দুটা দশকৰ পিছত প্ৰথমবাৰৰ বাবে ইংলেণ্ডত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ৷ বাৰ্মিংহামত অহা ২৮ জুলাইৰ পৰা অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ৷ য’ত ভাৰতৰ তিনিশজনীয়া এটা দলে অংশগ্ৰহণ কৰিব ৷ ইয়াৰে দুই শতাধিক হৈছে এথলীট ৷ অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰা, মীৰাবাই চানু, দৌৰবিদ হিমা দাসকে ধৰি বহুসংখ্যক তাৰকা খেলুৱৈয়ো এই দলটোত অন্তর্ভুক্ত হৈছে ৷ বৃহস্পতিবাৰে বাৰ্মিংহামৰ আলেকজেণ্ডাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব কমনৱেলথৰ মুকলি অনুষ্ঠান ৷ ৩০ হাজাৰ লোকে স্বচক্ষে এই অনুষ্ঠান উপভোগ কৰিব পাৰিব ৷ ৯৬ বছৰীয়া ৰাণী কমনৱেলথৰ মুৰব্বী যদিও অনুষ্ঠানত তেওঁ উপস্থিত নাথাকে ৷ ইয়াৰ পৰিৱর্তে ৰাজকুমাৰ চাৰ্লছ অনুষ্ঠানত উপস্থিত নাথাকিব। কিংবদন্তি পপ তাৰকা ডুৰাণ ডুৰান অনুষ্ঠানৰ মুখ্য আকর্ষণ ৷ সন্ধিয়া প্ৰায় ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া অনুষ্ঠানটো টেলিগ্ৰাফ স্প’ৰ্টে সম্প্ৰচাৰ কৰিব ৷
বাৰ্মিংহাম হৈছে এই বছৰৰ আয়োজক চহৰ ৷ আলেকজেণ্ডাৰ ষ্টেডিয়ামত এথলেটিকছৰ আয়োজন কৰা হৈছে। ছেণ্ডৱেল একুৱাটিকছ চেণ্টাৰত অনুষ্ঠিত হ’ব সাঁতোৰৰ অনুষ্ঠান ৷ কমনৱেলথ গেমছ চলিত বৃহস্পতিবাৰৰ পৰা (২৮ জুলাই) ৮ আগষ্ট লোকে অনুষ্ঠিত হ’ব ৷