পিতৃ-মাতৃৰ পাছতে আমাৰ জীৱনত আটাইতকৈ বেছি অৰিহণা থকা ব্যক্তি গৰাকীয়েই হৈছে শিক্ষক ৷ শিক্ষাৰ জৰিয়তে পোহৰৰ বাট দেখুৱাই জীৱনটোক সঠিক পথত আগবঢ়াই নিয়া পথ প্ৰদর্শক হৈছে শিক্ষাগুৰু ৷ মানৱ সম্পদ সৃষ্টিৰে এখন ভাল সমাজ গঢ়াৰ ক্ষেত্ৰত শিক্ষাগুৰুসকলৰ ভুমিকা অপৰিসীম ৷ কোনো গুৰু দক্ষিণাৰে ধাৰ সুজিব নোৱাৰা এই শিক্ষাগুৰুসকলক শ্ৰদ্ধা জ্ঞাপন কৰাৰ কোনো এটা দিন থাকিব নোৱাৰে ৷ তেওঁলোক সদায়েই আমাৰ পূজনীয়- শ্ৰদ্ধাৰ ৷ তথাপিও প্ৰতি বর্ষৰ ৫ ছেপ্তেম্ববৰৰ দিনটো আমি শিক্ষক দিৱস হিচাপে পালন কৰি আহিছো ৷
দেশৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি (১৯৫২–১৯৬২) তথা ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি (১৯৬২-১৯৬৭), পণ্ডিত, দাৰ্শনিক, ভাৰত ৰত্ন বঁটা বিজয়ী ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন উপলক্ষে শিক্ষক দিৱস পালন কৰা হয় । ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা তেওঁৰ ৭৭ সংখ্যক জন্মদিনত প্ৰথমবাৰৰ বাবে ১৯৬২ চনত শিক্ষক দিৱস পালন কৰা হৈছিল। তেওঁ এজন দাৰ্শনিক, পণ্ডিত আৰু ৰাজনীতিবিদ হিচাপে পৰিগণিত হৈছিল। মানুহৰ জীৱনত শিক্ষাৰ গুৰুত্বৰ দিশত কাম কৰাৰ বাবে তেওঁ সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল।
ৰাষ্ট্ৰীয় শিক্ষক দিৱসৰ তাৎপৰ্য্য
শিক্ষক দিৱস এনে এক অনুষ্ঠান, যি অনুষ্ঠানৰ বাবে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে সমানে আগ্ৰহেৰে বাট চাই থাকে। এই দিৱসটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এইবাবে গুৰুত্বপূৰ্ণ যে তেওঁলোকক সঠিক শিক্ষা প্ৰদানৰ বাবে শিক্ষকসকলে কৰা প্ৰচেষ্টাক বুজিবলৈ সুযোগ পায়। একেদৰে শিক্ষক দিৱস উদযাপনৰ বাবেও শিক্ষকসকলে আশাৰে বাট চাই থাকে ৷ কাৰণ তেওঁলোকৰ প্ৰচেষ্টাক ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য সংস্থাসমূহেও স্বীকৃতি আৰু সন্মান প্ৰদান কৰে।
ৰাধাকৃষ্ণণৰ দৰে শিক্ষকসকলো জাতিৰ ভৱিষ্যতৰ নিৰ্মাতা ৷তেওঁলোকে নিজৰ ছাত্ৰ-ছাত্ৰীসকলক দায়িত্বশীলভাৱে জীৱন যাপন কৰিবলৈ উপযুক্ত জ্ঞান আৰু প্ৰজ্ঞাৰে সমৃদ্ধ হোৱাটো নিশ্চিত কৰে। শিক্ষক দিৱসে আমাৰ সমাজত তেওঁলোকৰ ভূমিকা, তেওঁলোকৰ দুৰ্দশা আৰু তেওঁলোকৰ অধিকাৰৰ ওপৰত আলোকপাত কৰাত সহায় কৰে।
ৰাষ্ট্ৰীয় শিক্ষক দিৱসৰ ইতিহাস
১৯৬২ চনত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণে যেতিয়া ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল, তেতিয়া তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলে ৫ ছেপ্টেম্বৰৰ দিনটো বিশেষ দিন হিচাপে উদযাপনৰ অনুমতি বিচাৰি তেওঁৰ কাষ চাপিছিল। ড০ ৰাধাকৃষ্ণণে ইয়াৰ পৰিৱৰ্তে তেওঁলোকক ৫ ছেপ্টেম্বৰৰ দিনটো সমাজলৈ শিক্ষকসকলৰ অৱদানক স্বীকৃতি দিবলৈ শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ অনুৰোধ জনায় ৷তেতিয়াৰ পৰাই ৫ ছেপ্টেম্বৰ দিনটো সমগ্ৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহত শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয়।
ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱন
ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল তেলেগু ভাষী নিয়োগী ব্ৰাহ্মণ পৰিয়ালত ৷ পূৰ্বৰ মাদ্ৰাজ প্ৰেচিডেন্সিৰ মাদ্ৰাজ জিলাৰ তিৰুট্টানীত (পৰৱৰ্তী সময়ত ১৯৬০ চনলৈকে অন্ধ্ৰ প্ৰদেশত, বৰ্তমান ১৯৬০ চনৰ পৰা তামিলনাডুৰ তিৰুৱল্লুৰ জিলাত) তেওঁ জন্মগ্ৰহণ কৰিছিল । তেওঁৰ পিতৃ আছিল সৰ্বপল্লী বীৰস্বামী আৰু মাতৃ সীতা (সীতাম্মা)। তেওঁৰ পৰিয়ালটো অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ জিলাৰ সৰ্বপল্লী গাঁৱৰ বাসিন্দা আছিল।
বঁটা আৰু সন্মান:
ৰাধাকৃষ্ণণে জীৱনকালত কেইবাটাও বঁটা লাভ কৰিছিল ৷ ১৯৩১ চনত নাইট হুড, ১৯৫৪ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰতৰত্ন, ১৯৬৩ চনত ব্ৰিটিছ ৰয়েল অৰ্ডাৰ অৱ মেৰিটৰ সন্মানীয় সদস্যপদ আদি ৷ ভাৰতৰ বয়োজ্যেষ্ঠ লোকসকলৰ বাবে গঠন কৰা হেল্পেজ ইণ্ডিয়াৰ তেওঁ আছিল প্ৰতিষ্ঠাপক ।
শিক্ষা:
ৰাধাকৃষ্ণণে সমগ্ৰ শৈক্ষিক জীৱনত জলপানি লাভ কৰিছিল। হাইস্কুলীয়া শিক্ষাৰ বাবে তেওঁ ভেল’ৰৰ ভ’ৰহিজ কলেজত যোগদান কৰে। এফ.এ.(প্ৰথম কলা) শ্ৰেণীৰ পিছত ১৬ বছৰ বয়সতে মাদ্ৰাজ খ্ৰীষ্টান মহাবিদ্যালয়ত (মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ সৈতে জড়িত) নামভর্ত্তি কৰে ৷ এইখন মহাবিদ্যালয়ৰ পৰাই তেওঁ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে ৷
ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ কেৰিয়াৰঃ
১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি আৰু ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈ ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল দাৰ্শনিক আৰু ৰাজনীতিবিদ আছিল ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণে ৷ তেওঁ ১৯৩৯ চনৰ পৰা ১৯৪৮ চনলৈ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কার্যনিবাহ কৰিছিল ।