অৰুণাচল সীমান্তৰ দুৰ্গম অঞ্চলৰ পৰা নিখোজ হোৱা অসমৰ শ্ৰমিকক উদ্ধাৰ কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দু আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ স্মৰকপত্ৰ প্ৰেৰণ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৱে । ছাত্ৰ সংগঠনটোৱে শ্ৰমিককেইজনক সোঁশৰীৰে উদ্ধাৰ কৰিবলৈ সেনাৰ দ্বাৰা উদ্ধাৰ অভিযান চলাবলৈ আহ্বান জনাইছে । স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি ১৯ জন শ্ৰমিক যোৱা ১৩ জুলাইৰ পৰা সন্ধানহীন হৈ আছে। অৱশ্যে কালি সাত জন শ্ৰমিকক উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে । ৰাজ্যেৰ বৰপেটা, বাক্সা, বঙাইগাঁও, ধুবুৰী, কোকৰাঝাৰ আৰু কামৰূপৰ ভিন্ন স্থানৰ পৰা গৈ শ্ৰমিক কেইজন ভাৰত -চীন সীমাৰ অৰুণাচলৰ দুৰ্গম অঞ্চলৰ ছাঁৰলী-হুৰি পথ নিৰ্মাণত কৰ্মৰত আছিল। সীমান্ত পথ সংস্থাৰ অধীনত নিৰ্মাণ কৰি থকা পথছোৱাত কাম কৰিবলৈ ব্যক্তিগত ঠিকাদাৰৰ অধীনত শ্ৰমিক কেইজন নিয়োজিত কৰা হৈছিল। কুৰোঙ কুমে জিলাৰ প্ৰশাসনে সদৰী কৰা অনুসৰি শ্ৰমিক কেইজন নিৰ্মান স্থলীৰ পৰা পলায়ন কৰিছে। জিলা প্ৰশাসনে অভিযান চলাইছে যদিও আটাইকেইজন শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । সেয়েহে ছাত্ৰ সন্থাৰ সভাপতি বদৰুল ইছলাম, প্ৰশাসনিক সাধাৰণ সম্পাদক মিনহাজুল ইমৰান আৰু সাধাৰণ সম্পাদক জিয়াউল হকে স্বাক্ষৰ কৰা স্মৰকপত্ৰৰ জৰিয়তে শীঘ্ৰে শ্ৰমিক কেইজনক উদ্ধাৰৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। দীৰ্ঘ দিন ধৰি শ্ৰমিক কেইজন নিখোজ হৈ থকাৰ ফলত তেওঁলোকৰ পৰিয়াল চিন্তিত হৈ পৰিছে ।