মালায়লম চিনেমাখনৰ নামটো পাহৰিলো। কাহিনী বৰ ধুনীয়া আছিল। এটা মধ্যবিত্ত পৰিয়ালৰ ন-বোৱাৰী গৰাকী খুব ধুনীয়া নৃত্যশিল্পী। বিয়া কৰালে এজন চৰকাৰী চাকৰি কৰা, সুন্দৰ স্বাস্থ্যৰ , ঘৰখনৰ একমাত্ৰ সন্তানক। শহু-শাহু, পতি সকলোৱে ন-কইনাক যথেষ্ট মৰম কৰে। ৰাতিপুৱা উঠি চোতাল সাৰি, গা ধুই চাহ বনোৱাৰ পৰা ৰাতি বিছনাত পৰালৈকে প্ৰত্যেক দিনা একেই ৰুটিন। ৰাতি বিছনাত পতিৰ স্পৰ্শই পুনৰ এটা নতুন দিনৰ বাবে তেখেতক সতেজ কৰি তোলে। পুৱা নতুন উদ্যমেৰে আৰম্ভ কৰে নতুন এটা দিন। দিনবোৰ লাহে লাহে একঘেয়ামি হ’বলৈ ধৰিলে তেওঁৰ বাবে। বিয়াৰ পাছতো নৃত্য কৰিম বুলি ভাৱি অহা কইনাজনীৰ কথাবোৰ পতি আৰু শহুৰেকে বৰ মৰমেৰে প্ৰত্যাখান কৰে। শাহুৱে সদায় মনেমনে কেৱল কাম কৰি থাকে।
ৰাতিৰ আহাৰ খাই পেলাই থোৱা এৰেহাখিনিৰে ভৰা দাষ্টবিন্টো চাফা কৰা,ডাইনিং টেবুলত পতি আৰু শহুৰে খাই পেলাই থৈ যোৱা মাছ-মাংসৰ হাড়, পতিয়ে অফিছৰ পৰা ঘূৰাই অনা আধা খোৱা টিফিনটোৰ গোন্ধাই থকা এৰেহা আদিবোৰ দিনটো চাফা কৰি থকাৰ পাছত ৰাতিলৈ গিৰিয়েকৰ স্পৰ্শই অন্তৰখন চুব নোৱাৰা হ’লগৈ। নৃত্য কৰাৰ কথা বাদেই, বহুদিনৰ পৰা পাকঘৰৰ বেচিনটোৰে টুপ টুপকৈ বাচন ধোৱা পানীবোৰ পৰি মজিয়াখন লেতেৰা কৰা কথাটোও স্বামীয়ে আওকাণ কৰে। প্লাম্বাৰ এজন মাতিবলৈ সদায় কোৱাৰ পাছতো তেওঁ পাহৰি যায়। মুঠতে ঘৰখনত দুজন পুৰুষৰ অৱস্থিতিয়ে আন এগৰাকী মহিলাক পৰিচয়বিহীন কৰি থয়। তেওঁৰ বিৰক্তি আৰম্ভ হ’বলৈ ধৰিলে। এদিন ঘৰ এৰি গুছি যাবলৈ বাধ্য হ’ল কইনাজনী।
মোৰ বান্ধবী এগৰাকী আছে। বহুদিনীয়া বন্ধুত্ব যদিও আমি ফোনত বৰ কমকৈহে কথা পাঁতো। তাইৰ সন্তান নাই, আচলতে জন্ম দিবই নিবিচাৰিলে। তাইৰ যুক্তি যে সন্তানটিৰ যত্ন ল’ব পৰাকৈ তাইৰ পতি সিমান স্পৰ্শকাতৰ নহয়। তেওঁ দায়িত্ব ল’ব নোৱাৰাৰ কথা জনাই দিছে। তাইও সন্তান আৰু পতি দুয়োৰে দায়িত্ব ল’ব পৰাকৈ মানসিকভাৱে প্ৰস্তুত নহয়।
তেওঁলোকৰ বয়স বৰ্তমান ৫০ৰ উৰ্ধত। দুয়ো এজনে আনজনক সাংঘাটিক ভাল পাই, অথচ একেলগে থাকিলেই কাজিয়া হয়।
কাজিয়াৰ কাৰণবোৰ দেখাত সৰু সৰু। উদাহৰণস্বৰূপে এজনে আনজনৰ পঢ়াৰ টেবুলখন চুলে বেয়া পাই, কাপোৰত হাত দিলে জাঙুৰ খাই উঠে, চেন্দেল -জোতা ইফাল সিফাল হ’বই নোৱাৰে মুঠতে একেটা কোঠাতে থকাৰ পিছতো দুয়োজনৰ অভ্যাসৰ মিল নথকাত পাছলৈ দুয়োজনে পৃথককৈ থাকিবলৈ ল’লে।
স্নাতকোত্তৰ শেষৰ বৰ্ষত ডিৰ্চাটেছ্ন লিখিবলৈ মই বাছি লোৱা বিষয়টো আছিল “গাৰ্হস্থ্য হিংসা আৰু ইয়াৰ কাৰণসমূহ”। প্ৰাথমিক তথ্যৰ বাহিৰেও চেক’ণ্ডেৰী তথ্য লৈ থেছিছ খন লিখোতে সাংঘাটিক তথ্য কিছুমান পাইছিলো। পত্নীয়ে বাৰে বাৰে নিজৰ চুলিখিনি ফনিয়াই থকা কাৰ্যও বিবাহ বিচ্ছেদৰ কাৰণ হ’ব পাৰে। মদ, অবৈধ সম্পৰ্ক, টকা পইচা আদি গাৰ্হস্থ হিংসাৰ প্ৰত্যক্ষ কাৰণ হয় যদিও প্ৰকৃতাৰ্থত পতি-পত্নীয়ে এজনে আনজনক লৈ এটা সময়ত বিৰক্ত হৈ পৰে। সৰু সৰু কিছুমান ভাল নলগা অভ্যাস বিৰক্তিৰ কাৰণ হ’ব পাৰে। অত্যাধিক কথা কোৱা বা একেবাৰে কমকৈ কোৱা, নৃত্যকৰ্ম কৰি গা নোধোৱা, একেটা অন্তৰ্বাস দুই তিনিদিন ধৰি পিন্ধি থকা, অত্যাধিক মেক্ আপ্ কৰা, ডাঙৰকৈ হঁহা, ভাতৰ টেবুলত অতি লেতেৰাকৈ ভাত খোৱা আদি অভ্যাসে পতি পত্নীৰ মাজত বিৰক্তিৰ সৃষ্টি কৰিব পাৰে। অত্যাধিক টিভি বা মোবাইলৰ আসক্তি বৰ্তমান সময়ৰ অন্য এক বিৰক্তিৰ কাৰণ হৈ পৰিছে।
বহু মৰম আৰু বিশ্বাসেৰে ভৰা পতি পত্নীৰ সম্পৰ্ক একোটা ভাঙি যায় কেৱল বিৰক্তিৰ বাবেই। এটা অতি স্পৰ্শকাতৰ সম্পৰ্ক হিচাপে পতি -পত্নীৰ সম্পৰ্কটোত আচলতে বিশ্লেষণ আৰু মেৰামতিৰ প্ৰয়োজন। সময়ে সময়ে নিজক প্ৰশ্ন কৰা উচিত যে মই মোৰ জীৱনৰ সহযাত্ৰী জনৰ জীৱন যাপনত কিবা অসুবিধা দিছো নেকি! প্ৰত্যেক জন ব্যক্তিৰে কিছুমান স্বতন্ত্ৰ ভাৱবিলাস থাকে। পতি -পত্নী হ’লেও এজনে আনজনৰ সেই স্বতন্ত্ৰতাক শ্ৰদ্ধা দিবই লাগে। সম্পৰ্কটো সুস্থিৰ কৰি ৰাখিবলৈ ইজনে আনজনক অলপ স্পেচ দিয়াটো প্ৰয়োজন। We should be co existed but should not be co dependent.
জীৱনটোত একেলগে আগবাঢ়ি যোৱাৰ সিন্ধান্তৰ সামাজিক প্ৰকাশেই হ’ল বিয়া। বিয়াই এজনৰ জীৱনলৈ আন এজন সংগীক আমন্ত্ৰণ জনায়।
একেটা ঘৰতে দুজন ভিন্ন চিন্তা আৰু ভিন্ন স্বভাৱৰ মানুহ একেলগে বাস কৰাতো বৰ সহজ কথা নহয়। এই যাত্ৰাৰ শেষলৈ মৰম, ভালপোৱা, শাৰিৰীক আকৰ্ষণ সকলো শেষ হৈ এটা সময়ত জীৱনটো নৰক সদৃশ হৈ পৰিব পাৰে। যদিহে সম্পৰ্কটোত সন্মান নাথাকে। সন্মান মানে এজনে আনজনৰ প্ৰতিটো কথা বিনাপ্ৰতিবাদেৰে মানি লোৱা নহয়। সন্মান মানে এজনে আনজনৰ কথা শুনা, বুজি পোৱা বা গুৰুত্বসহকাৰে চিন্তা কৰা।
তেজ মঙহৰ সম্পৰ্কতকৈও গাঢ় হৈ পৰা পতি পত্নীৰ সম্পৰ্কবোৰ ভাঙি গ’লে বৰ দুখ লাগে। দুয়োয়ে বিছাৰে দুয়োকে। কিন্তু ঘৃণা, বিৰক্তি আৰু অশ্ৰদ্ধাই বাধ্য কৰে এজনে আনজনক এৰি যাবলৈ।
গছপুলি এটাক সাৰপানী দি ডাঙৰ দীঘল কৰা দৰেই আমি আমাৰ সম্পৰ্কবোৰকো সময়, শ্ৰদ্ধা, গুৰুত্ব আৰু সতৰ্কতাৰ মাজেৰে জীয়াই ৰাখিব লাগিব।ভাগি যোৱা সম্পৰ্কই অতীতৰ এসোপা মূল্যবান সময়ক নিঃচিহ্ন কৰে মাথো!