগতে কয় যে নতুন সংবাদ মাধ্যম (নিউ মিডিয়া)ৰ যথেষ্ট সম্ভাৱনা আছে যদিও সঠিক আৰু ভুল, ভাল আৰু বেয়া আৰু বাস্তৱ আৰু ভুৱাৰ মাজত পাৰ্থক্য বিচাৰি উলিওৱাৰ ক্ষেত্ৰত তেওঁলোক অক্ষম ৷

তেওঁ  এই বুলিও কয় “সংবাদ মাধ্যমত চলা বিচাৰৰ যিকোনো গোচৰত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ভুমিকা থাকিব নোৱাৰে ৷ অভিজ্ঞ ন্যায়াধীশসকলেও সিদ্ধান্ত লোৱাত অসুবিধা পোৱা বহু বিষয়ত সংবাদ মাধ্যমে অনানুষ্ঠানিক আদালত চলাই থকাও আমি দেখা পাও ৷ ন্যায় প্ৰদানৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত ভুৱা তথ্য আৰু এজেণ্ডা-চালিত বিতৰ্ক গণতন্ত্ৰৰ পক্ষে ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছে। সংবাদ মাধ্যমে প্ৰচাৰ কৰি থকা পক্ষপাতমূলক  মতামতে গণতন্ত্ৰক দুৰ্বল কৰি তুলিছে আৰু ব্যৱস্থাটোৰ ক্ষতিসাধন কৰিছে। এই প্ৰক্ৰিয়াই ন্যায় ব্যৱস্থাৰ ৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে ৷”  ন্যায়াধীশ ৰমণে লগতে  কয় যে  সকলো দায়বদ্ধতা অতিক্ৰম কৰি আপোনালোকে  গণতন্ত্ৰক দুখোজ পিছুৱাই লৈ গৈছে।

অৱশ্যে ছপা মাধ্যমৰ এতিয়াও কিছু দায়বদ্ধতা আছে  বুলি প্ৰকাশ কৰি তেওঁ কয় “যদিও ইলেক্ট্ৰনিক মিডিয়াৰ দায়বদ্ধতা শূন্, কিয়নো তেওঁলোকে   যি দেখুৱায় সেয়া কিছু সময়ৰ পাছতে নোহোৱা হৈ যায়  ৷ কিন্তু ইয়াতকৈও বেয়া হৈছে ছ’চিয়েল মিডিয়া।” সংবাদ মাধ্যমক আত্মনিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনাই তেওঁ কয়, “মই ইলেক্ট্ৰনিক আৰু ছ’চিয়েল মিডিয়াক দায়িত্বশীল আচৰণ কৰিবলৈ আহ্বান জনাইছো। ইলেক্ট্ৰনিক মিডিয়াই নিজৰ কণ্ঠ ব্যৱহাৰ কৰি মানুহক শিক্ষিত  আৰু ৰাষ্ট্ৰক  শক্তিশালী কৰা উচিত।”

Previous Post

গুৱাহাটীৰ ৰিহাবাৰীত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভয়াবহ অগ্নিকাণ্ড

Next Post

সৌৰজগতৰ নৱম গ্ৰহ প্লুট’ৰ বিনন্দীয়া ৰূপ

Related Posts

গুৱাহাটীত যান-জঁটৰ সমস্যা দূৰ কৰিবলৈ গুৱাহাটী  উচ্চ ন্যায়ালয়ে  গঠন কৰিছে তিনিজনীয়া পেনেল
আইন

গুৱাহাটীত যান-জঁটৰ সমস্যা দূৰ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰিছে তিনিজনীয়া পেনেল

August 5, 2022
দেশৰ পৰৱর্তী মুখ্য ন্যায়াধীশ হিচাপে ইউ ইউ ললিতৰ নাম কেন্দ্ৰলৈ প্ৰেৰণ বর্তমানৰ মুখ্য ন্যায়াধীশৰ
আইন

দেশৰ পৰৱর্তী মুখ্য ন্যায়াধীশ হিচাপে ইউ ইউ ললিতৰ নাম কেন্দ্ৰলৈ প্ৰেৰণ বর্তমানৰ মুখ্য ন্যায়াধীশৰ

August 4, 2022
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
আইন

সন্তান জন্ম দিবলৈ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত অপৰাধীক ১৫ দিনৰ পেৰল উচ্চ ন্যায়ালয়ৰ, কি কাৰণত উচ্চতম ন্যায়লয়ত প্ৰত্যাহবান জনালে ৰাজস্থান চৰকাৰে

August 1, 2022
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
আইন

অসমসহ চাৰি ৰাজ্যত সমষ্টি পুনৰ নির্ধাৰণক লৈ উচ্চতম ন্যায়ালয়ত গোচৰ , কি কি বিষয় দৃষ্টিগোচৰ কৰা হ’ল সর্বোচ্চ ন্যায়ালয়ৰ !!

July 26, 2022
আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন মঞ্জুৰ
আইন

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন মঞ্জুৰ

July 21, 2022
পত্নীক এটিএম হিচাপে ব্যৱহাৰ কৰাটো মানসিক নিৰ্যাতনৰ সমান: কৰ্ণাটক উচ্চ ন্যায়ালয়
আইন

পত্নীক এটিএম হিচাপে ব্যৱহাৰ কৰাটো মানসিক নিৰ্যাতনৰ সমান: কৰ্ণাটক উচ্চ ন্যায়ালয়

July 19, 2022
Next Post
সৌৰজগতৰ নৱম গ্ৰহ প্লুট’ৰ বিনন্দীয়া  ৰূপ

সৌৰজগতৰ নৱম গ্ৰহ প্লুট’ৰ বিনন্দীয়া ৰূপ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7