বিজেপিৰে মিত্ৰতা ভংগ কৰি আৰজেডিৰ সৈতে চৰকাৰ গঠনৰ পাছত বিহাৰৰ নীতিশ কুমাৰ চৰকাৰৰ আজি নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰে ৷ মঙলবাৰে ৩১ জন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছে। নতুনকৈ শপত গ্ৰহণ কৰা মন্ত্ৰীসকলৰ ভিতৰত ১৬ গৰাকী লালু প্ৰসাদ যাদৱৰ নেতৃত্বাধীন আৰজেডিৰ। ইফালে নীতিশ কুমাৰৰ জেডি(ইউ)ৰ নতুন কেবিনেটত ১১ জন মন্ত্ৰী থকাৰ বিপৰীতে দুজন মন্ত্ৰী কংগ্ৰেছৰ পৰা অন্তর্ভুক্ত কৰা হৈছে । তেজস্বী যাদৱৰ ভাতৃ তথা লালু যাদৱৰ জ্যেষ্ঠ পুত্ৰ তেজপ্ৰতাপ যাদৱেও মঙলবাৰে অন্যতম মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
উল্লেখ্য যে ৰাজ্যখনৰ কেবিনেটত সৰ্বাধিক ৩৬ জন মন্ত্ৰী থাকিব পাৰে।পৰৱৰ্তী পদক্ষেপ হিচাপে মন্ত্ৰীসকলৰ মাজত দপ্তৰসমূহ বিতৰণ কৰা হ’ব ।বিগত সপ্তাহত বিজেপিৰ সৈতে মিত্ৰতা ত্যাগ কৰিছিল নীতিশ কুমাৰে ৷ বিজেপিৰ সৈতে মতানৈক্যৰ শিখৰত উপনীত হোৱাৰ লগে লগে তেওঁ ২০১৭ চনত এৰি থৈ অহা মহাগঠবন্ধনলৈ ঘূৰি আহে। ২৪৩ জনীয়া বিধানসভাত জেডি(ইউ)ৰ মুঠ আসন আছে মুঠ ৪৩খন। ইফালে আৰজেডিৰ বিধায়কৰ সংখ্যা প্ৰায় দুগুণ। বিহাৰত কেবিনেট সম্প্ৰসাৰণৰ মাজতে দিল্লীত বিজেপিয়ে ৰাজ্যৰ মূল সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ যাৰ সভাপতিত্ব কৰিব দলৰ মুৰব্বী জে পি নাড্ডাই। ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে বিৰোধীয়ে বিজেপিৰ বিৰুদ্ধে ফ্ৰণ্ট গঢ়াৰ চেষ্টা চলাই অহাৰ সময়তে বিহাৰত আৰজেডি, কংগ্ৰেছ আৰু জেডি(ইউ)ৰ পুনৰ মিলনে তাৎপর্য বহন কৰিছে ৷