গান্ধী পৰিয়ালৰ বাহিৰৰ পৰা কংগ্ৰেছৰ পৰৱর্তী সভাপতি নির্বাচিত হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে ৷ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে স্পষ্ট কৰি দিছে যে গান্ধী পৰিয়ালৰ পৰা কোনো ব্যক্তি পৰৱর্তী সভাপতি হোৱাটো উচিত নহয় ৷ এই কথা প্ৰকাশ কৰিছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অশোক গেহলটে ৷ শুকুৰবাৰে গেহলটে নিশ্চিত কৰে যে তেওঁ দলৰ শীৰ্ষ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা তেওঁ কয় – “মই কংগ্ৰেছ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিম। অতি সোনকালে মনোনয়ন দাখিল কৰিম । দেশৰ বর্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিৰোধী দল শক্তিশালী হোৱাৰ প্ৰয়োজন ৷ মই তেওঁক কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক একাধিকবাৰ কংগ্ৰেছৰ সভাপতি হোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছো । কিন্তু তেওঁ স্পষ্টকৈ কৈছিল যে গান্ধী পৰিয়ালৰ কোনো লোক পৰৱৰ্তী মুৰব্বী হ’ব নালাগে।”
গেহলটে কংগ্ৰেছৰ সভাপতি পদৰ নির্বাচনত অৱতীর্ণ হোৱাটো নিশ্চিত হোৱাৰ লগে লগে ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ আসনত তেওঁ অধিষ্ঠিত হৈ থাকিব নে নাথাকে তাক লৈ অনিশ্চয়তাৰ সৃষ্টি কৰিছে ৷
কিয়নো কংগ্ৰেছৰ চিন্তন শিৱিৰৰ সিদ্ধান্ত অনুসৰি প্ৰবীণ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰীৰ আসন খালী কৰিবলগীয়া হ’ব পাৰে ৷ কিয়নো চিন্তন শিৱিৰত “এটা দল, এটা পদ” নীতি গ্ৰহণ কৰা হৈছিল ৷ অৱশ্যে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব নেকি বুলি সোধাত কংগ্ৰেছ নেতাগৰাকীয়ে পুনৰ কয় যে দলৰ মুৰব্বীসকলে মুখ্যমন্ত্ৰী হিচাপে কার্যনিবাহ কৰি নাথাকে। তেওঁ লগতে কয় যে যদি তেওঁ দলৰ মুৰব্বী হয় তেন্তে পৰৱৰ্তী কাৰ্য্যবিধিৰ সিদ্ধান্ত কংগ্ৰেছৰ সাধাৰণ সম্পাদক অজয় মাকেন আৰু ছোনিয়া গান্ধীয়ে ল’ব।
কংগ্ৰেছে নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰাৰ এদিন পিছতে এই নিশ্চিতকৰণ কৰা হৈছে। গেহলট আৰু শশী থাৰুৰ নিৰ্বাচনত মুখামুখি হ’বলৈ সাজু হৈছে। কংগ্ৰেছৰ অন্তৱৰ্তীকালীন মুৰব্বী ছোনিয়া গান্ধীয়ে আগন্তুক নিৰ্বাচনত কোনো পক্ষ গ্ৰহণ নকৰে বুলি কোৱাৰ বিপৰীতে ৰাহুল গান্ধীয়ে দলৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছুকসকলক সোঁৱৰাই দিয়ে যে এই পদটো কেৱল সাংগঠনিক নহয়, “মতাদৰ্শগত”ও ৷