শিক্ষক নিযুক্তি কেলেংকাৰীত শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাক্তন মন্ত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জীৰ ঘনিষ্ঠ পাৰ্থ চেটাৰ্জীক ৷ প্ৰাক্তন মন্ত্ৰীজনৰ সহযোগী অর্পিতা মুখর্জীৰ বাসগৃহত চলোৱা অভিযানত ইডিয়ে জব্দ কৰিছে কেইবা কোটি টকা ৷ সম্প্ৰতি গোচৰটোৰ তদন্ত অব্যাহত ৰাখিছে এনফর্চমেণ্টে ৷ ইয়াৰ মাজতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি ঘোষণা কৰে যে বুধবাৰে ৰাজ্যখনৰ কেবিনেট সালসলনি কৰা হ’ব ৷ য’ত চাৰিৰ পৰা পাচজন নতুন মন্ত্ৰী অন্তর্ভুক্ত হ’ব ৷
তেওঁ কয় -“আমি মন্ত্ৰী সুব্ৰত মুখাৰ্জী, সাধন পাণ্ডেক হেৰুৱালোঁ। পাৰ্থ চেটার্জী জেলত আছে ৷ গতিকে তেওঁলোকৰ দায়িত্বত থকা সকলো কাম আগবাঢ়িব লাগিব। মই অকলে চম্ভালিব পৰাটো সম্ভৱ নহয়।” বেনাৰ্জীয়ে কয় যে তেওঁলোকে সমগ্ৰ মন্ত্ৰীসভা ভংগ কৰি নতুন মন্ত্ৰীসভা গঠন কৰাৰ পৰিকল্পনা কৰা নাই। ৰাজ্যখনৰ জিলাৰ সংখ্যা ২৩ খনৰ পৰা ৩০ খনলৈ বৃদ্ধি পাইছে ৷ ইয়াৰে বহু লোকে তেওঁলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷
বেনার্জীয়ে কয় -“আগতে বংগত ২৩ খন জিলা আছিল ৷ এতিয়া ইয়াক ৩০ খনলৈ বৃদ্ধি কৰা হৈছে। নতুন ৭ খন জিলাৰ ভিতৰত আছে – সুন্দৰবন, ইচ্ছেমতী, ৰানাঘাট, বিষ্ণুপুৰ, জংগীপুৰ, বেহৰমপুৰ আৰু আৰু এখন জিলা বসীৰহাটত নামকৰণ কৰা হ’ব। “