সমগ্ৰ ভাৰতৰ এগৰাকী স্বনামধন্য নৃত্যশিল্পী আৰু নৃত্য পৰিচালক অসমৰ সত্ৰীয়া নৃত্যৰ জ্যেষ্ঠ শিল্পী শ্ৰী যতীন গোস্বামী ৷ অসমৰ সত্ৰীয়া শাস্ত্ৰীয় নৃত্যৰ গুৰিধৰোঁতা যতীন গোস্বামী সত্ৰীয়া অকাডেমী, গুৱাহাটীৰ প্ৰতিষ্ঠাপক সঞ্চালক ,পৰামৰ্শদাতা আৰু সংগীত নাটক একাডেমীৰ সাধাৰণ পৰিষদৰ প্ৰাক্তন সদস্য। আনহাতে তেওঁ নৃত্য একাডেমী আলোক শিল্পী সংঘৰ প্ৰতিষ্ঠাপক আৰু সাংস্কৃতিক সংগঠন প্ৰাগজ্যোতি কলা পৰিষদৰ প্ৰতিষ্ঠাপক ৷ ২০০৪ চনৰ সংগীত নাটক অকাডেমি বঁটা লাভ কৰিছিল তেওঁ । সত্ৰীয়া নৃত্যত আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০০৮ চনত পদ্মশ্ৰীৰ সন্মান প্ৰদান কৰে।
১৯৩৩ চনৰ ২ আগষ্টত অসমৰ গোলাঘাট জিলাৰ দেৰগাঁৱৰ আধাৰ সত্ৰত তেওঁৰ জন্ম হয়। দেউতাক ধৰণীধৰ গোস্বামীৰ ওচৰত সত্ৰীয়াৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ লোৱাৰ পিছত, তেওঁ গোপীৰাম বায়ন আৰু বাবুলা বায়নৰ লগতে বিষ্ণুপ্ৰসাদ ৰভা, দত্ত মুক্তিয়াৰ আৰু ৰেশ্বৰ নাৰায়ণ বৰবায়ানৰ অধীনত বিভিন্ন সময়ত নৃত্যৰ প্ৰশিক্ষণ লৈছিল। ১৯৫৩ চনত তেওঁ নিজৰ জন্মস্থানত নিজৰ নৃত্য একাডেমী ‘আলোক শিলপী সংঘ’ স্থাপন কৰ যদিও নৃত্যৰ প্ৰশিক্ষণ অব্যাহত ৰাখে ৷ তেওঁ গণেশ হীৰালালৰ পৰা কথক আৰু আতোম্বা সিঙৰ পৰা মণিপুৰী নৃত্যৰ প্ৰশিক্ষণো গ্ৰহণ কৰে ৷
সত্ৰীয়াৰ ফালে মনোনিবেশ কৰি তেওঁ ১৯৬২ চনত কলাগুৰু বিষ্ণু প্ৰসাদ ৰভা আৰু ৰক্সেশ্বৰ নাৰায়ণ বৰবায়ানৰ সৈতে নৃত্যৰ প্ৰচাৰৰ বাবে এক সাংস্কৃতিক সংগঠন প্ৰাগজ্যোতি কলা পৰিষদ প্ৰতিষ্ঠা কৰে। গোস্বামী দেশৰ বিভিন্ন প্ৰান্তত কৰ্মশালা আৰু প্ৰদৰ্শন পৰিচালনাত নিয়োজিত একমাত্ৰ সত্ৰীয়া প্ৰদৰ্শক হিচাপে পৰিচিত।
১৯৯৪ চনত তেওঁ সংগীত নাটক একাডেমীৰ সাধাৰণ পৰিষদৰ সদস্য হিচাপে মনোনীত হয় আৰু ২০০০ চনত একাডেমীয়ে সত্ৰীয়াক শাস্ত্ৰীয় নৃত্য ৰূপ হিচাপে ঘোষণা কৰাৰ প্ৰচেষ্টাত তেওঁ অৰিহণা যোগায়। ভাৰত আৰু বিদেশৰ বহু ঠাইত নৃত্য প্ৰদৰ্শন কৰা শিল্পী গৰাকীয়ে সত্ৰীয়া নৃত্য বিষয়ক পাঁচখন কিতাপ প্ৰকাশ কৰে।
অসমৰ সত্ৰীয়া নৃত্যক এক সুকীয়া মাত্ৰা প্ৰদান কৰাৰ ক্ষেত্ৰত জীৱন অহোপুৰুষাৰ্থ কৰা সত্ৰীয়া নৃত্যৰ গুৰু যতীন গোস্বামীদেৱৰ জন্মদিনত তেওঁলৈ যাঁচিলো আন্তৰিক শুভকামনা