ভাৰতীয় ৰিজাৰ্ভ বেংকে মুদ্ৰস্ফীতি নিয়ন্ত্ৰণৰ বাবে পুনৰ বৃদ্ধি কৰিছে ৰেপ’ৰেট ৷ আজি ৫০ বেছিছ পইণ্ট বৃদ্ধি কৰি ৰেপ’ৰেট ৫.৪০ শতাংশলৈ বৃদ্ধি কৰে। ২০১৯ চনৰ পিছত এয়া হৈছে সৰ্বাধিক ৰেপ’ৰেট ৷ তদুপৰি একেৰাহে চলিত বছৰত এয়া তৃতীয়বাৰৰ বাবে কৰা ৰেপ’ৰেট বৃদ্ধি।ইয়াৰ লগে লগে গৃহ ঋণ ,গাড়ীৰ ঋণ আদিৰ ই এ,ম আই পুনৰ বৃদ্ধি হোৱাটো নিশ্চিত হৈছে ৷
আজি এক সংবাদমেলত ৰিজার্ভ বেংকৰ গৱর্ণৰ শক্তিকান্ত দাসে কয় যে মুদ্ৰানীতি কমিটীয়ে উচ্চ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবলৈ মূল ৰেপ’ হাৰ ৫.৪০ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে যি কৰিব লাগে তাকে কৰিবলৈ ৰিজার্ভ বেংক সাজু বুলিও তেওঁ প্ৰকাশ কৰে ৷
আনহাতে মাৰ্কিন ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস পোৱা সন্দর্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে বিভিন্ন মুদ্ৰাৰ তুলনাত টকাৰ মূল্য এতিয়াও বহুত ভাল ৷সমান্তৰালভাৱে মুদ্ৰাস্ফীতি অতি সোনকালে হ্ৰাস পাব বুলিও তেওঁ প্ৰকাশ কৰে ৷