ৰাজ্যসভাৰ আসন- ৰাজ্যপাল পদত নিযুক্তি প্ৰদানৰ ভুৱা আশ্বাসেৰে ১০০ কোটি টকা লুণ্ঠনৰ ষড়যন্ত্ৰ কৰা এটা অসাধু চক্ৰ গ্ৰেপ্তাৰ কৰিছে চি বি আইয়ে ৷ চাৰিজনৰো অধিক লোকৰ বিৰুদ্ধে চিবিআইয়ে অভিযোগ উত্থাপন কৰিছে। ইয়াৰে ভিতৰত আছে মহাৰাষ্ট্ৰৰ বাসিন্দা কৰ্মলাকাৰ প্ৰেমকুমাৰ বন্দগৰ, কৰ্ণাটকৰ বাসিন্দা ৰবীন্দ্ৰ বিথাল নায়ক, দিল্লীৰ বাসিন্দা মহেন্দ্ৰ পাল আৰোৰা আৰু অভিষেক বুৰা ৷অভিযুক্তকেইজনে ৰাজ্যপালৰ পদ দিয়াৰ নামত ১০০ কোটি টকা বিচাৰিছিল ৷
চিবিআইয়ে যোৱা কেইসপ্তাহমান ধৰি অভিযুক্তৰ কল ৰেকর্ডিঙৰ জৰিয়তে এই গোপন অভিসন্ধি পোহৰলৈ আনে ৷ অভিযুক্তসকলে ৰাজ্যসভাত আসন, ৰাজ্যপালৰ পদত নিযুক্তি বা চৰকাৰী সংগঠন, মন্ত্ৰালয় আৰু বিভাগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ মিছা আশ্বাস দি বিভিন্নজনক প্ৰতাৰণা কৰি আহিছে ৷ প্ৰাপ্ত তথ্য় অনুসৰি অভিষেক বুৰাই কৰ্মলাকাৰ প্ৰেমকুমাৰ বন্দগৰৰ সৈতে মিলি উচ্চ পৰ্যায়ৰ চৰকাৰী বিষয়াসকলৰ সহযোগ ল’বলৈ ষড়যন্ত্ৰ কৰিছিল ৷ যিসকলে এনে নিযুক্তিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।