অমলপ্ৰভা দাস অসমৰ এগৰাকী প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ গান্ধীজীৰ অহিংসা ভাৱধাৰাৰ দ্বাৰা প্ৰভাৱান্বিত হৈ দেশৰ স্বাধীনতা আন্দোলনৰ বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল।
১৯১১ চনৰ ১২ নভেম্বৰত ডিব্ৰুগড়ৰ টেকেলা গাওঁত জন্ম গ্ৰহণ কৰা অমলপ্ৰভাৰ দেউতাকৰ নাম আছিল ডা°হৰিকৃষ্ণ দাস আৰু মাকৰ নাম আছিল হেমপ্ৰভা দাস। অমলপ্ৰভাই তেওঁৰ বাল্যকালৰ শিক্ষা ডিব্ৰুগড়ৰ মডেল বালিকা স্কুলত গ্ৰহণ কৰি সেইখন স্কুলৰ পৰাই সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাত পঢ়িবলৈ যায়। কলিকতাৰ বেথুন কলেজত আই এছ চি সুখ্যাতিৰে পাছ কৰি কলিকতাৰ স্কটিছ কলেজৰ পৰা ডিষ্ট্ৰিংচনসহ ৰসায়ন বিষয়ত বিএছচি পাছ কৰে। ইয়াৰ পিছত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ১৯৩৫ চনত এম এছ চি পৰীক্ষাত উত্তীৰ্ণ হয়।
শিক্ষা শেষ হোৱাৰ পিছত অমলপ্ৰভাই চৰকাৰী চাকৰি কৰাৰ পৰিৱৰ্তে মহাত্মা গান্ধীৰ চিন্তাধাৰাৰ দ্বাৰা অনুপ্ৰাণিত হৈ দেশৰ স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ পৰিছিল।
স্বাধীনতা আন্দোলনৰ অংশ হিচাপে মহাত্মা গান্ধীয়ে সকলোকে খাদী কাপোৰ পিন্ধা , টুপী পিন্ধা , বিদেশী বস্ত্ৰ বৰ্জন কৰা , ৰাগিয়াল বস্তু বৰ্জন কৰা , সত্যাগ্ৰহী হোৱাৰ আহ্বান জনোৱা সকলো কাৰ্যসূচীতে অমলপ্ৰভাই অংশ গ্ৰহণ কৰিছিল। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনতো তেওঁ সক্ৰিয় হৈ পৰিছিল আৰু অসম প্ৰদেশ কংগ্ৰেছ মহিলা সমাতিৰ হৈ গাঁৱে গাঁৱে গৈ ভাৰত ত্যাগ আন্দোলনৰ বাণী প্ৰচাৰ কৰিছিল। ভাৰত ত্যাগ আন্দোলনত প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ বাবে জনসভাত ভাষণ দি ঘৰলৈ ঘূৰি অহাৰ সময়ত পুলিছে বাটতে আটক কৰি জেলত দিয়াত ডেৰমাহ যোৰহাটত জেল খাটিব লগীয়া হৈছিল। ইয়াৰ পিছত ১৯৪৩ চনত তেওঁক আকৌ আটক কৰি এক বছৰ ছয় মাহ জেল দিছিল।
অমলপ্ৰভা কস্তুৰবা সমিতিৰ অসম শাখাৰ সদস্যা হিচাপে কস্তুৰবা পুঁজিলৈ ধন সংগ্ৰহ কৰিছিল। তেওঁ অসম শাখাৰ কস্তুৰবা ট্ৰাষ্টৰ সদস্যা হিচাপে বহুতো কাম সম্পাদন কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁৰ চেষ্টাত এখন কস্তুৰবা গ্ৰাম বিদ্যালয় প্ৰতিষ্ঠা হৈছিল ।
অমলপ্ৰভা দাসৰ আন এটা গুৰুত্বপূৰ্ণ কাম হ’ল শ্ৰমদান আন্দোলন। তেওঁ অসমত শ্ৰমদান যাত্ৰা কৰি কঠোৰ পৰিশ্ৰম কৰিবলৈ অসমৰ জনগণৰ মাজত সজাগতা বৃদ্ধি কৰিছিল। সেইদৰে গুৱাহাটীৰ শৰণীয়াত আশ্ৰম পাতি যঁতৰত সুতা কটা , তাঁতশালত কাপোৰ বোৱা , সৰিয়হ তেল পেৰা , মৌ পালন কৰা আৰু অন্যান্য কুটীৰ শিল্পত আত্মনিয়োগ কৰাৰ ওপৰত গুৰুত্ব দিছিল। সমাজৰ দুখীয়া শ্ৰেণী লোকৰ প্ৰতি তেওঁ কেৱল সহানুভূতিশীল আছিল এনে নহয় তেওঁলোকক স্বাৱলম্বী কৰিবৰ বাবে বিভিন্ন পথ দেখুৱাই দিছিল।
অমলপ্ৰভাই স্ত্ৰী শিক্ষাৰ প্ৰচাৰৰ কাৰণে সমগ্ৰ ৰাজ্যতে পদ যাত্ৰা কৰিছিল আৰু ১৯৮৩ চনত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ প্ৰতিৰোধ কৰিবলৈ শান্তি সমাজ গঠনতো
আগভাগ লৈছিল।
অমলপ্ৰভাক তেওঁৰ কামৰ স্বীকৃতি হিচাপে ভাৰত চৰকাৰে ১৯৫৫ চনত পদ্মবিভূষণ সন্মান প্ৰদান কৰিছিল কিন্তু তেওঁ এই সন্মান লবলৈ অস্বীকাৰ কৰি মহানুভৱতাৰ পৰিচয় দিছিল।
অমলপ্ৰভা দাস বিজ্ঞান বিষয়ৰ স্নাতকত্তোৰ ডিগ্ৰী লোৱা প্ৰথম গৰাকী মহিলা। তেখেতে স্বাধীনতা আন্দোলনৰ লগত ওতঃপ্ৰোতঃ ভাৱে জড়িত হৈ দীৰ্ঘদিন ধৰি দেশসেৱা কৰি ১৯৯৪ চনৰ ৩০ ডিচেম্বৰত ইহলীলা সম্বৰণ কৰে। এগৰাকী স্বাধীনতা সংগ্ৰামী , দেশকৰ্মীৰ জীৱন অৱসান হ’ল যদিও ভাৰতবাসীয়ে আজিও তেওঁক এগৰাকী আদৰ্শ দেশপ্ৰেমী বুলি শ্ৰদ্ধাৰে স্মৰণ কৰে। নম্ৰ , বিনয়ী , দৃঢ়তাসম্পন্ন মহাত্মা গান্ধী , বিনোৱাজীৰ আদৰ্শতেই নিজক বিলীন কৰি দিয়া স্বদেশ প্ৰেমেৰে আদৰ্শ হৈ থকা স্বাধীনতা সংগ্ৰামী মহীয়ান নাৰী গৰাকী জীয়াই থাকিব প্ৰতিজনৰ হৃদয়ত যুগে যুগে।