মা দুৰ্গাৰ সপ্তম ৰূপটো হ’ল কালৰাত্ৰি। ঘন অন্ধকাৰৰ নিচিনা ক’লা বৰণ দেৱীৰ গাৰ ৰং।তেওঁৰ কেশ বিন্যাস বিনস্ত , কণ্ঠত বিদ্যুতৰ চমকৰ নিচিনা উজ্জ্বল মালা থাকে। দেৱীৰ তিনিটি চকুৰে অগ্নি বৰশি থকাৰ দৰে ভয়ংকৰ ৰূপ। এই গৰাকী দেৱীৰ বাহন গাধ আৰু দেৱী চতুৰ্ভূজা। দেৱীৰ সোঁফালৰ ওপৰৰ হাতত বৰমূদ্ৰা , তলৰ হাতত অভয় মূদ্ৰা , বাওঁফালৰ ওপৰৰ হাতত লোৰ কাঁটা আৰু তলৰ হাতত খড়গ বিৰাজমান। কালৰাত্ৰি দেৱীৰ মূৰ্তি দেখিবলৈ ভয়ংকৰ যদিও এই গৰাকী দেৱী সকলো সময়তে শুভ ফলেই প্ৰদান কৰে। নৱৰাত্ৰি তথা দুৰ্গা পূজাৰ সপ্তমীৰ দিনা কালৰাত্ৰি দেৱীৰ পূজা অৰ্চনা কৰা হয়। এই গৰাকী দেৱীৰ পূজা -অৰ্চনা কৰিলে সকলো ধৰণৰ বিপদৰ পৰা উদ্ধাৰ পাব পাৰি আৰু দেৱীয়ে ভক্তগণৰ সকলো মনৰ আশা পুৰণ কৰে। কালৰাত্ৰি দেৱীৰ আৰাধনা কৰিলে দৈত্য ,দানৱ , ৰাক্ষস , ভূত -প্ৰেত আদি ভীতি গ্ৰস্ত হৈ সেই স্থান ত্যাগ কৰে। দেৱীৰ কৃপা থাকিলে ভক্তগণৰ কেতিয়াও অগ্নি ,জল , জন্তু , শত্ৰু আদিৰ পৰা ভয় নাথাকে। সকলো প্ৰকাৰৰ ভয়ৰ পৰা মুক্ত হৈ ভক্তগণে সুখ শান্তিৰে জীৱন নিৰ্বাহ কৰিব পাৰে।