কাইলৈ মুক্তি লাভ কৰিব ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অসমীয়া চিনেমা ব্ৰিজ ৷ সমগ্ৰ অসমৰে ছবি ঘৰত ছবিখনৰ শুভ মুক্তি দিয়া হ’ব ৷ আনহাতে কালি সন্ধিয়া দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব “ৰজত কমল” বঁটা। ইতিমধ্যে পৰিচালক কৃপাল কলিতা আৰু এগৰাকী প্ৰযোজক সবিতা দেবী দিল্লী ত উপস্থিত হৈছে। একেদিনাই দুটাকৈ ভাল খবৰে স্বভাবিকতে চিনেমা খনৰ লগত জড়িত শিল্পী কলা-কুশলী আৰু অসমৰ চলচ্চিত্ৰ প্ৰেমী ৰাইজক উৎসাহিত কৰি তুলিছে।
ব্ৰিজ চিনেমা খনে ইতিমধ্যে দেশে বিদেশে বিভিন্ন সন্মানীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ দৰ্শক সমালোচক ৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰাৰ লগতে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিব সক্ষম হৈছে।৫১ সংখ্যক ভাৰতীৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI) ভাৰতৰ পৰা পুৰষ্কাৰ লাভ কৰা একমাত্ৰ ভাৰতীয় চিনেমা হিচাপে কৃতিত্ব অৰ্জন কৰা ব্ৰিজে লাভ কৰিছে
ৰাছিয়াৰ অ’লিম্পিক চহৰ চ’চিত অনুষ্ঠিত ৰাছিয়ান- ব্ৰিটিছ চ’চি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পৰিচালক কৃপাল কলিতাই শ্ৰেষ্ঠ নবাগত পৰিচালক ৰ সন্মান আৰু চিনেমা খনৰ মুল অভিনেত্ৰী শিৱা ৰাণী কলিতাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে।
উল্লেখযোগ্য যে ভাৰতৰ পৰা অস্কাৰৰ প্ৰথম দৌৰত ‘ব্ৰিজ’ অৱতীৰ্ণ হৈছিল । ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্ৰযোজিত ব্ৰীজে ইতিমধ্যে ৪৬ খনতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে। গোল্ডেন জুৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি ,১৬ সংখ্যাক ত্ৰিশূৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে ব্ৰিজে ৷
কৃষ্টি পথাৰ ৰ বেনাৰত কৃপাল কলিতা ৰ পৰিচালনা ৰে নিৰ্মিত পুৰ্ণদৈৰ্ঘ চলচ্চিত্ৰ ব্ৰিজ মূল অভিনেত্ৰী শিৱা ৰাণী কলিতাই অ’টোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ চিনচিনেতিত আৰু প্ৰাগ চিনে এৱাৰ্ডত লাভ কৰিছে আন তিনিটা শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান। পৰিচালক কৃপাল কলিতাই ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ চিনচিনেতিত লাভ কৰিছে ইণ্ডিয়ান ফিল্ম ক্ৰিটিক্সৰ শ্ৰেষ্ঠ নবাগত পৰিচালক ৰ সন্মান । প্ৰাগ চিনে এৱাৰ্ডত ব্ৰিজ ৰ বাবে লাভ কৰিছে শ্ৰেষ্ঠ ছাউণ্ড ডিজাইনাৰ সন্মান।
ব্ৰিজ ৰ কাহিনী চিত্ৰনাট্য আৰু সংলাপ পৰিচালক কৃপাল কলিতাৰ। ৰমেন ৰাভাই চিত্ৰগ্ৰহণ কৰা ব্ৰীজ ৰ সম্পাদনা কিশোৰ ডেকাৰ ৷ প্ৰযোজনা নিয়ন্ত্ৰক ৰোহিনী কুমাৰ ডেকা।কলা নিৰ্দেশনা দ্বীপেন চুতীয়া ।চিংক চাওণ্ড মাধব দাস আৰু গুনজিৎ শৰ্মা। ছাউণ্ড ডিজাইন আৰু মিক্সীং অমৃত প্ৰীতম।ডি আই ৰাজেশ য়াদব।কলা নিৰ্দেশনা দ্বিপেন চুতীয়া।ব্ৰিজ ৰ মুল চৰিত্ৰ টোত অভিনয় কৰিছে শিৱা ৰানী কলিতা ই আনহাতে অনিন্দিতা দাস গোপমনী গগৈ, পাৰ্থ প্ৰতিম বৰা, স্বপ্নীল নাথ ,ভূপেন শৰ্মা,সুৰেন মহন্ত ,ৰীনা বৰা ,ৰোহিনী কুমাৰ ডেকা, দ্বিপেন চুতীয়া,ধনজিৎ শৰ্মা, শচিন্দ্ৰ ভূঞা, বিশ্বনাথ বিশ্বাস ,ৰাজু ভড়ালী আদি শিল্পীয়ে কেইটামান গুৰুত্বপূৰ্ণ ভুমিকাত ব্ৰীজ ত অভিনয় কৰিছে। সহকাৰী পৰিচালক দ্বয় প্ৰিয়াঞ্চি কাশ্যপ আৰু প্ৰাঞ্জল সন্দিকৈ।