চলিত কমনৱেলথ গেমছত পুনৰ উজলি উঠিল ভাৰতীয় ভাৰত্তোলক ৷ গেমছৰ তৃতীয় দিনা ২০ বছৰীয়া অচিন্ত ছেউলিয়ে মুঠ ৩১৩ কিলোগ্ৰাম ভাৰত্তোলন কৰি পূর্বৰ সকলো অভিলেখ ভংগ কৰি পুৰুষৰ ৭৩ কিল’গ্ৰাম শাখাত সোণৰ পদক লাভ কৰে ৷ ছেউলিয়ে প্ৰথমে স্নেচ ৰাউণ্ডত দুবাৰকৈ ক্ৰমে ১৪০ কিলোগ্ৰাম আৰু ১৪৩ কিলোগ্ৰাম ভাৰত্তোলন কৰি গেমছৰ অভিলেখ ভংগ কৰে ৷ ইয়াৰ পিছত তেওঁ ক্লিন এণ্ড জাৰ্ক ৰাউণ্ডত ১৬৬ কিলোগ্ৰাম আৰু ১৭০ কিলোগ্ৰাম ভাৰ উত্তোলন কৰি সামগ্ৰিক ওজনৰ ক্ষেত্ৰত গেমছৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়।
দেওবাৰে এন ই চি হলত ৩১৩ কিলোগ্ৰাম (১৪৩ কিলোগ্ৰাম ১৭০ কিলোগ্ৰাম) ভাৰ উত্তোলন কৰি সোণৰ পদক দখল তেওঁ লাভ কৰে ৷ মালয়েছিয়াৰ এৰী হিদায়াত মহম্মদে ইভেণ্টৰ দ্বিতীয় শ্ৰেষ্ঠ লিফটাৰ হিচাপে পৰিগণিত হয় ৷ তেওঁৰ সৰ্বোত্তম প্ৰচেষ্টা আছিল ৩০৩ কিলোগ্ৰাম (১৩৮ কিলোগ্ৰাম ১৬৫ কিলোগ্ৰাম)। কানাডাৰ শ্বাদ ডাৰ্চিনিয়ে মুঠ ২৯৮ কিলোগ্ৰাম (১৩৫ কিলোগ্ৰাম ১৬৩ কিলোগ্ৰাম) ভাৰ উত্তোলন কৰি তৃতীয় স্থান লাভ কৰে। জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক দখল কৰিছে ছেউলিয়ে ৷