অসমৰ দৰে ৰাজ্যত বানপানীৰ পিছৰ সময়ছোৱাত,বিশেষকৈ যি সময়ত পশু আৰু পশুধনৰ মাজত ৰোগ সংক্ৰমণহোৱাৰ আশংকা যথেষ্ট বৃদ্ধি পাইছে আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ছোৱাইন ফ্লুৰ সংক্ৰমণ ঘটিছে, সেই সময়তে অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত খালী হৈ আছে বিভিন্ন পদ যি বৰ্তমান সময়ত সঁচাকৈয়ে এক চিন্তনীয় বিষয়।
চৰকাৰী সূত্ৰ অনুসৰি, পশু চিকিৎসা বিভাগত চিকিৎসকৰ মুঠ ৭১৩ টা অনুমোদিত পদ আছে যাৰ ভিতৰত ১৬২ টা পদ বৰ্তমান খালী হৈ আছে।আনহাতে বিভাগটোত জিলা পশু চিকিৎসা বিষয়াৰ (ডিভিঅ’) ৫৬ টা পদ আছে কিন্তু স্থায়ী ভাৱে মাত্ৰ চাৰিটা পদতহে ডিভিঅ’ নিযুক্ত কৰা হৈছে।ইফালে উপবিভাগীয় পশু চিকিৎসা বিষয়াৰ (এছ.ডি.ভি.ও.) অনুমোদিত ১৭৭ টা পদৰ ভিতৰত বৰ্তমান ১৯ টা পদ খালী হৈ আছে ৷ আনহাতে সহকাৰী পৰিচালকৰ ৫২ টা পদৰ ভিতৰত ১০ টা খালী হৈ আছে আৰু যুটীয়া পৰিচালকৰ ১০ টা পদৰ ভিতৰত চাৰিটাকৈ পদ খালী হৈ আছে ৷ আনহাতে অতিৰিক্ত পৰিচালকৰ পাঁচটা পদৰ ভিতৰত তিনিটাই খালী হৈ আছে আৰু পশু চিকিৎসা ক্ষেত্ৰ সহায়কৰ ২,৫০৬ টা পদৰ ভিতৰত খালী হৈ আছে ৪০৫টা পদ। আনহাতে মে’ ২০২০ৰ পৰা এই বিভাগত কোনো স্থায়ী পৰিচালককো নিযুক্ত কৰা হোৱা নাই। ভাৰপ্ৰাপ্ত সঞ্চালকজনেই বৰ্তমান সঞ্চালকালয়ৰ কাৰ্যালয়ো চোৱাচিতা কৰি আছে।
সেয়েহে নিশ্চিতভাৱেই জনশক্তিৰ সংকটৰ সন্মুখীন হৈছে পশুপালন আৰু পশু চিকিৎসা বিভাগ যাৰ ফলত পশু চিকিৎসা সেৱা যথেষ্ট প্ৰভাৱিত হৈছে । শেহতীয়াকৈ বিভাগীয় ভাৱে সম্পৰ্কিত স্থায়ী সমিতিয়ে এইটোও লক্ষ্য কৰিছে যে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনৰ সঞ্চালকালয়ৰ বেছিভাগ জ্যেষ্ঠ পৰ্যায়ৰ পদ দীৰ্ঘদিন ধৰি খালী হৈ আছে যি বিভাগটোৰ নিয়মীয়া উন্নয়নমূলক কাম-কাজৰ ক্ষেত্ৰতো বাধা প্ৰদান কৰিছে।
জ্যেষ্ঠ পৰ্যায়ত পদোন্নতিৰ ওপৰত এনে অচলাৱস্থাৰ কাৰণ আৰু সংশ্লিষ্ট সেৱা নিয়মৰ বিধান আদিৰ ওপৰত বিভাগীয় স্থায়ী সমিতিয়ে কৰা আলোচনাৰ অন্তত পৰামৰ্শ আগবঢ়াই যে বিভাগটোৰ অধীনত জ্যেষ্ঠ পৰ্যায়ৰ পদসমূহৰ প্ৰচাৰৰ বাবে সেৱা নিয়মৰ ব্যৱস্থাসমূহ সংশোধন কৰাৰ বাবে আৰু পুনৰ জ্যেষ্ঠ পৰ্যায়ৰ পদোন্নতিৰ বাবে বিশেষ গুৰুত্ব দিবলৈ একক গণ শিথিলকৰণ প্ৰস্তাৱ উত্থাপন কৰিব লাগে যাৰ ফলত সেৱা নিয়মৰ মূল বিধানসমূহ পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হ’ব সংশ্লিষ্ট বিভাগটো ।