আজি দেশভক্ত তৰুণৰাম ফুকনৰ স্মৃতি দিৱস । তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা আছিল । তেওঁ এগৰাকী সুবক্তা, লেখক তথা চিকাৰীও আছিল । পেছাত তেওঁ এগৰাকী আইনজীৱী আছিল । তেওঁ আছিল অসমৰ তৃতীয়গৰাকী বেৰিষ্টাৰ । তেওঁ কিছুদিন গুৱাহাটীৰ আৰ্ল ল কলেজত শিক্ষকতাও কৰিছিল । পিছলৈ তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে । ১৯৩৬ চনত তেওঁ এটা ৰাজনৈতিক দলো গঠন কৰিছিল । ১৯২৭ চনত গোৱালপাৰাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । স্তুতিমালা, মোৰ চিকাৰ কাহিনী আদি তেওঁৰ প্ৰকাশিত গ্ৰন্থ । তেওঁ অসমীয়াৰ উপৰি হিন্দী, বাংলা, উড়িয়া, সংস্কৃত, ফাৰ্ছী আৰু উৰ্দু ভাষাতো লিখা-মেলা কৰিছিল । ১৯৩৯ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এই দিনটোক অসম চৰকাৰে দেশভক্তি দিৱস হিচাপে ঘোষণা কৰিছে । এইগৰাকী দেশপ্ৰেমিকলৈ আমাৰ প্ৰণাম ।
আজি ‘সুগন্ধি পখিলা’ৰ কবি হীৰেন ভট্টাচাৰ্যৰ ওপজা দিন । ১৯৩২ চনৰ আজিৰ দিনটোতে যোৰহাটত তেওঁৰ জন্ম হৈছিল । জনপ্ৰিয় কবিগৰাকীৰ ১৩খন কবিতা পুথি প্ৰকাশ পাইছে আৰু ইয়াৰে ২খন কবিতা পুথি বাংলা ভাষালৈ অনূদিত হৈছে । মোৰ দেশ মোৰ প্ৰেমৰ কবিতা, কবিতাৰ ৰ’দ, ভালপোৱাৰ দিকচৌ বাটেৰে, সুগন্ধি পখিলা আদি তেওঁৰ কবিতা পুথি । ল’ৰা ধেমালি, আকৌ ধেমালি আৰু ৰৈ ৰৈ ধেমালি তেওঁৰ শিশু-পুথি । তেওঁ চিত্ৰবন, মনন আৰু আন্তৰিক নামৰ তিনিখন আলোচনীও সম্পাদনা কৰিছিল তেওঁ । ১৯৮৭ চনত তেওঁ সুগন্ধি পখিলা কবিতা পুথিৰ বাবে ছোভিয়েট দেশ নেহৰু বঁটা লাভ কৰে । শইচৰ পথাৰ মানুহ কবিতা পুথিৰ বাবে ১৯৯২ চনত লাভ কৰে সাহিত্য অকাডেমি বঁটা । ২০০০ চনত তেওঁ অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে । এইগৰাকী কবিলৈ আমাৰ প্ৰণাম ।
আজি কথাসাহিত্যিক তথা মানৱাধিকাৰ কৰ্মী মহাশ্বেতা দেৱীৰ স্মৃতি দিৱস । তেওঁ পশ্চিম বংগ, বিহাৰ, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত আদিবাসী জনজাতীয় লোকসকলৰ অধিকাৰৰ হকে কাম কৰিছিল । এগৰাকী কথাসাহিত্যিক হিচাপে তেওঁৰ প্ৰসিদ্ধি অধিক । হাজাৰ চুৰাশিৰ মা, অৰণ্যেৰ অধিকাৰ, অগ্নিগৰ্ভ, মূৰ্তি আদি তেওঁৰ প্ৰকাশিত গ্ৰন্থ । তেওঁ ৰচিত কাহিনীক লৈ ইতিমধ্যে সংঘৰ্ষ, ৰুদালি, হাজাৰ চৌৰাসি কি মা আদি চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে । ১৯৭৯ চনত তেওঁ অৰণ্যেৰ অধিকাৰ নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে । ১৯৯৬ চনত তেওঁ লাভ কৰে জ্ঞানপীঠ বঁটা । ২০০৬ চনত ভাৰত চৰকাৰে তেওঁক পদ্মবিভূষণ সন্মান প্ৰদান কৰে । ১৯১৬ চনৰ আজিৰ দিনটোতে কলকাতাত তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।