আজি গুৱাহাটীৰ অয়ুসূন্দ্ৰা হাস্পতালৰ পৰা ঘৰলৈ উভতিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ৷ ঘৰতে কিছুদিন জিৰণি ল’বলৈ চিকিৎসক সকলে পৰামৰ্শ দিছে শিল্পীগৰাকীক ৷ আয়ুৰসুন্দ্ৰা হাস্পতালৰ জনসম্পৰ্কৰক্ষী বিষয়া মনোজ ডেকাই জানিবলৈ দিয়া মতে মূৰত আঘাতপ্ৰাপ্ত শিল্পী গৰাকী তিনি দিনৰ পিছত মূৰৰ চিলাই খুলিবৰ বাবে পুনৰ যাব লাগিব অয়ুসুন্দ্ৰা হাস্পতাললৈ ৷
অৱশ্যে তেওঁলোকে জনোৱা মতে ঘৰলৈ যোৱাৰ সময়ত সম্পূৰ্ণ ৰূপে সুস্থ জুবিন গাৰ্গ ৷ কিন্তু চিকিৎসকসকলৰ মতে শিল্পী গৰাকীক এতিয়া প্ৰয়োজন হ’ব জিৰণিৰ ৷ প্ৰতিদিনেই ব্যস্ত হৈ থকা আৰু বৰ্তমান অৱশ হৈ পৰা নৱপ্ৰজন্মৰ হাৰ্ট থ্ৰ’ব গৰাকীক এতিয়া টোপনী তথা জিৰণিৰ যথেষ্ট প্ৰয়োজন ৷