ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰিত গ্ৰীষ্ম বন্ধ উপলক্ষে জিলাখনৰ ভিতৰতে এক অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান ‘সোণাৰি সমলয় গোষ্ঠী’য়ে আয়োজন কৰা এমাহজোৰা শিশু নাট কৰ্মশালাৰ সফল সমাপ্তিৰ পিছতেই সোণাৰি ৰাজহুৱা পেক্ষাগৃহত যোৱা ৩০জুলাই তাৰিখে সন্ধিয়া এক বিশেষ নাট্যনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷
উক্ত নাট্যনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে সোণাৰিৰ প্ৰবীণ তথা বিশিষ্ট মঞ্চাভিনেত্ৰী মঞ্জুলা দেৱী খাউণ্ডে ৷ আনহাতে নাট্যানুস্থানৰ মঞ্চ উদ্বোধন কৰি সাৰগৰ্ভ ভাষণ প্ৰদান কৰে সোণাৰিৰ এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা প্ৰাক্তন শিক্ষক বিপিন শৰ্মাই ৷ অনুষ্ঠানটিত উপস্থিত থাকি তেওঁলোকৰ সাৰুৱা বক্তব্য আগবঢ়োৱাৰ লগতে শিশুসকলক উদ্দেশ্যি উদঙনিমূলক বক্তব্য আগবঢ়াই সোণাৰিৰ কেইবাগৰাকীও স্বনামধন্য ব্যক্তিয়ে ৷
অনু্ষ্ঠানটোত কৰ্মশালাত প্ৰশিক্ষণপ্ৰাপ্ত শিশুসকলৰ দ্বাৰা দুখন নাট মঞ্চস্থ কৰা হয় ৷ নাট্যকাৰ তথা পৰিচালক এডিচন দেউৰীৰ ‘বানে ধোৱা গাওঁ’ আৰু নাট্যকাৰ হবীব তনবীৰৰ মূল , ভগীৰথী বাঈ ইছলাম আৰু অনুপ হাজৰিকাৰ অনুবাদেৰে এডিচন দেউৰীৰ পৰিচালনাৰে আটকধুনীয়াকৈ মঞ্চস্থ কৰা হয় আন এখন নাট ‘চৰণ দাস চোৰ’ ৷
প্ৰশিক্ষণপ্ৰাপ্ত শিশুসকলৰ অভিনয়ে প্ৰেক্ষাগৃহত উপস্থিত প্ৰতিগৰাকী দৰ্শকক মুগ্ধ কৰে ৷ আনহাতে সমলয় গোষ্ঠীৰ এই প্ৰচেষ্টাৰো ভূয়সী প্ৰশংসা কৰে অঞ্চলটোৰ সংস্কৃতিপ্ৰেমী ৰাইজে ৷
উল্লেখযোগ্য যে সোণাৰি অঞ্চলৰ এটি আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান সমলয় গোষ্ঠীয়ে সময়ে সময়ে এনে বহু নাট্যনুষ্ঠানৰ লগতে অন্যান্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি নৱ প্ৰজন্মক সঠিক পথেৰে আগুৱাই লৈ যোৱাৰ লগতে এখন সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰতো অহোপুৰুষাৰ্থ কৰি আহিছে ৷
সমলয় গোষ্ঠীৰ সভাপতি উৎপল গগৈ ,সাধাৰণ সম্পাদক পল্লৱ ফুকন আৰু সাংস্কৃতিক সম্পাদক বুবুল বৰাৰ নেতৃত্বত আৰু সংস্থাটোৰ অন্যান্য নাট্যকৰ্মী তথা স্থানীয় ৰাইজৰ সহযোগত এমাহ যোৰা কৰ্মশালাৰ অন্তত সুকলমে অনুষ্ঠিত হৈ যোৱা বিশেষ নাট্যানুষ্ঠানটিৰ বাবে গোষ্ঠীটোৱে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷ এনেধৰণে ৰাইজৰ সহায়-সহযোগিতা পালে ভৱিষ্যতেও এনে পদক্ষেপ লৈ আগুৱাই যাবলৈ তেওঁলোক সদা প্ৰস্তুত ৷