মা দুৰ্গাৰ ষষ্ঠ ৰূপটো হ’ল ‘কাত্যায়নী’। মহৰ্ষি কাত্যায়ন মহৰ্ষি কত নামৰ এগৰাকী বিখ্যাত ঋষিৰ পুত্ৰ। মহৰ্ষি কাত্যায়নে কাত্য গোত্ৰত জন্ম গ্ৰহণ কৰিছিল তেওঁ বহু বছৰ ধৰি ভগৱতীৰ আৰাধনাত কঠোৰ উপাসনা আৰু তপস্যা কৰিছিল। তেওঁৰ একমাত্ৰ প্ৰাৰ্থনা আছিল মাতা ভগৱতীয়ে তেওঁৰ গৃহত কন্যাৰূপে আৱিৰ্ভুত হওঁক। আদ্যাশক্তি ভগৱতীয়ে ঋষিৰ এই প্ৰাৰ্থনা পূৰণ কৰিলে। পৃথিৱীয়ে যিটো সময়ত অসুৰ – দানৱৰ অত্যাচাৰত জৰ্জৰিত হৈ পৰিছিল তেতিয়া ব্ৰহ্মা , বিষ্ণু, মহেশ্বৰ সমন্বিতে দেৱগণৰ তেজৰ অংশ দি মহিষাসুৰক নিধনৰ কাৰণে এগৰাকী দেৱীৰ সৃষ্টি কৰা হ’ল। এই গৰাকী দেৱীকেই মহৰ্ষি কাত্যায়নে সৰ্বপ্ৰথম আৰাধনা কৰা বাবে এওঁৰ নাম হয় দেৱী কাত্যায়নী।
আহিন মাহৰ কৃষ্ণ চতুৰ্দশীত জন্ম গ্ৰহণ কৰা দেৱীয়ে শুক্ল পক্ষৰ সপ্তমী , অষ্টমী আৰু নৱমী এই তিনিদিনত মহৰ্ষি কাত্যায়নৰ পূজা গ্ৰহণ কৰি দশমীৰ দিনা মহিষাসুৰক নিধন কৰে। এই গৰাকী দেৱীৰ গাৰ ৰং স্বৰ্ণৰ দৰে উজ্বল ; দেৱী চতুৰ্ভূজা। দেৱীৰ সোঁফালৰ ওপৰৰ হাতত অভয় মুদ্ৰা , তলৰ হাতত বৰ মুদ্ৰা আছে। বাওঁফালৰ ওপৰৰ হাতত তৰোৱাল আৰু তলৰ হাত পদুম ফুলেৰে সুশোভিত। দেৱী সিংহ বাহনা। নৱৰাত্ৰিৰ লগতে দুৰ্গাপূজাৰ ষষ্ঠদিনা এই গৰাকী দেৱীৰ আৰাধনা কৰা হয়। শুদ্ধ অন্তৰেৰে ভক্তি সহকাৰে কাত্যায়নী দেৱীৰ আৰাধনা কৰিলে ধৰ্ম , অৰ্থ , কাম , মোক্ষ ৰূপত ফল প্ৰাপ্তি হয়। ভক্তৰ ৰোগ-শোক , দুখ-সন্তাপ আদি নোহোৱা হয়। জন্ম-জনান্তৰৰ পাপ দূৰ কৰিবলৈ হ’লে এই গৰাকী দেৱীৰ আৰাধনা কৰিলে পাপ দূৰ হয় বুলি বিশ্বাস কৰা হয়।