আদ্যাশক্তি মহামায়া দেৱী দূৰ্গাৰ নৱম ৰূপ হ’ল—” সিদ্ধিদাত্ৰী “। এইগৰাকী দেৱীয়ে সকলো প্ৰকাৰৰ সিদ্ধি প্ৰদান কৰে। মাৰ্কেণ্ডেও পূৰাণ অনুাযায়ী সিদ্ধি আঠ প্ৰকাৰৰ যেনে —অনিমা , লঘিমা , প্ৰাপ্তি , প্ৰাকাশ্য, মহিমা , ঈশিত্ব , বাশিত্ব ,সৰ্বকাম বসায়িতা আৰু সৰ্বজ্ঞতা। ব্ৰহ্মবৈৰ্বত পূৰাণত শ্ৰীকৃষ্ণ জন্মখণ্ডত আৰু দহ প্ৰকাৰৰ সিদ্ধিৰ কথা উল্লেখ কৰাহৈছে। সেইবোৰ যথাক্ৰমে —দূৰ শ্ৰৱণ ,পৰকায়ো প্ৰবেশন , বাক- সিদ্ধি ,কল্প বৃক্ষত্ব , সৃষ্টি , সংহাৰ কৰণ সামৰ্থ , অমযত্ব , সৰ্ব ন্যায়কত্ব , ভাৱনা , ষিদ্ধি ।
গতিকে সৰ্বমুঠ ওঠৰো প্ৰকাৰৰ সিদ্ধিৰ কথা জানিব পাৰি। মাতা সিদ্ধিদাত্ৰীয়েভক্তগণক এই সৰ্বপ্ৰকাৰৰ সিদ্ধি প্ৰদান কৰিবলৈ সমৰ্থ ।দেৱী পূৰাণ অনুসাৰে ভগৱান শিবহে এই সৰ্বপ্ৰকাৰৰ সিদ্ধি প্ৰাপ্ত। সিদ্ধিদাত্ৰী দেৱী কোনো কোনো সময়ত পদ্মাসনা আৰু কোনো কোনো সময়ত সিংহবাহনা। এইগৰাকী দেৱী চৰ্তুভূজা। সিদ্ধিদাত্ৰী দেৱীৰ সোঁফালৰ ওপৰৰ হাতত গদা আৰু তলৰ হাতত চক্ৰ , বাওঁফালৰ ওপৰৰ হাতত পদুম ফুল আৰু তলৰ হাতত শংখ বিৰাজমান। নৱৰাত্ৰিৰ অন্তিম দিনা অৰ্থাৎ নৱম দিনা আৰু দূৰ্গা পূজাৰ নৱমী তিথিত সিদ্ধিদাত্ৰী দেৱীৰ পূজা কৰা হয়। নৱ দূৰ্গাৰ এই গৰাকী সিদ্ধিদাত্ৰী দেৱী হ’ল অন্তিম ৰূপ।
দেৱী দূৰ্গাৰ অন্যান্য অষ্টৰূপ শাস্ত্ৰ , বিধি অনুসাৰে পূজা পাঠ ক ৰি নৱম দিনা সাদ্ধিদাত্ৰী দেৱীৰ পূজা উপাসনা কৰা বিধেও। ভক্তি সহকাৰে যিয়ে সিদ্ধিদাত্ৰী দেৱীৰ আৰাধনা কৰে তেওঁৰ সকলো প্ৰকাৰৰ সিদ্ধি প্ৰাপ্ত হয় । পূজা কৰা হয়। নৱ দূৰ্গাৰ এই গৰাকী সিদ্ধিদাত্ৰী দেৱী হ’ল অন্তিম ৰূপ। দেৱী দূৰ্গাৰ অন্যান্য অষ্টৰূপ শাস্ত্ৰ , বিধি অনুসাৰে পূজা পাঠ ক ৰি নৱম দিনা সাদ্ধিদাত্ৰী দেৱীৰ পূজা উপাসনা কৰা বিধেও। ভক্তি সহকাৰে যিয়ে সিদ্ধিদাত্ৰী দেৱীৰ আৰাধনা কৰে তেওঁৰ সকলো প্ৰকাৰৰ সিদ্ধি প্ৰাপ্ত হয় ।