মিয়ামি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে লোহিত সাগৰৰ তলত এটা মাৰাত্মক পুখুৰী আৱিষ্কাৰ কৰিছে যিয়ে ইয়াত প্ৰবেশ কৰা যিকোনো বস্তুক তৎক্ষণাৎ হত্যা কৰে। গৱেষণা অনুসৰি দূৰৱৰ্তীভাৱে পৰিচালিত পানীৰ তলৰ বাহন এখন ব্যৱহাৰ কৰি পৃষ্ঠৰ ১.৭ কিলোমিটাৰ তলত এই ব্ৰিন পুলটো উদ্ধাৰ কৰা হৈছে। বিজ্ঞানীসকলে দহ ঘণ্টা ডুব দিয়াৰ অন্তত পাঁচ মিনিট সময় এই মাৰাত্মক পুখুৰীটোৰ সন্মুখীন হৈছিল।
গৱেষকসকলে বৰ্ণনা কৰিছে যে ‘ব্ৰিন পুল’ হৈছে সাগৰৰ তলত এক ভয়াবহ ৰূপ যি অতি ঘনীভূত নিমখ পানী আৰু অন্যান্য ৰাসায়নিক উপাদানেৰে ভৰপূৰ যি সাগৰতকৈও লুণীয়া। তেওঁলোকে কৈছে যে পানীৰ তলৰ এই পুখুৰীবোৰে জন্তুবোৰক তৎক্ষণাৎ হত্যা কৰিব পাৰে ৷
লাইভ চাইন্সৰ সৈতে কথা পাতি মুখ্য গৱেষক ছেম পুৰকিছে এই মাৰাত্মক পুলবোৰক “পৃথিৱীৰ আটাইতকৈ ভয়ানক পৰিৱেশৰ ভিতৰত এটা” বুলি বৰ্ণনা কৰিছে ৷ আনহাতে তেওঁ কয় যে এই ব্ৰিনত প্ৰবেশ কৰা যিকোনো জন্তুৱেই তৎক্ষণাৎ মৃত্যু মুখত পৰে ৷
লগতে তেওঁ জনাইছে যে মাছ, মিছামাছ আৰু ইলে চিকাৰ কৰিবলৈ এই ব্ৰিন ব্যৱহাৰ কৰে । তেওঁ বৰ্ণনা কৰিছে যে আজানিতে এই পুখুৰীটোৰে সাঁতুৰি যোৱা প্ৰাণীবোৰক খাবলৈ চিকাৰী প্ৰাণীবোৰ এই মাৰাত্মক পুখুৰীটোৰ ওচৰত লুকাই থাকে ৷
অৱশ্যে বিজ্ঞানীসকলে আৱিষ্কাৰ কৰা এইটো প্ৰথম ব্ৰিন পুল নহয়। যোৱা ৩০ বছৰত, সাগৰবিজ্ঞানীসকলে লোহিত সাগৰ, ভূমধ্য সাগৰ আৰু মেক্সিকো উপসাগৰতো ভালে সংখ্যক মাৰাত্মক পুখুৰী উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে।