প্ৰতি বছৰে মহাকাশেৰে পাৰ হৈ যোৱা ধূমকেতু সমূহে মহাকাশত এৰি থৈ যোৱা ধ্বংসাৱশেষৰ এক গভীৰ পথ অতিক্ৰম কৰে পৃথিৱীয়ে। যাৰ ফলস্বৰূপে উল্কাবৃষ্টিৰ এক উজ্জ্বল শ্বাসৰুদ্ধকৰ নিশাৰ সাক্ষী হ’বলৈ সক্ষম হয় সমগ্ৰ পৃথিৱীবাসী ।
আন্তৰ্জাতিক উল্কা সংগঠনৰ মতে, ২০২২ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ উল্কা বৰষুণ হিচাপে বিবেচিত হোৱা পাৰ্চেইড উল্কাপিণ্ডৰ বৰষুণৰ এক শ্বাসৰুদ্ধকাৰী দৃশ্য অহা ১২-১৩ আগষ্টত পৃথিৱীবাসীয়ে দেখিবলৈ সক্ষম হ’ব ।উল্লেখযোগ্য যে এই পাৰ্চেইডবোৰে প্ৰতি ঘণ্টাত ১০০ তকৈও অধিক উল্কা উৎপাদন কৰে।
কেতিয়াৰ পৰা এই উল্কাবৃষ্টি আৰম্ভ হয় ?
১৯৯২ চনত চুইফট-টাটল ধুমকেতুটোৱে শেষবাৰৰ বাবে আমাৰ সৌৰজগতখন ভ্ৰমণ কৰিছিল ।অকল্পনীয় ভাৱে তাৰ পিছৰ পৰাই প্ৰতি বছৰে এই ধুমকেতুটোৱে এৰি যোৱা ধ্বংসাৱশেষবোৰে আমাৰ বায়ুমণ্ডলত প্ৰৱেশ কৰি আমাক এক সুন্দৰ মহাজাগতিক দৃশ্য উপভোগ কৰাৰ সুযোগ দিয়ে ৷
পাৰ্চেইড উল্কাবৃষ্টিৰ কাৰণ কি?
১৮৬২ চনত লুইচ চুইফট আৰু হৰেচ টাটলে আৱিষ্কাৰ কৰা ধুমকেতু চুইফ্ট টাটলে সূৰ্য্যক প্ৰদক্ষিণ কৰিবলৈ প্ৰায় ১৩৩ বছৰ সময় লাগিছিল। ইয়াৰ এটা দীঘলীয়া কক্ষপথ আছে যিবোৰ এতিয়াও ধ্বংসাৱশেষেৰে ভৰি আছে। ১৭ জুলাইৰ পৰা ২৪ আগষ্টৰ ভিতৰত যেতিয়া পৃথিৱীয়ে এই কক্ষপথ অতিক্ৰম কৰে, তেতিয়া কিছুমান উল্কাপিণ্ডৰ কিছু ডাঙৰ টুকুৰাই তীব্ৰ বেগেৰে আমাৰ বায়ুমণ্ডলত খুন্দা মাৰে আৰু বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ লগে লগে এই টুকুৰাবোৰ জ্বলি যায় আৰু শ্বুটিং ষ্টাৰ হিচাপে দেখা দিয়ে।যাৰ ফলত সৃষ্টি হয় এক অকল্পনীয় দৃশ্যৰ ৷
কিয় ইয়াক পাৰ্চেইড উল্কাবৃষ্টি বুলি কোৱা হয় ?
পাৰ্চেইডবোৰক পাৰ্চিয়াছ নক্ষত্ৰমণ্ডলৰ নামেৰে নামাকৰণ কৰা হৈছে। এইটোৱেই বিন্দু যাৰ পৰা উল্কাবোৰৰ উৎপত্তি হোৱা যেন লাগে, যাক উজ্জ্বল বুলি কোৱা হয়।
ভাৰতত কেতিয়া দৃশ্যমান হ’ব এই উল্কাবৃষ্টি ?
ভাৰতত ভাৰতীয় সময় অনুসৰি পুৱা ৬.৩০ বজাত আটাইতকৈ শক্তিশালী উল্কাবৃষ্টি হ’ব । আনহাতে তাত্ত্বিকভাৱে, পৰ্যবেক্ষণ কৰাৰ সৰ্বশ্ৰেষ্ঠ সময় হৈছে স্থানীয় সময় অনুসৰি পুৱা ৩.০০ বজাৰ পৰা ৪.০০ বজাৰ ভিতৰত।
জানিবপৰা মতে ভাৰ্চুৱেল টেলিস্কোপ প্ৰকল্পই উল্কা পাতৰ এক লাইভ ষ্ট্ৰীমিং আয়োজন কৰিছে ৷ এই উল্কাৰ বৰষুণ চাবলৈ আপোনাক দূৰবীণ বা বাইনোকুলাৰৰ প্ৰয়োজন নাই। আপুনি খালী চকুৰেই উপভোগ কৰিব পাৰিব এই বিৰল পৰিঘটনা ৷
যদি সেয়া পৰ্যাপ্ত নহয়, আপুনি ১১ আগষ্টত ভাৰতীয় সময়মতে পুৱা ৭ বজাত আৰম্ভ হোৱা ভাৰ্চুৱেল টেলিস্কোপ প্ৰকল্পৰ দ্বাৰা আয়োজিত উল্কা পাতৰ লাইভ ষ্ট্ৰীমিং চাব পাৰে।