অসম আৰক্ষীৰ এক বৃহৎ সাফল্য ৷ বৰপেটা আৰক্ষীৰ এটা দলে অভিযান চলাই বৰপেটাত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৬টাকৈ দুৰ্ধৰ্ষ জেহাদীক ৷
সমগ্ৰ অসমজুৰি শিপাইছে জেহাদীৰ নেটৱৰ্ক ৷ মাদ্ৰাছাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণে অসমত জেহাদীৰ ঘাটি ৷ এইবাৰ অলকাইদাৰ পৃষ্ঠ পোষকতাত যেন অসমতো শিপাবলৈ আৰম্ভ কৰিছে আন এক সন্ত্ৰাসবাদী সংগঠনে ৷ বৰপেটাৰ চৰ অঞ্চলত থাকি সন্ত্ৰাসবাদৰ নেতৃত্ব দিয়া সংগঠনটোৰ ৬জনকৈ দুৰ্ধৰ্ষ জেহাদীক গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীয়েও অসমৰ ৰাইজৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিছে ৷ আৰক্ষীৰ তৎপৰতাত গ্ৰেপ্তাৰ কৰা হৈছে সংগঠনটোৰ ৬জনকৈ সদস্যক ৷ বৰপেটা আৰক্ষীয়ে ৬দুৰ্ধৰ্ষ জেহাদীক গ্ৰেপ্তাৰ কৰাৰ লগে লগে সমগ্ৰ অসমতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
অলকাইদাৰ পৃ্ষ্ঠপোষকতাত গঢ়ি উঠা সন্ত্ৰাসবাদী সংগঠন ‘আনচাৰুল বাংলা’ৰ সদস্য এই ৬দুৰ্ধৰ্ষ জেহাদীকেইটাক ক্ৰমে আমিদুল ইছলাম,ৰফিকুল ইছলাম ,চাহজাহান আলী,কাজিবুৰ হুছেইন আৰু জুবেৰ খান বুলি চিনাক্ত কৰা হৈছে ৷ অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত অব্যাহত ৰাখিছে আভিযান ৷ ৰাজ্যখনত সন্ত্ৰাসবাদ নিৰ্মূলৰ উদ্দেশ্যেৰে এই যথেষ্ট তৎপৰতাৰে আগবাঢ়িছে অসম আৰক্ষী ৷