আমি সততে কিছুমান অবাঞ্চিত প্ৰশ্নৰ সন্মুখীন হওঁ। বিয়া কেতিয়া হ’বা, ল’ৰা-ছোৱালী কেতিয়া হ’ব, চৰকাৰী চাকৰি নকৰা কিয়, ভাড়াঘৰ নে নিজৰ ঘৰ ইত্যাদি ইত্যাদি। উত্তৰ কেতিয়াবা দিব পাৰি আৰু কেতিয়াবা নোৱাৰি।
মহান দাৰ্শনিক চক্ৰেটিছেও বাটে ঘাটে মানুহক প্ৰশ্ন সুধি ফুৰিছিল। তেওঁ জানিবলৈ বিছৰা কথাবোৰ মূলতঃ জীৱন দৰ্শনৰ ওপৰত আছিল। পোনপটীয়াকৈ মানুহৰ ব্যক্তিগত কথাবোৰ নুসুধি তেওঁ সমাজ জীৱনৰ লগত জড়িত কথাবোৰ উত্থাপন কৰিছিল। তেওঁ কৈছিল যে মানুহে সদায় যিমান কথা জানে তাতকৈ বহু বেছি জনা যেন দেখুৱাই। অথচ তেওঁলোকৰ জ্ঞান তেনেই সীমিত অথবা নাথাকেই। প্ৰশ্নৰ উত্তৰ দিয়াৰ সলনি বা কোনো কথা জানিবলৈ বিছৰাৰ সলনি মানুহে নিজকে জাহিৰ কৰি ফুৰিবলৈ ভাল পায়।
মহান দাৰ্শনিক গৰাকীয়ে সুখৰ ওপৰত এলানি পৰীক্ষা আগবঢ়াইছিল। মানুহৰ লগত কথা বতৰা পাতি তেওঁ কিছু মতামত আগবঢ়াইছিল। তেওঁ কৈছিল যে মানুহৰ সুখ নিৰ্ভৰ কৰে নিজৰ প্ৰচেষ্টা আৰু জীৱন ধাৰণৰ ওপৰত। দৈনন্দিন জীৱনত প্ৰয়োজনীয় বাহ্যিক সামগ্ৰী কিছুমানে আমাৰ জীৱনলৈ সুখ কঢ়িয়াই আনিব পাৰে কিন্তু সেইয়া নিৰ্ভৰ কৰে আমাৰ মানসিকতাৰ ওপৰত।
আকাংক্ষাক যদি সংযম কৰিব পৰা যায় তেন্তে মানুহ সুখী হ’ব পাৰে! চক্ৰেটিছে মূলতঃ দুটা যুক্তিৰ ওপৰত ভিত্তি কৰি তেওঁৰ আলোচনা আগবঢ়াইছিলযে মানুহৰ সকলো কাম কাজৰ শেষ উদ্দেশ্যই হ’ল সুখী হোৱা। সকলো মানুহেই বিছাৰে সুখী হ’বলৈ। দ্বিতীয়তে সুখ পণ্য সামগ্ৰীৰ ওপৰত নিৰ্ভৰ নকৰে। বৰঞ্চ নিৰ্ভৰ কৰে সামগ্ৰী সমূহ ব্যৱহাৰ কৰা ধৰণ কৰণৰ ওপৰত।
উদাহৰণস্বৰূপে এটা বৃহৎ অট্টালিকাৰ গৰাকীজন সুখী নহ’বও পাৰে যিহেতু তেওঁ আৰু এটা অট্টালিকা নিজাকৈ ল’বলৈ চেষ্টা কৰি আছে। অথচ আটোমটোকাৰিকৈ সজাই বসবাস কৰা এটা সৰু গৃহৰ গৃহস্থজন অতি সুখী। কিয়নো তেওঁৰ নিজাকৈ এটা ঘৰ আছে। মানুহে টকা পইচা থাকিলেই সুখ আছে বুলি ভাৱে। কিন্তু চক্ৰেটিছে এই কথা নসাৎ কৰি কৈছে যে এটা নিৰ্দিষ্ট পৰিমাণৰ টকা থাকিলে এজন মানুহে নিয়াৰিকৈ এখন ঘৰ এমাহ চলাব পাৰে। অথচ সেই একেখিনি টকা আন এজন মানুহে মাত্ৰ এদিনতে খৰচ কৰি বাকী দিনকেইটা ধাৰ ঋণ কৰি চলিব লগা হ’ব পাৰে যাৰ ফলত তেওঁৰ জীৱনটো দুৰ্বিসহ হৈ পৰিব!
যিকি নহওক প্ৰায় ২৪০০ বছৰৰ আগতেও গ্ৰীক সমাজত মানুহে হয়তো ধাৰণা কৰিছিল যে অনৈতিক ভাৱে অৰ্জন কৰা সা-সম্পদেই তেওঁলোকক সুখ আৰু শান্তি দিব পাৰিব।টকা পইচা, অজস্ৰ সম্পদে মানুহক সমাজৰ শীৰ্ষ স্থান দিব! সেয়েহে হয়তো সেইসময়ৰ সামাজিক সমস্যা আৰু নৈতিকতাৰ ওপৰত ভিত্তি কৰি চক্ৰেটিচে মানুহক প্ৰশ্ন সুধি ফুৰিছিল আৰু সুখৰ বাস্তৱসন্মত মতবাদ আগবঢ়াইছিল। তেওঁক পাগল আখ্যা দিয়া হৈছিল। আচৰিত যেন লাগিলেও এইয়া সচাঁ যে বৰ্তমানৰ সমাজতো চক্ৰেটিচৰ সেইসময়ৰ যুক্তি প্ৰযোজ্য। আজিও মানুহে ধাৰণা কৰে যে নৈতিকতাতকৈ যদি অনৈতিকতাক আশ্ৰয় দিয়া হয়, আমি সফল আৰু সুখী হ’ব পাৰিম! ধনী আৰু দুখীয়াৰ তুলাচনীত সুখক জুখিবলৈ চেষ্টা কৰোঁ। কিন্তু বাস্তৱ কিছু পৃথক। চক্ৰেটিচৰ কথা আজিও সচাঁ।
সেয়েহে মানুহে ধাৰণা কৰিব নালাগে যে অবিবাহিতা মহিলাসকল দুখী বা বিবাহিত সকল সুখী! আমি ধাৰণা কৰিব নালাগে যে দামী গাড়ী আৰু সাজপোছাক মানেই সুখী আৰু তাৰ বিপৰীত হ’লেই অসুখী! আমি কোনেও ভাৱি ল’ব নালাগে যে দুখীয়া মানেই দুখী আৰু ধনী মানেই সুখী। সুখ নিৰ্ভৰ কৰে আত্মসংযমশীলতাৰ ওপৰত। নিজক সুখী কৰাৰ মন্ত্ৰ কেৱল নিজৰ হাতত থাকে। প্ৰত্যেকৰে সুখৰ চৰ্ত সমূহ সুকীয়া।
সুখৰ একান্ত চৰ্তসমূহক সন্দেহ কৰি অবাঞ্চিত প্ৰশ্নবান কৰিব নালাগে।
আচলতে বেলেগৰ সুখক লৈ আমি জাজ্মেণ্টেল হ’ব নালাগে!