অত্যাধুনিকতাৰ প্ৰভাৱ পৰি আমাৰ স্বকীয় পৰম্পৰা সমূহ বিকৃত হ’বলৈ ধৰা সময়ছোৱাতে সামাজিক মাধ্যমত বহুল ভাৱে প্ৰচাৰিত হৈছে এখন বিয়াৰ নিমন্ত্ৰণী পত্ৰ ৷
প্ৰকৃতাৰ্থত চিঠিখন পঢ়িলেই গমপোৱা যায় সঁচা অৰ্থত অসমীয়া বিয়া মানে নো কি ?
সেয়েহে হয়তো সামাজিক মাধ্যম ফেচবুক যোগে নিজৰ প্ৰফাইলত বহুজনে এই নিমন্ত্ৰণী পত্ৰখন শ্বেয়াৰ কৰাৰ লগতে হোৱাটচএপ,টেলিগ্ৰাম আদিৰ যোগেদিও প্ৰচাৰিত হৈছে এই বিশেষ নিমন্ত্ৰণী পত্ৰ৷
কিন্তু কি আছে এই নিমন্ত্ৰণী পত্ৰখনত ?
সৰল অসমীয়াত লিখা এই নিমন্ত্ৰণী পত্ৰৰ যোগেদি যেন প্ৰকাশ পাইছে অসমীয়া বিবাহ পৰম্পৰাই ৷ চিঠিখন এবাৰ পঢ়াৰ পিছত বুজিব পাৰি অসমৰ বিবাহ পৰম্পৰা নো আচলতে কি ?বা আগৰ দিনত আধুনিকতাই স্পৰ্শ নকৰা অসমীয়া গাওঁসমূহত কেনেকৈ অসমীয়া ৰাইজে একগোট হৈ এক উৎসৱৰ দৰে উদযাপন কৰিছিল এই বিবাহ অনুষ্ঠান ৷ অসমৰ পৰম্পৰাগত বাচন-বৰ্তনকে আদি কৰি এখন গাঁৱৰ ৰাইজৰ ঐক্যবদ্ধ ভাৱে কৰা আনন্দ উল্লাসক প্ৰতিফলিত কৰিছে এই নিমন্ত্ৰণী পত্ৰখনে ৷
বৰ্তমান সময়ত বিয়াঘৰ সমূহৰ উশ্বৃংখল পৰিবেশ,প্ৰতিযোগিতামূলক প্ৰদৰ্শনীৰ পৰিৱৰ্তে পৰম্পৰাগত বিয়ানাম আৰু উৰুলিৰ প্ৰাসংগতিকতাক আঙুলিয়াই দিয়া এই নিমন্ত্ৰণী পত্ৰখনে সঁচাকৈয়ে অসমীয়াৰ বুকুৰ পৰা লুপ্ত হ’বলৈ ধৰা বিবাহ পৰম্পৰাকেই যেন আঙুলিয়াই দিছে ৷
পত্ৰখনত উল্লেখ কৰা মতে চলিত বৰ্ষৰ ২ অক্টোবৰত নগাঁৱৰ নসত্ৰৰ নীপা বৰা আৰু দীনেশ্বৰ বৰাৰ কন্যা ৰিকিমণি বৰাৰ সৈতে নগাঁৱৰ পকামূৰা সত্ৰৰ ললিত মেধি আৰু ৰাজুমণি মেধিৰ পুত্ৰ ঋতুৰাজৰ বিয়া ৷ সেই উপলক্ষে সাৱলীল আৰু সৰল অসমীয়াত লিখা এই নিমন্ত্ৰণী পত্ৰখনে চুই গৈছে নিজৰ জাতিক ভালপোৱা ,অসমীয়া ভাষাটোক ভালপোৱা প্ৰতিজনৰে বুকু ৷
আপুনি কি ভাৱে অথবা এই চিঠিখনৰ বিষয়ে কি ক’ব খোজে আপুনি ?
আপুনিও বাৰু যাব খোজে নিকি ঋতুৰাজ আৰু ৰিকিমণিৰ বিয়ালৈ ?