এ ললিতা –ভাৰতৰ প্ৰথম মহিলা অভিযন্তা আছিল এ ললিতা। ১৫ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হোৱা ললিতাৰ ১৮ বছৰ বয়সৰ পৰাই বৈধব্যৰ জীৱন আৰম্ভ হৈছিল । আনহাতে এই বয়সতে তেওঁ এগৰাকী মাতৃও হৈছিল। পঢ়াশুনাত ভাল ললিতাৰ পিতৃ এজন বৈদ্যুতিক অভিযন্তা আছিল। তেওঁৰ দেউতাকে তেওঁক অধিক পঢ়াৰ বাবে অনুপ্ৰাণিত কৰিছিল। যাৰ বাবে তেওঁ অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিল। সেই সময়লৈকে পুৰুষৰ আধিপত্য থকা এই ক্ষেত্ৰত কোনো মহিলাই অভিযান্ত্ৰিক ক্ষেত্ৰত ভৰি দিয়া নাছিল। তেওঁৰ লক্ষ্য আছিল বৈদ্যুতিক অভিযন্তা হোৱা।অৱশেষত তেওঁ কঠোৰ পৰিশ্ৰম কৰি লক্ষত উপণীত হৈছিল আৰু ভাৰতৰ প্ৰথম মহিলা অভিযন্তা ৰূপে স্বীকৃতি লাভ কৰিছিল। তেওঁৰ এই পদক্ষেপৰ পিছত মহিলাসকলৰ বাবে অভিযান্ত্ৰিক বিদ্যাত প্ৰৱেশ কৰাৰ দুৱাৰ মুকলি হয়।
পি.কে. থেৰেচিয়া –পিকে থেৰেচিয়া প্ৰথম মহিলা অভিযান্ত্ৰিক স্নাতক আছিল। তেওঁ সদায় এগৰাকী মেধাৱী ছাত্ৰী আছিল আৰু তেওঁৰ দেউতাকে তেওঁক অভিযান্ত্ৰিক বিদ্যা গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁৰ দেউতাকে তেওঁক ভাৰতৰ একমাত্ৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল। অৱশ্যে, তেওঁ আৰু লীলাম্মাই এ ললিতাৰ এবছৰ পিছত মহাবিদ্যালয়ত যোগদান কৰিছিল। সমগ্ৰ এছিয়াত ৰাজ্যখনৰ ৰাজহুৱা নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা হিচাপে এতিয়াও একমাত্ৰ মহিলা হিচাপে জনাজাত থেৰেচিয়া ।
লীলাম্মা (জৰ্জ) কোশী –লীল্লাম্মাই মাত্ৰ ১৯ বছৰ বয়সত চিইজিৰ পৰা অসামৰিক অভিযান্ত্ৰিক বিদ্যাত ডিগ্ৰী লাভ কৰিছিল। তেওঁ ভাৰতৰ প্ৰথম তিনিগৰাকী মহিলা অভিযন্তাৰ ভিতৰত এগৰাকী আছিল। তেওঁ ১৪ বছৰ বয়সত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। ১৬ বছৰ বয়সত, লীলাম্মাই অভিযান্ত্ৰিক ক্ষেত্ৰত প্ৰৱেশ কৰিছিল আৰু ৰাজহুৱা নিৰ্মাণ বিভাগত কনিষ্ঠ অভিযন্তা হিচাপে কাম কৰিছিল। ট্ৰাভাঙ্কোৰৰ ৰাণীয়ে লীলাম্মাক প্ৰশংসা কৰিছিল আৰু তেওঁক ৰাজ্যখনৰ মহিলাসকলক অনুপ্ৰাণিত কৰিবলৈ কৈছিল। তেওঁ ১৯৪৭ চনত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতাৰ দিশে আগবঢ়াৰ সময়তে তেওঁ ভাৰতলৈ উভতি আহিছিল । তেওঁ তেওঁৰ স্বামীৰ সৈতে ত্ৰিবান্দ্ৰমলৈ স্থানান্তৰিত হৈছিল, য’ত তেওঁ পিডব্লিউডিৰ সহকাৰী মুখ্য অভিযন্তা হিচাপে কাম কৰিছিল।
ৰাজেশ্বৰী চেটাৰ্জী –কৰ্ণাটকৰ প্ৰথম মহিলা অভিযন্তা ৰাজেশ্বৰী চেটাৰ্জীক দেশৰ বাহিৰত অধ্যয়ন কৰা প্ৰথম মহিলাসকলৰ ভিতৰত এগৰাকী বুলিও জনা যায়। তেওঁ পদাৰ্থ বিজ্ঞান আৰু গণিতৰ ক্ষেত্ৰত আগ্ৰহী আছিল। আমেৰিকা ভ্ৰমণ কৰাৰ পিছত, তেওঁ বৈদ্যুতিক অভিযান্ত্ৰিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু কেইবছৰমানপিছত পিএইচডি ডিগ্ৰী লাভ কৰে। ভাৰতলৈ উভতি অহাৰ পিছত, তেওঁ এগৰাকী শিক্ষয়িত্ৰী হ’বলৈ আৰু তেওঁৰ লিখনি আৰু শিক্ষাৰ্থীসকলৰ জৰিয়তে জ্ঞান বিলাবলৈ বিচাৰিছিল তেওঁ । এই লক্ষ্যত উপণীত হ’বলৈ তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত অধ্যাপক হিচাপে আবেদন কৰিছিল। যি তেওঁক তেওঁৰ বিভাগৰ একমাত্ৰ মহিলা অধ্যাপক কৰি তুলিছিল।
ৰাজ্যলক্ষ্মী –ভাৰতত দূৰসংযোগ অভিযান্ত্ৰিকৰ ক্ষেত্ৰখন ১৯৪৫ চনত আৰম্ভ হৈছিল। টেলিকমৰ প্ৰথম দলটোত একমাত্ৰ ৰাজ্যলক্ষ্মীৰ বাহিৰে আন সকলো পুৰুষ আছিল। ৰাজ্যলক্ষ্মীয়ে অভিযান্ত্ৰিক ডিগ্ৰীৰ বাবে চিইজিত নামভৰ্তি কৰিছিল। তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ত কৰ্মজীৱন আৰম্ভ কৰিছিল। আনহাতে তেওঁ তেওঁৰ কেৰিয়াৰত মনোনিবেশ কৰিবলৈ সমগ্ৰ দেশ ভ্ৰমণ কৰিছিল।
সুধীৰা দাস-সুধীৰা দাসৰ জন্ম হৈছিল ১৯৩২ চনৰ ৮ মাৰ্চত। তেওঁ এগৰাকী ভাৰতীয় অভিযন্তা আছিল লগতে আছিল উৰিষ্যাৰ প্ৰথম মহিলা অভিযন্তা। তেওঁ এনে এটা সময়ত অভিযন্তা হৈছিল যেতিয়া ভাৰতত মহিলাসকলৰ বাবে শিক্ষা নিষিদ্ধ আছিল। ১৯৩২ চনৰ ৮ মাৰ্চ তাৰিখে উৰিষ্যাৰ কটকত এক অভিজাত পৰিয়ালত তেওঁৰ জন্ম হৈছিল। তেওঁ সৰুৰে পৰা গণিতৰ প্ৰতি অনুৰাগী আছিল। ১৯৫১ চনত ৰেনশ্ব’ মহাবিদ্যালয়ৰ পৰা বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ১৯৫৬ চনত কলিকতাৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়ত ৰেডিঅ’ পদাৰ্থ বিজ্ঞান আৰু ইলেক্ট্ৰনিকছত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে যোগদান কৰে। এমএছচি ডিগ্ৰী লাভ কৰাৰ পিছত দাসে ১৯৫৭ চনত গণিত বিভাগৰ প্ৰবক্তা হিচাপে বঢ়মপুৰ অভিযান্ত্ৰিক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে। পিছলৈ তেওঁ মহিলা পলিটেকনিক, ৰাউৰকেলাৰ অধ্যক্ষ হয়। ২০১৫ চনৰ ৩০ অক্টোবৰত ৮৩ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।
কল্পনা চাওলা-কল্পনা চাওলাৰ জন্ম হয় ১৯৬২ চনৰ ১৭ মাৰ্চত ভাৰতৰ কৰ্ণালত । কল্পনাই ভাৰতৰ পঞ্জাৱ অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু ১৯৮২ চনত এৰোনটিকেল ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰমত স্নাতক ডিগ্ৰী লাভ কৰিছিল। আনহাতে ১৯৮৪ চনত টেক্সাছ বিশ্ববিদ্যালয়ত এৰোস্পেচ ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ ১৯৮৮ চনত কলোৰাডো বিশ্ববিদ্যালয়ৰ পৰা এৰোস্পেচ ইঞ্জিনিয়াৰিৃত ডক্টৰ অফ ফিলছফী ডিগ্ৰী সম্পূৰ্ণ কৰে। এৰোবেটিক আৰু টেইল-হুইল এয়াৰপ্লেন উৰোৱাৰ উপৰিও, কল্পনাৰ অন্যান্য আগ্ৰহ আছিল হাইকিং, বেকপেকিং আৰু পঢ়া। তেওঁ তিনি/চাৰি বছৰ বয়সতে প্ৰথমবাৰৰ বাবে ঘৰৰ ওপৰেৰে এখন বিমান উৰি থকা দেখি তেতিয়াৰ পৰাই এখন বিমান উৰোৱাৰ সিদ্ধান্ত লৈছিল। ২০০৩ চনৰ ০১ ফেব্ৰুৱাৰীত পৃথিৱীলৈ ঘূৰি অহাৰ সময়ত স্পেচ শ্বাটল কলম্বিয়া দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত তেওঁৰ মৃত্যু হয়।
সুধা মূৰ্তি – এইগৰাকী অভিযন্তা সুধা মূৰ্তিৰ জন্ম হৈছিল ১৯৫০ চনৰ ১৯ আগষ্টত। তেওঁ আছিল এজন শিক্ষক, লেখক আৰু অভিযন্তা । আনহাতে ইনফোচিছ ফাউণ্ডেচনৰ অধ্যক্ষ আছিল তেওঁ । তেওঁ ইনফোচিছৰ সহ-প্ৰতিষ্ঠাপক এন আৰ নাৰায়ণ মূৰ্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ২০০৬ চনত ভাৰত চৰকাৰে সামাজিক কামৰ বাবে মূৰ্তিক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী বঁটা প্ৰদান কৰে। সুধা মূৰ্তিয়ে কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিদ্যাত তেওঁৰ পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ ইনফোচিছ ফাউণ্ডেচনৰ অধ্যক্ষ আৰু গেটছ ফাউণ্ডেচনৰ ৰাজহুৱা স্বাস্থ্য সেৱা উদ্যোগৰ সদস্য। তেওঁ কেইবাখনো অনাথ আশ্ৰম স্থাপন কৰাৰ লগতে গ্ৰাম্য উন্নয়নৰ প্ৰচেষ্টাতো অংশগ্ৰহণ কৰিছে ৷ আনহাতে কৰ্ণাটকৰ সকলো চৰকাৰী বিদ্যালয়ক কম্পিউটাৰ আৰু পুথিভঁৰালৰ সুবিধা প্ৰদান কৰাৰ আন্দোলনতো সমৰ্থন জনাইছে তেওঁ । সুধা মূৰ্তি ভাৰতৰ সৰ্ববৃহৎ অটো নিৰ্মাতা টাটা ইঞ্জিনিয়াৰিং এণ্ড লোকোমোটিভ কোম্পানী (টেলকো)ত নিযুক্ত হোৱা প্ৰথম গৰাকী মহিলা অভিযন্তা ।