শিক্ষক নিযুক্তি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন মন্ত্ৰী পার্থ চেটার্জীৰ সহযোগী অর্পিতা মুখার্জীৰ দুটা ফ্লেটত ৫০ কোটি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ই ডিয়ে ৷ দুয়োজনকে গ্ৰেপ্তাৰ কৰাৰ পাছত ই ডিয়ে অব্যাহত ৰাখিছে অভিযান ৷ সম্প্ৰতি ই ডিয়ে সন্ধান কৰি আছে অর্পিতাৰ চাৰিখন বিশেষ গাড়ীৰ ৷ ই ডিৰ সূত্ৰই সদৰী কৰা অনুসৰি অর্পিআতৰ চাৰিওখন গাড়ীতে ৰখা হৈছে বৃহৎ পৰিমাণৰ ধন ৷ সূত্ৰই জনোৱা মতে, গাড়ীকেইখন হৈছে এখন অ’ডি এ৪, এখন হোণ্ডা চিটি, এখন হোণ্ডা চিআৰভি, আৰু এখন মাৰ্চিডিজ বেঞ্জ ৷ অভিযানৰ সময়ত ইডিয়ে অর্পিতাৰ এটা ফ্লেটত “পি” লিখা এটা হীৰাৰ আঙঠিও উদ্ধাৰ কৰে বুলি সূত্ৰই জনায়।
অর্পিতাক গ্ৰেপ্তাৰ কৰাৰ সময়ত ইডিয়ে মাত্ৰ এখন বগা ৰঙৰ মাৰ্চিডিজ গাড়ী জব্দ কৰে। তদন্তকাৰী সংস্থাটোৱে চিচিটিভিৰ ফুটেজ স্কেন কৰি একাধিক অভিযান চলাই বাহনসমূহৰ সন্ধান অব্যাহত ৰাখিছে ৷ ৩০ বছৰীয়া মডেল, অৰ্পিতা মুখাৰ্জীৰ কেইবাটাও ফ্লেটৰ সন্ধান লাভ কৰিছে ই ডিয়ে ৷ ই ডিৰ বিষয়াসকলৰ মতে, কলকাতাৰ বেলঘৰিয়া অঞ্চলৰ ক্লাবটাউন হাইটছত মুখাৰ্জীৰ দুটা ফ্লেট আছে। বৃহস্পতিবাৰে পুৱা ইয়াৰে এটা ফ্লেটত চলোৱা অভিযানত ইডিয়ে প্ৰায় ৩০ কোটি নগদ ধন আৰু পাঁচ কিলোগ্ৰাম সোণৰ অলংকাৰ জব্দ কৰে। দ্বিতীয়টো ফ্লেটৰ পৰা কোনোধৰণৰ সামগ্ৰী লাভ কৰা হোৱা নাই বুলিও জানিবলৈ দিয়ে সংস্থাটোৰ বিষয়াসকলে।শুকুৰবাৰে কলকাতাৰ টলিগংগেৰ ডাইমণ্ড চিটি কণ্ডোত মুখাৰ্জীৰ মালিকানাধীন আন এটা ফ্লেটৰ পৰা তদন্ত সংস্থাটোৰ বিষয়াসকলে ২১ কোটি টকা নগদ ধন, ২ কোটি মূল্যৰ সোণৰ অলংকাৰ আৰু বিপুল পৰিমাণৰ বৈদেশিক মুদ্ৰা উদ্ধাৰ কৰিছিল।