আজিৰ পৰা হ্ৰাস পালে ১৯ কিলোগ্ৰাম ওজনৰ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৷ ৩৬ টকাকৈ হ্ৰাস পালে ১৯কেজিৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য।
দেশৰ ৰাজধানী চহৰ দিল্লীত এতিয়াৰ পৰা ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ’ল ১৯৭৬ টকা ৷ পূৰ্বতে ইয়াৰ মূল্য আছিল ২০১২.৫০ টকা ৷ আনহাতে কলকাতাত ইয়াৰ আগৰ মূল্য ২১৩২ টকাৰ পৰা হ্ৰাস পাই বৰ্তমান মূল্য হৈছেগৈ ২০৯৫.৫০ টকা । চলচ্চিত্ৰ নগৰী মুম্বাইত ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১৯৩৬.৫০ টকালৈ হ্ৰাস হোৱাৰ লগতে চেন্নাইত প্ৰতিটো ১৯ কেজি চিলিণ্ডাৰৰ মূল্য ২১৪১ টকালৈ হ্ৰাস পাইছে।
অৱশ্যে, ঘৰুৱা চিলিণ্ডাৰৰ মূল্যৰ এতিয়াও কোনো তাৰতম্য ঘটা নাই। ভাৰতৰ মুখ্য চহৰ দিল্লী, ক’লকাতা, মুম্বাই আৰু চেন্নাইত বৰ্তমান ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ক্ৰমান্বয়ে ১০৫৩ টকা, ১০৭৯ টকা, ১০৫২ টকা আৰু ১০৬৮ টকা।উল্লেখনীয় যে বিগত মাহত প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৮.৫০ টকাকৈ হ্ৰাস পাইছিল।