শেহতীয়াকৈ বিজ্ঞানীসকলে যুক্তি আগবঢ়াইছে যে ‘টি ৰেক্সে’ এতিয়াও ডাইনোচৰৰ ৰজা হিচাপে ৰাজত্ব কৰি আছে ৷ বিজ্ঞানীসকলৰ মতে এই শক্তিশালী মাংস খোৱা টাইৰানোচ’ৰাছৰ কেৱল এটা নহয় তিনিটা প্ৰজাতি আছে বুলি স্বীকৃতি দিয়া উচিত।
সোমবাৰে প্ৰকাশিত এক গৱেষণাত সাতজন জীৱবিজ্ঞানীয়ে কৈছিল যে মাৰ্চৰ পৰা কৰা বিশ্বৰ আটাইতকৈ বিখ্যাত ডাইনোচৰৰ জীৱাশ্মৰ ওপৰত আধাৰিত এক অধ্যয়নত টাইৰানোচ’ৰাছ তিনিটা প্ৰজাতি আছে বুলি দেখুৱাবলৈ পৰ্যাপ্ত প্ৰমাণ আগবঢ়োৱা হৈছে। অৱশ্যে ১৯০৫ চনত ডাইনোচ’ৰাচৰ প্ৰথমটো বৰ্ণনাৰ পিছৰে পৰা টি ৰেক্স হৈছে টাইৰানোচ’ৰাছ প্ৰজাতিৰ একক প্ৰজাতি।
আনহাতে আন তিনিজন গৱেষকে প্ৰকাশ কৰা পূৰ্বৰ এক অধ্যয়নত কোৱা হৈছে যে প্ৰায় তিনি ডজন টাইৰেনোচ’ৰাছৰ নমুনাৰ পৰা উৰুৰ হাড়ৰ তাৰতম্য আৰু তলৰ সন্মুখৰ দাঁতৰ আকাৰৰ ওপৰত আধাৰিত কৰি টাইৰেনোচ’ৰাছৰ তিনিটা প্ৰজাতিক চিনাক্ত কৰিব লাগে।
ইউনিভাৰ্চিটি অৱ এডিনবাৰ্গ জীৱবিজ্ঞানী তথা ইভোলিউচনেৰী বায়োলজী আলোচনীত প্ৰকাশিত নতুন অধ্যয়নটোৰ সহ-লেখক ষ্টিভ ব্ৰুচাটে এই সন্দৰ্ভত কয় যে টি ৰেক্সৰ দৰে এশ বছৰৰো অধিক সময় ধৰি জনাজাত এনে এক প্ৰাণীক যদি পৃথক কৰিব লাগে তেন্তে এই প্ৰজাতিক পৃথক কৰাৰ বাবে উপযুক্ত প্ৰমাণৰো প্ৰয়োজন।এই কথা সঁচা যে টি ৰেক্সৰ হাড়ৰ আকাৰ আৰু আকৃতিৰ তাৰতম্য আছে, কিন্তু এক নতুন অধ্যয়নত এই কথা স্পষ্ট হৈছে যে এই তাৰতম্য নূণ্যতম ।
বিজ্ঞানী সকলৰ মতে টাইৰেনোচ’ৰাছ থেৰোপড নামৰ এটা গোটৰ অংশ যি সকলো মাংসভোজী ডাইনোচৰক সাঙুৰি লয় ৷ তেওঁলোকৰ মতে ই ইয়াৰ দুই শক্তিশালী ভৰিৰ ওপৰত থিয় দিয়ে আৰু চলাচল কৰে ।
নতুন অধ্যয়নটোত আন চাৰিটা মাংস খোৱা প্ৰজাতিৰ ডাইনোচৰ, ১১২ প্ৰজাতিৰ জীৱিত চৰাই আৰু সৰু সৰু সৰু ডেউকা থকা থেৰোপডৰ বংশধৰৰ উৰুৰ হাড়ৰ তাৰতম্যৰ বিষয়ে পৰীক্ষা কৰা হৈছিল, যিয়ে প্ৰমাণ কৰিছিল যে টাইৰানোচ’ৰাছ কোনো ব্যতিক্ৰম নহয় ।
ব্ৰুচাটে কয় যে যিকোনো প্ৰজাতিৰ আকাৰ আৰু আকৃতি পৰিৱৰ্তনশীল হোৱাটো স্বাভাৱিক। মানুহৰ উচ্চতা, কঁকাল আৰু দাঁতৰ পাৰ্থক্য থাকে যদিও সকলো একক প্ৰজাতিৰ সদস্য। গতিকে টি ৰেক্সৰ হাড় আৰু দাঁতৰ মাজৰ পাৰ্থক্য ইমানেই সামান্য যে তেওঁলোকে টি ৰেক্সক একাধিক প্ৰজাতিলৈ পৃথক কৰাটো সমৰ্থন নকৰে ।
ব্ৰুচাটে লগতে কয় যে টাইৰানোচ’ৰাছ ৰেক্স ডাইনোচ’ৰৰ ৰজা ৷ এইটোৱেই হৈছে একমাত্ৰ প্ৰজাতিৰ বিশালাকায় চিকাৰী ডাইনোচ’ৰ যি উত্তৰ আমেৰিকাৰ ক্ৰেটেচিয়াছৰ শেষত বাস কৰিছিল ৷