আজি মণিপুৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগত (চিআইডি)সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড । অৱশ্যে উক্ত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয় আৰু অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয় ৷
অগ্নিকাণ্ডটো কেনেকৈ সংঘটিত হ’ল তাৰ কাৰণ এতিয়াও সঠিক ভাৱে জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট-চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷
বাতৰি অনুসৰি আজি প্ৰায় ২ বজাত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ ভয়াবহ জুই নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা হয় আঠখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন। অগ্নিকাণ্ডৰ ভয়াবহ ৰূপ প্ৰতক্ষ কৰি চিআইডি কাৰ্যালয়ৰ কাষত অৱস্থিত মণিপুৰ ৰাইফলছৰ ইম্ফল পশ্চিম আৰক্ষী থানা, ইম্ফল সচিবালয়, বিএছএনএল কাৰ্যালয়তো সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰা হয় ।
অৱশ্যে মণিপুৰ অগ্নি নিৰ্বাপক সেৱাৰ বিষয়াসকলৰ মতে জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত আছিল। কিন্তু ভয়ংকৰ অগ্নিকাণ্ডটোত চিআইডি কাৰ্যালয়ৰ সংৰক্ষিত বহু নথিপত্ৰ আৰু কাৰ্যালয়ৰ সামগ্ৰী ভস্মীভূত হয়।