উৎসৱৰ ঋতু শৰৎ। শৰতৰ শুভ ক্ষণতে শেৱালিৰ সুৱাসে মত্যলৈ আদৰণি জনাই সৰগৰ দেৱী-দেৱতাক। মহিষাসুৰ নিধনৰ বাবে মত্যলৈ নামি অহা দুৰ্গাৰূপী ভগৱতী গোসাঁনীক শুভ্ৰ শেৱালিয়ে দলিচা পাৰি আদৰণি জনাইছে।
সমগ্ৰ দেৱতাৰ তেজ একত্ৰিত কৰি অসুৰ নিধনৰ কাৰণে যি দেৱীৰ জন্ম হৈছিল , সেৱাই দশভূজা দুৰ্গাদেৱী। দুৰ্গাদেৱীৰ পূজা-অৰ্চনা সত্য যুগৰ পৰাই প্ৰচলন আছিল। সত্য যুগত ৰজা সুৰথে বসন্ত কালত দুৰ্গা দেৱীৰ পূজা-অৰ্চনা কৰি ইহকাল আৰু পৰকালত পৰম সুখেৰে ৰাজ্যভোগ কৰিছিল। কালিকা পুৰাণে কন্যা ৰাশিত অৰ্থাৎ শৰৎ কালত দুৰ্গা পূজাৰ কথা উল্লেখ কৰিছে। শ্ৰী ৰামচন্দ্ৰই ৰাৱনৰ কৱলৰ পৰা সীতা উদ্ধাৰৰ কাৰণে ঘোৰ তপস্যাৰ বলেৰে অকালবোধন কৰি অৰ্থাৎ দেৱীক অসময়ত জাগ্ৰত কৰি পূজা পাতি সফলতা লাভ কৰিছিল। সেই অনুসৰি আজিও মত্যবাসীয়ে আহিন বা কাতি মাহৰ শুক্লা অষ্টমীত দুৰ্গা পূজা পালন কৰি আহিছে।
আহিন মাহৰ চতুৰ্দশী তিথিৰ পৰা নৱমীৰ দিনালৈকে দেৱী মহামায়াই যি ন টা ৰূপ ধাৰণ কৰে তাকে নৱদুৰ্গা বুলি অভিহিত কৰা হয়।
আজি নৱদুৰ্গাৰ প্ৰথমটো পূজা। জগতৰ আদ্যাশক্তি মা মহামায়াৰ ন টা ৰূপৰ প্ৰথমটো হ’ল “শৈলপুত্ৰী”। পৰ্বতৰাজ হিমালয়ৰ গৃহত জন্মলাভ কৰাৰ কাৰণে দেৱীৰ নাম হয় শৈলপুত্ৰী। এই ৰূপত দেৱী দুৰ্গাই দক্ষিণ বাহুত ত্ৰিশূল আৰু বাওঁ বাহুত পদুম ফুল ধাৰণ কৰে। এই ৰূপত মা আদ্যাশক্তি বৃষভৰ ওপৰত আৰোহন কৰা দেখা যায়।
পূৰ্ব জন্মত শৈলপুত্ৰী ব্ৰহ্মাৰ পুত্ৰ দক্ষ প্ৰজাপতিৰ কন্যা আছিল। দক্ষৰ জীয়ৰী সতীৰ বিবাহ হৈছিল দেৱাদিদেৱ মহাদেৱৰ লগত। এবাৰ দক্ষই আয়োজন কৰা বিশাল সভাত সতী আৰু শিৱক আমন্ত্ৰণ কৰা নাছিল। শিৱই বাৰে বাৰে সতীক যজ্ঞলৈ যাব বাধা কৰা স্বত্বেও সতী পিতৃ গৃহলৈ গ’ল আৰু যজ্ঞস্থলীত শিৱৰ নিন্দা শুনিবলৈ পাই সতী দুখত ভাগি পৰিল। স্বয়ং পিতৃৰ মুখতো স্বামী নিন্দা শুনিবলৈ পাই সতীয়ে সহ্য কৰিব নোৱাৰিলে আৰু যোগাগ্নিৰ সহায়ত যজ্ঞস্থলীতে প্ৰাণ আহুতি দিলে।
আদ্যাশক্তি সতীয়ে যোগাগ্নিৰ জৰিয়তে ভষ্মীভূত হৈ পৰজনমত শৈলৰাজ হিমালয়ৰ কন্যাৰূপে জন্ম গ্ৰহণ কৰে আৰু জগতত শৈলপুত্ৰী নামে পৰিচিত হয়। নৱদুৰ্গাৰ প্ৰথম ৰূপ শৈলপুত্ৰী দুৰ্গাৰ মহত্ব আৰু শক্তি অপৰিসীম । নৱৰাত্ৰিৰ প্ৰথমদিনা এইগৰাকী দেৱীৰ পূজা-আৰাধনা কৰা হয়।