শেহতীয়াকৈ বিবেক অগ্নিহোত্ৰীৰ দ্বাৰা পৰিচালিত কাশ্মীৰ ফাইলছ নামৰ ছবিখনে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰাৰ লগতে বহু সমালোচনাৰো সন্মূখীন হ’ব লগা হ’ল ৷ বৰ্তমান ‘অস্কাৰ’লৈ কাশ্মীৰ ফাইলছ’ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত সমালোচনাৰ সন্মূখীন হৈছে ‘কাশ্মীৰ ফাইলছ্’ৰ নিৰ্মাতা ৷
শেহতীয়াকৈ কানাডিয়ান চলচ্চিত্ৰ নিৰ্মাতা ডিলান মোহন গ্ৰেয়ে ক’লে যে ‘কাশ্মীৰ ফাইল্ছ’ অস্কাৰলৈ প্ৰেৰণ কৰিলে ই ভাৰতৰ বাবে লজ্জাজনক’ হ’ব ৷ চলচ্চিত্ৰ নিৰ্মাতা গৰাকীয়ে কাশ্মীৰ ফাইলছক ‘কোনো কলাত্মক গুণ নথকা আৱৰ্জনা’ বুলি অভিহিত কৰিছে ৷ ছবিখনৰ বিৰুদ্ধে অনুৰাগ কাশ্যপৰ মন্তব্যক সমালোচনা কৰি বিবেক অগ্নিহোত্ৰীৰ টুইটৰ সঁহাৰি দিছে ডিলানে ।
চলচ্চিত্ৰ নিৰ্মাতা ডিলান মোহন গ্ৰেয়ে কৈছে যে কাশ্মীৰ ফাইলছ হৈছে ‘কোনো কলাত্মক গুণ নথকা এক আৱৰ্জনা’ ৷ লগতে তেওঁ কয় যে অনুৰাগ কাশ্যপে ছবিখন এই বছৰ অস্কাৰৰ আনুষ্ঠানিক প্ৰৱেশৰ বাবে নিৰ্বাচিত নহয় বুলি কৈ তেওঁ কেৱল ভাৰতৰ বাকী থকা সুনামখিনি ৰক্ষা কৰিবলৈহে চেষ্টা কৰিছে । উল্লেখনীয় যে কানাডাৰ চলচ্চিত্ৰ নিৰ্মাতা ডিলানে ২০২০ চনত মুক্তি পোৱা নেটফ্লিক্স ডকু-চিৰিজ ‘বেড বয় বিলিয়নেয়াৰ ইণ্ডিয়া’ নিৰ্মাণ কৰিছে।
আনহাতে বিবেক অগ্নিহোত্ৰীয়ে তেওঁৰ মূল টুইটটোত লিখিছিল যে বলিউডৰ গণহত্যা-অস্বীকাৰক লবীয়ে তেওঁৰ ছবিখনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। তেওঁ অনুৰাগৰ উদ্ধৃতিৰে এটা বাতৰিৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি বুধবাৰে বিয়লি টুইট কৰি কয় যে ‘দুবাৰা’ৰ নিৰ্মাতা অনুৰাগৰ নেতৃত্বত বলীউডৰ দুষ্ট, গণহত্যা অস্বীকাৰ কৰা লবীয়ে অস্কাৰত প্ৰবেশত বাবে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিৰুদ্ধে এক অভিযান আৰম্ভ কৰিছে ।
ইফালে অনুৰাগে এই বছৰ ভাৰতৰ অস্কাৰত আনুষ্ঠানিক প্ৰৱেশৰ বাবে আৰ আৰ আৰৰ হৈ মাত মাতিছে আৰু শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে ভাৰতে প্ৰকৃততে হয়তো ফাইনেল ফাইভত মনোনয়ন লাভ কৰিব পাৰে যদিহে তেওঁলোকে বাছি লোৱা ছবিখন ‘আৰ আৰ আৰ’ হয়। কিন্তু কোনে কি ছবি বাছি ল’ব সেইটো কোনেও নাজানে৷ অৱশ্যে তেওঁ আশা কৰে যে সেই ছবিখন ‘দ্য কাশ্মীৰ ফাইলছ’ নহয়।
বিবেক অগ্নিহোত্ৰীৰ দ্বাৰা পৰিচালিত কাশ্মীৰ ফাইলছত অনুপম খেৰ, পল্লৱী যোশী, মিথুন চক্ৰৱৰ্তী আৰু দৰ্শন কুমাৰ আদি জনপ্ৰিয় অভিনেতা সকলে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। চলচ্চিত্ৰখন মিশ্ৰিত পৰ্যালোচনাৰ বাবে মুকলি হৈছে আৰু এই বছৰ শীৰ্ষ উপাৰ্জনকাৰী হিন্দী চলচ্চিত্ৰসমূহৰ ভিতৰত এখন হিচাপে আত্মপ্ৰকাশ কৰিছে। চলচ্চিত্ৰখন ১৯৮০ৰ দশকৰ শেষৰ ফালে কাশ্মীৰ উপত্যকাৰ পৰা প্ৰস্থান কৰা কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত আধাৰিত।
যদিও চলচ্চিত্ৰখনে এটা সংবেদনশীল বিষয়ৰ চিত্ৰায়নৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল আনহাতে বহুতে সকলো মুছলমান ধৰ্মাৱলম্বী লোকক আক্ৰমণকাৰী হিচাপে চিত্ৰিত কৰাৰ বাবে ছবিখনক সমালোচনা কৰিছিল।