দাক্ষিণাত্যৰ ছবিজগতৰ ছুপাৰষ্টাৰ মহেশ বাবুৰ মাতৃ ইন্দিৰা দেৱীৰ আজি বিয়গ ঘটে ৷ অসুস্থতাৰ বাবে বুধবাৰে হায়দৰাবাদত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ ৷
ইন্দিৰা দেৱীৰ কন্যা তথা চলচ্চিত্ৰ প্ৰযোজক মঞ্জুলা ঘটমাণেনীয়ে ইনষ্টাগ্ৰামত মাতৃৰ বাবে এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰি কয় – “প্ৰিয় মা, আপুনি মোৰ প্ৰথম গুৰু, মোৰ ভেটি আৰু মোৰ হৃদয়। আপোনাৰৰ ভালপোৱাই মোক সুৰক্ষা দি আহিছে। অপুনিয়েই মোৰ জীৱনতআটাইতকৈ প্ৰভাৱ পেলোৱা ব্যক্তি । আমাৰ শৈশৱৰ এটাও দিন নাই য’ত আমি তেওঁৰ উপস্থিতি পোৱা নাছিলো তেওঁৰ সংস্পৰ্শলৈ অহা যিকোনো ব্যক্তিয়েই তেওঁৰ মৰম অনুভৱ কৰে। আমি আপোনাক আমাৰ মাতৃ হিচাপে পাই ধন্য আৰু আপুনি আমাৰ বাবে কৰা সকলো কামৰ বাবে আমি আপোনাৰ ওচৰত ঋণী।”
ছুপাৰষ্টাৰ গৰাকীৰ মাতৃৰ বিয়োগত দাক্ষিণাত্যৰ কেইবা গৰাকীও তাৰকাই শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা প্ৰকাশ কৰিছে ৷ ইন্দিৰা দেৱীয়ে ইহসংসাৰত কন্যা পদ্মাৱতী, মঞ্জুলা, প্ৰিয়দৰ্শিনী আৰু পুত্ৰ মহেশ বাবুক ইহসংসাৰত এৰি থৈ যায়। চলিত বৰ্ষৰ জানুৱাৰী মাহত তেওঁৰ ডাঙৰ পুত্ৰ ৰমেশ বাবুৰ মৃত্যু হয়।