মেঘালয়ৰ পশ্চিম গাৰো হিলচ্ জিলাৰ আৰক্ষী অধীক্ষক জনক লগ পাইছিলো অলপ দিনৰ আগতে। বিভিন্ন কথাৰ মাজতে মই সুধিছিলো তেখেতক যে মেঘালয়ৰ চৰকাৰী বিদ্যালয় সমূহ কেনেকুৱা? অসমত দেখোন বহু বিদ্যালয় বন্ধ কৰি পেলোৱাৰ আলোচনা চলি আছে। আই.পি.এছ. বিষয়া জনে লগে লগে মোক কিছুমান ফটো দেখুৱালে। বৰ ধুনীয়া ধুনীয়া খেলা বস্তু, কিতাপ, বেগ আদি বস্তুৰে ভৰি থকা এখন বৰ ধুনীয়া বিদ্যালয়ৰ ফটো। ফুল গছেৰে ভৰি থকা বিদ্যালয় খন দেখিলেই মুখত নিজে নিজেই হাঁহি ওলাই আহিব।
তেখেতে কথা প্ৰসঙ্গত ক’লে যে মাত্ৰ ১৯ জন ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী এতিয়া ৫০ জনলৈ বৃদ্ধি হৈছেগৈ। ইয়াৰ মূলতে নতুনকৈ গঢ়ি তোলা বিদ্যালয়ৰ সুন্দৰ পৰিৱেশ আৰু ভিন্ ভিন্ খেলা বস্তুৰে ভৰি থকা বিদ্যালয় গৃহটো। পঢ়া -শুনাৰ বাহিৰেও খেলা বস্তু আৰু দেখিবলৈ এখন ধুনীয়া বিদ্যালয়ে কণ কণ ল’ৰা-ছোৱালীক বিদ্যালয়লৈ যাবলৈ আকৰ্ষিত কৰে। এই বিদ্যালয়খনলৈ আৰক্ষী অধীক্ষক জনে নিজৰ দৰমহাৰ পইচাৰে বস্তুবোৰ দিছে। আচলতে গোটেই বিদ্যালয় খনৰ দায়িত্বই তেওঁ লৈ লৈছে।
বহুতো ল’ৰা ছোৱালী এতিয়াও বিদ্যালয়ৰ পৰা বহু যোজন দূৰৈত। কেৱল দুখীয়া বুলিয়েই নহয়, বহুক্ষেত্ৰত বিদ্যলয় খনে ল’ৰা ছোৱালীক আকৰ্ষিত কৰিব নোৱাৰাৰ বাবেও বহু ল’ৰা ছোৱালী বিদ্যালয়লৈ আহিব নিবিচাৰে। সৰু সৰু ল’ৰা ছোৱালীৰ মনবোৰক আকৰ্ষিত কৰিব পৰাকৈ আমি বিদ্যালয়ৰ পৰিবেশ ৰচনা কৰিব পাৰো।
আৰক্ষী বিষয়াজনৰ আগ্ৰহ আৰু উদাৰতাই বহু ল’ৰা ছোৱালীৰ জীৱনৰ পথ সলনি কৰিব পাৰে। তেওঁকে দেখি আন আন কেইবাজনো বিষয়াইও একো
একোখন বিদ্যালয় এডপ্ত কৰিবলৈ সিদ্ধান্ত লোৱা বুলি তেওঁ জনালে। পঢ়া শুনাৰ বাহিৰেও একোটা শিশু বন্ধুতসূলভ পৰিৱেশ দিয়াটোৱেই তেওঁলোকৰ উদ্দেশ্যবুলি তেওঁ ক’লে। কথাৰ মাজতে তেওঁক ধন্যবাদ জনালো এটা বেলেগ কাৰণত। তেওঁ অসমৰ বানবিধ্বস্ত লোকলৈ এমাহৰ দৰমহা আগবঢ়াইছিল বুলি বাতৰি পাইছিলো কিছুদিন আগতে। যিকি নহওক তেওঁৰ এনেধৰণৰ কামৰ উদাহৰণে আনকো উৎসাহিত কৰিব পাৰিব।
দিল্লীৰ বিদ্যালয় সমূহত ‘হেপ্পীনেছ্ ক্লাচ’ ৰ ব্যৱস্থা কৰা হৈছে। ২০১৮ চনৰ পৰা আৰম্ভ হোৱা ‘হেপ্পীনেছ্ ক্লাচ’ সমূহ নাৰ্চাৰী ক্লাছৰ পৰা সপ্তম মান শ্ৰেণীলৈকে আছে। শিশুক বিদ্যালয়লৈ অহাৰ প্ৰতি আগ্ৰহী কৰি তোলাত এই ক্লাচ সমূহে সহায় কৰে।
অসমৰ বহু চৰকাৰী বিদালয়ৰ বহু শিক্ষকে নিজৰ সাধ্যানুসৰি বিদ্যালয় সমূহ শিক্ষাৰ্থীৰ বাবে আকৰ্ষণীয়কৈ সজাবলৈ চেষ্টা নকৰা নহয়। অন্যহাতে দুখীয়া আৰু অনাথ ল’ৰা ছোৱালীক পঢ়াই শুনাই উপযুক্ত কৰি তোলা বহু লোোক অসমত আছে। তথাপি আৰু যেন কৰিবলগা আমাৰ আছে। আৰ্থিক ভাৱে স্বচ্ছল লোকসকলে এটা দুটা ল’ৰা ছোৱালীৰ শিক্ষা বা একোখন চৰকাৰী বিদ্যালয় আকৰ্ষণীয়কৈ গঢ়ি তোলাৰ দায়িত্ব যদি ল’ব পাৰে, বহু ল’ৰা ছোৱালীৱে বিদ্যালয়লৈ যোৱাৰ পথ দেখা পাব। এই দায়িত্ব যদিওবা চৰকাৰৰ হয়, তথাপি আমিও কাৰোবাৰ জীৱনলৈ অকণমান পোহৰ অনাৰ সুবিধাকণ লোৱাত আপত্তি থাকিব পাৰে জানো! বিশেষকৈ চৰকাৰী বিদ্যালয়সমূহ য’ত সমাজৰ সকলো শ্ৰেণীৰ ল’ৰা ছোৱালী পঢ়িবলৈ যায়।
সমাজৰ শেষৰজন শিশুৱেও যাতে হাঁহি হাঁহি বিদ্যালয়লৈ যায়, তাৰবাবে চৰকাৰী বিদ্যালয়সমূহ আকৰ্ষণীয় কৈ জীয়াই ৰাখো আহক।