আজি মহাঅষ্টমী । প্ৰতিখন দেৱালয়তে আৰু প্ৰতিটো পূজা মণ্ডপতে মা দশভূজাৰ পূজা -অৰ্চণা চলি আছে।ভক্ত সকলে মা ৰ আৰ্শীবাদ বিচাৰি সৰ্ব শক্তিৰ অধিকাৰী , শক্তিৰূপিনী দেৱীক পুস্পাঞ্জলি যাঁচিছে।
দেৱী দূৰ্গাৰ অষ্টম ৰূপটো হ’ল মহাগৌৰী। দেৱীৰ শৰীৰ সম্পূৰ্ণ গৌৰ বৰ্ণ। তেওঁৰ বেশ-ভূষা শ্বেত বৰ্ণৰ।মহাগৌৰী দেৱী বৃষভ বাহনা আৰু চতুৰ্ভূজা। দেৱীৰ সোঁফালৰ ওপৰৰ হাতত অভয় মুদ্ৰা , তলৰ হাতত ত্ৰিশূল , বাওঁফালৰ ওপৰৰ হাতত ডম্বৰু আৰু তলৰ হাতত বৰমূদ্ৰা ধাৰণ কৰে। এই গৰাকী দেৱীয়ে ভগৱান শিবক পতি ৰূপে লাভ কৰাৰ কাৰণে পাৰ্বতী ৰূপে বহু বছৰ কঠোৰ তপস্যা কৰিছিল। কঠোৰ তপস্যাৰ ফলত দেৱীৰ শৰীৰ একেবাৰে ক’লা বৰণৰ হৈ পৰিছিল। ভগৱান শিবই দেৱীৰ এইকঠোৰ তপস্যাত সন্তুষ্ট হৈ গঙ্গাৰ পৱিত্ৰ জলেৰে দেৱীক স্নান কৰায় আৰু লগে লগে দেৱীৰ দেহ জ্যোতিষ্মান আৰু গৌৰ বৰ্ণৰ হৈপৰে।তেতিয়াৰ পৰাই এই গৰাকী দেৱী মহাগৌৰী নামেৰে অভিহিত। নৱ ৰাত্ৰিৰ লগতে দূৰ্গাপূজাৰ অষ্টমীৰ দিনাখন মহাগৌৰী দেৱীৰ পূজা-অৰ্চণা কৰা হয়। দেৱীৰ ধ্যান-স্মৰণ , পূজা-আৰাধনা ভক্তৰ কাৰণে সকলো ফালৰ পৰা কল্যাণময়। মহাগৌৰী দেৱীৰ কৃপাত ভক্তৰ অলৌকিক সিদ্ধি লাভ হয়। লগতে সকলো দোষ নাশ হয় আৰু সৰ্ব পাপ ভয় দূৰ হয়। মহাগৌৰী দেৱী সন্তুষ্ট হলে ভক্তক কোনো দিনে দুখ-দৈন্য পাপ-সন্তাপ আদিয়ে স্পৰ্শ কৰিব নোৱাৰে। ভক্তগণ সকলো প্ৰকাৰৰ পৱিত্ৰ আৰু অক্ষয় পূৰ্ণৰ অধিকাৰী হয়। সেয়েহে , মহাগৌৰী দেৱীৰ আৰাধনা কৰা ভক্তগণৰ বাবে বাঞ্চনীয়।