মঙল গ্ৰহত জীৱৰ সন্ধানত অভিযান অব্যাহত ৰখা বিশ্বৰ আগশাৰীৰ মহাকাশ গৱেষণা সংস্থা নাছা আন এক সাফল্যৰ দিশে আগবাঢ়িছে ৷ পৰীক্ষাৰ বাবে মঙল গ্ৰহৰ পৰা মাটি আৰু শিল আনিব নাছাই ৷ ২০৩৩ চনত মহাকাশ গৱেষণা সংস্থাটোৱে লাভ কৰিব মঙল গ্ৰহৰ মাটি আৰু শিল ৷
পৃথিৱীৰ বাহিৰে মংগল গ্ৰহত জীৱৰ সন্ধান অথবা ভৱিষ্যতে মানুহৰ বসতি স্থাপন হ’ব পাৰে নেকি সেই সন্দর্ভত দীর্ঘদিন ধৰি গৱেষণা চলি আহিছে ৷ গ্ৰহটোত কি হৈছিল আৰু জীৱনৰ কেতিয়াবা অস্তিত্ব আছিল নেকি এনে বিভিন্ন গুৰুতৰ বিষয়ৰ উত্তৰ শিল আৰু মাটিৰ নমুনাৰ পৰীক্ষাৰ পাছত বিজ্ঞানীসকলে লাভ কৰিব বুলি আশা কৰা হৈছে ৷
বৰ্তমান পার্চিভাৰেন্স ৰ’ভাৰে জেজেৰ’ ক্ৰেটাৰৰ পৰা এই নমুনাসমূহ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে বুলি নাছাই প্ৰকাশ কৰিছে ৷ এই অভিযানত কেইবাটাও ৰবট আৰু হেলিকপ্টাৰে একত্ৰিত হৈ নমুনা সংগ্ৰহ কৰি মঙল গ্ৰহৰ পৃষ্ঠৰ পৰা তুলি লৈ পৃথিৱীলৈ প্ৰেৰণ কৰিব ৷ প্ৰথম অৱস্থাত নাছাই পার্চিভাৰেন্সৰ পৰা মাটি সংগ্ৰহ কৰিবলৈ চেম্পল ফেচ ৰভাৰ বা ইয়াৰ সংশ্লিষ্ট দ্বিতীয় লেণ্ডাৰ অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু মঙল গ্ৰহৰ পৰিৱেশত ভাল প্ৰদৰ্শন কৰা ইঞ্জিনিউটি হেলিকপ্টাৰৰ ডিজাইনৰ ওপৰত ভিত্তি কৰি দুখন হেলিকপ্টাৰৰ জৰিয়তে শিল আৰু মাটিৰ নমুনা সংগ্ৰহ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷