সম্পর্কত ফাট মেলিছে গায়িকা ছাকিৰা আৰু স্পেইনৰ ফুটবল খেলুৱৈ জেৰাৰ্ড পিকৰ ৷ দুয়ো গৰাকী তাৰকাৰ মাজৰ সম্পর্ক চ্ছেদ হোৱাৰ কথা আনুষ্ঠানিকভাৱে সদৰী কৰিছে ‘পপ কুইন’ ছাকিৰাই ৷ ইয়াৰ লগে লগে তেওঁলোকৰ ১১ বছৰীয়া সর্ম্কৰ ওৰ পৰিল ৷ ছাকিৰৰা আৰু জেৰার্ডৰ আছে দুটা পুত্ৰ সন্তান ৷ অৱশ্যে চলিত বৰ্ষৰ জুন মাহতে দম্পতীহালে বিচ্ছেদৰ কথা ঘোষণা কৰিছিল।
এখন বার্তালোচনীত দিয়া সাক্ষাৎকাৰত তেও কয় “মই নিৰৱে আছো আৰু এই সকলো প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ চেষ্টা কৰিছো। ইয়াৰ বিষয়ে কোৱাটো কঠিন, বিশেষকৈ মই এতিয়াও কঠিন সময়ৰ মাজেৰে সময় অতিবাহিত কৰিছো ৷ জনসাধাৰণে আমালৈ চাই আছে ৷আমাৰ বিচ্ছেদ নিয়মীয়া বিচ্ছেদৰ দৰে নহয়। সেয়েহে ই কেৱল মোৰ বাবেই নহয়, মোৰ ল’ৰা-ছোৱালীৰ বাবেও কঠিন হৈ পৰিছে। অবিশ্বাস্যভাৱে কঠিন।”
তেওঁ অৱশ্যে বিবাহ বিচ্ছেদ আৰু সংবাদ মাধ্যমৰ বাতৰিৰ পৰা নিজৰ সন্তানক আঁতৰাই ৰাখিবলৈ সকলো প্ৰচেষ্টা হাতত লৈছে। ছাকিৰাই কয় -” মোৰ ঘৰৰ সন্মুখত অনবৰতে পাপাৰাজী ৰৈ আছে। আৰু মোৰ ল’ৰা-ছোৱালীৰ সৈতে তেওঁলোকৰ পৰা লুকাই থাকিব পৰা ঠাই মোৰ নিজৰ ঘৰৰ বাহিৰে বেলেগত নাই । আমি বেলেগ পৰিয়ালৰ দৰে পার্কলৈ খোজ কাঢ়িবলৈ ওলাই যাব নোৱাৰো বা আইচক্ৰীম খাবলৈ যানব নোৱাৰো ৷ এয়া অত্যন্ত কঠিন।’
লেটিন পপ সংগীত আৰু নৃত্যৰ স্বকীয় সংমিশ্ৰণেৰে বিশ্বব্যাপী পপ তাৰকা গৰাকীয়ে সংগীত উদ্যোগত এক নতুন ধাৰাৰ সূচনা কৰি অত্যন্তজনপ্ৰিয়তা লাভ কৰিছিল ৷