কাব্যঋষি নীলমণি ফুকনৰ আজি ওপজা দিন। ১৯৩৩ চনৰ আজিৰ দিনটোতে দেৰগাঁৱত তেওঁৰ জন্ম হৈছিল। গুৱাহাটী আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপনা কৰি অৱসৰ গ্ৰহণ কৰা নীলমণি ফুকনে ১৯৫০ চনৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰে। তেওঁ এগৰাকী কলা সমালোচক আৰু ৰূপ বৰ্ণ বাক , লোক কল্পদৃষ্টি , শিল্পকলাৰ দৰ্শন আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ। নীলমণি ফুকনৰ কাব্য গ্ৰন্থ সমূহৰ ‘ সূৰ্য হেনো নামি আহে এই নদীয়েদি ‘ , গোলাপী জামুৰ লগ্ন , নৃত্যৰতা পৃথিৱী আদি অন্যতম। ‘পাতি সোণাৰুৰ ফুল ‘ আৰু ‘পাহৰিব নোৱাৰিলোঁ যি’ তেওঁৰ আত্মজীৱনী। ১৯৮১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰা ফুকনদেবে ১৯৯০ চনত ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান লাভ কৰিবলৈ সমৰ্থ হয়। ১৯৯৭ চনত তেখেতে লাভ কৰে অসম উপত্যকা সাহিত্য বঁটা। ২০২০ চনত তেওঁ লাভ কৰে ভাৰতীয় সাহিত্য জগতৰ সৰ্বোচ্চ বঁটা জ্ঞানপীঠ বঁটা।
৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কবি নীলমণি ফুকন দেৱে ভাষণত কৈছিল—
” চকিয়াল নামৰ অখ্যাত গাঁও খনৰ পৰা হাতৰ মুঠিত জোনাকী এটালৈ তাহানিতেই গুৱাহাটী ওলাইছিলোহি। অন্তৰত বিষন্ন এক সেউজীয়া স্তব্ধতা সোণাৰুৰ অকণমান সোণ হালধীয়া লৈ গেজেপনি হাবি এখনৰ পৰা ওলাই আহিছিলোঁ। নেঘেৰেটিঙৰ শিৱদৌল , দেওপাহাৰৰ শিলামূৰ্তিবোৰ আৰু আমাৰ গাঁৱৰ কাষেৰে বৈ যোৱা গেলাবিল নামৰ ৰূপহী নৈ খনে মোৰ মন-প্ৰাণ প্ৰৱাহিত কৰি নৰখা হ’লে মই আজিৰ এই ঠাই ওলাব নোৱাৰিলো হেঁতেন। চহৰত সুদীৰ্ঘকাল কটোৱাৰ পিছতো স্মৃতি-স্বপ্ন , বিষাদ-আনন্দ হৈ সেই গাওঁ খনেই অজস্ৰ কথা সুৰ-গন্ধ-বৰ্ণ , দিন আৰু ৰাতিৰ ৰহস্যময় দৃশ্য হৈ আজিও প্ৰতিনিয়ত মোৰ মন হৃদয় আৰু কল্পনাক আলোড়িত কৰি ৰাখিছে। গাওঁখনৰ কাষেদি বৈ যোৱা বৰ্ষা-শীতৰ নৈখনৰ পাৰত থিয় হৈ আজিও যেন দূৰ দিগন্তলৈ চাইছোঁ আবেলি উৰি যোৱা চৰাইজাকৰ ফাললৈ।”
ওখ ওখ গছবোৰৰ ওপৰলে হাত মেলি দিছোঁ
নৈ-সাগৰ অৰণ্যানি পৰ্বত-পাহাৰ মৰুভূমি পাৰহৈ
ক’ৰবাৰ মানুহ গৈ কোন সুদূৰত ওলাইছোঁ গৈ।
কোনোবা জনমৰ সুহৃদ বুলি ইজনৰ পিছত সিজনক আকোৱালি লৈছোঁ
নিজকে পাহৰি গৈছোঁ, আকৌ নতুনকৈ নিজকে বিচাৰি পাইছোঁ
চিৰ’কালৰ মানুহৰ অমিত শক্তি
আশা – আকাংক্ষা
জয় -পৰাজয়ৰ গৌৰৱ -আনন্দ-গ্লানি-যন্ত্ৰণাৰ অংশীদাৰ হৈছোঁ
যেতিয়া পৃথিৱীৰ সৰ্বত্ৰ মানুহ আছে
জুই-পানী আছে
হাঁহি আৰু চকুলোৰ জোন-বেলি তৰাবোৰ অনন্ত কাল ধৰি একেখন আকাশতে জ্বলি আছে।
কবিতা ভাষা শিল্প , জীৱন শিল্পও। সমাজবোধ আৰু ইতিহাসবোধৰ পৰাই উৎসাৰিত হয় কবিতাৰ ভাষা। কিন্তু শেষত এই ভাষাৰো বন্ধন ছিঙি কবিতাই বিচাৰে অন্তহীন ব্যাপ্তি—-
” মানুহৰ তেজত
মঙহত -বতাহত-আকাশত
লিখিছোনে এনে এটা কবিতা যি বচনাতীতৰ আস্বাদ
আনন্দ ৰূপ অমৃত
নীল নিনাদি উঠা হুংকাৰ
যি জীৱনৰ প্ৰতিকল্প।”
য’ত কালাতীত মহাজীৱনৰ ধ্বনিময় -ৰূপময়-গন্ধময়-বৰ্ণময় বাণী সোণৰ সংগীত হৈ বাজি উঠিছে
গুজৰি গুমৰি মৰিছে।
বহু প্ৰস্তুতি আৰু প্ৰতিক্ষাৰ পিছত পাওঁ এটা তন্ময়ৰ মুহূৰ্ত।লিখো এটা কবিতা বা অকবিতা। তাৰ পিছত আকৌ সেই অতৃপ্তি। সেই ব্যৰ্থতাৰ ক্লেশ আৰু যন্ত্ৰণা। আকৌ সেই ৰৈ থকা আৰু সেই এজাক বৰষুণলৈ বাট চাই থকা।
মানুহক মানুহ কৰাই সকলো কলাৰ লক্ষ্য , কবিতাৰো।
জাতিৰ সম্পদ আৰু গৌৰৱ মহান কবি গৰাকীৰ ৯০ বছৰীয়া জন্মদিনত জনইছোঁ সশ্ৰদ্ধ প্ৰণাম। আজিৰ এই বিশেষ দিনটোত Voice 24×7 ৰ পৰা তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।