অসমৰ ক্ৰীড়া প্ৰেমীসকলৰ বাবে এক সুখবৰ ৷ বি চি চি আয়ে শেহতীয়াকৈ ঘোষণা কৰা খবৰে নিসন্দেহে এক আনন্দৰ বন্যা বোৱালে অসমৰ ক্ৰীড়া প্ৰেমী সকলৰ মনত ৷
চলিত বৰ্ষৰ ২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰাত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব হাই ভল্টেজ টি-২০ মেচ ৷ বিশ্বকাপৰ পূৰ্বে ভাৰত ভ্ৰমণলৈ অহা দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটৰ দলটোৱে অসমৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰতীয় দলটোৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হ’ব ৷ভাৰতৰ তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ খেলত অংশ গ্ৰহণ কৰিব দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলটোৱে ৷
২০২০চনৰ ৫জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু শ্ৰী লংকাৰ মাজত অনুষ্ঠিত হৈছিল শেষৰখন টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ ৷
প্ৰায় দুবছৰতকৈও অধিক সময়ৰ ব্যৱধানত অসমত এখন আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হোৱাৰ খবৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়াপ্ৰেমী ৰাইজক যথেষ্ট উৎসাহিত কৰাৰ লগতে ক্ৰীড়া প্ৰেমী ৰাইজেও অসমৰ গুৱাহাটীত আৱস্থিত বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হোৱা এখন উন্নত মানৰ ক্ৰিকেট খেল উপভোগ কৰিবলৈ পাব ৷