জলবায়ু পৰিৱৰ্তন-একবিংশ শতিকাত সমগ্ৰ বিশ্বতে বহুলভাৱে চৰ্চিত এক প্ৰাকৃতিক পৰিঘটনা। যাক মানৱসৃষ্ট গোলকীয় উষ্ণতা বৃদ্ধি আৰু বতৰৰ সঘনে সালসলনি হোৱাকে বুজা যায়।১৯৯২চনৰ শেষৰ ফালে ৰাষ্ট্ৰসংঘৰ উদ্যোগত ১৫৮খন ৰাষ্ট্ৰই United Nations Framework Convention On Climate Change শীৰ্ষক আধাৰপত্ৰত স্বাক্ষৰ কৰাত এই বিষয়টোয়ে এক নতুন মাত্ৰা পাইছিল।
বতৰৰ সঘনে হোৱা পৰিৱৰ্তনৰ লগে লগে আমাৰ সমাজখনেও দৈনন্দিন জীৱনত বহুতো পৰিৱৰ্তনৰ সন্মুখীন হ’ব লগা হৈছে। জলবায়ু পৰিৱৰ্তনৰ বিষয়টোৰ বিষয়ে আমি সকলোৱে জানো বা শুনিবলৈ পাইছোঁ। কিন্তু সাম্প্ৰতিক সময়ত আমি ইয়াৰ প্ৰভাৱসমূহো দেখিবলৈ পাইছোঁ আৰু লাহে লাহে অনুভৱো কৰিবলৈ লৈছো। যেনে-গড় বৃষ্টিৰ পৰিমাণ হ্ৰাস পোৱা, বানৰ তীব্রতা বৃদ্ধি পোৱা, গড় উষ্ণতা বৃদ্ধি পোৱা, খহনীয়া, আদি কৃষি-উদ্ভিদ জগতৰ ওপৰতো ইয়াৰ প্ৰভাৱসমূহো সমগ্ৰ বিশ্বতে দৃষ্টিগোচৰ হৈছে।
সাম্প্ৰতিক সময়ত যদি আমি পৰ্যবেক্ষণ কৰো তেতিয়া হয়তো দেখিবলৈ পাম যে পৃথিৱীৰ বহুখিনি ঠাইতে জীৱ প্ৰজাতিসমূহ বিলুপ্ত হোৱা, অৰ্থনৈতিক সংকট, খাদ্য সংকট, খৰাং তথা মৰুকৰণ,বানপানী আদি পৰিঘটনা সমূহ জলবায়ু পৰিবৰ্তনৰে ফলাফল। জলবায়ু পৰিৱৰ্তনে অকল এখন ঠাইকে বা এটা অঞ্চলকে প্ৰভাৱান্বিত কৰা নাই, বৰ্তমান সময়ত বিশ্বৰ সকলো ঠাইয়ে কম-বেছি পৰিমাণে ইয়াৰ কবলত। চলিত সময়তে যদি আমি চাওঁ ইয়াৰ উদাহৰণ স্বৰূপে আমি আমাৰ কাষৰীয়া ৰাষ্ট্ৰ পাকিস্তান আৰু ইউৰোপীয় ৰাষ্ট্ৰ চুইজাৰলেণ্ডৰ কথাকে ক’ব পাৰোঁ।বৰ্তমান পাকিস্তানত একেলেথাৰিয়ে হৈ থকা বৰষুণৰ ফলত সিন্ধু আৰু কাবুল নদীৰ পৰা বানপানীৰ সৃষ্টি হৈছে। যাৰ ফলত ঠাইখনৰ এক বৃহৎ এলেকাৰ লোকসকল গৃহ হাৰা হৈ খাদ্য আৰু অৰ্থনৈতিক সংকটত ভুগিব লগা হৈছে। ইয়াৰ উপৰিও ঠাইখনত বানপানীৰ ফলত হোৱা মৃত্যুৰ সংখ্যা ও ১০০০অতিক্ৰম কৰিছে।
ঠিক সেইদৰে চুইজাৰলেণ্ডতো বহুতো ঠাইত গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বৰফৰ আচ্ছাদন গলি যোৱাৰ ফলত ঠাইখনত পানীৰ সমস্যাই দেখা দিছে।কাৰণ ইউৰোপৰ হিমবাহবোৰে বৰফসমূহ জমা কৰে আৰু গ্ৰীষ্মকালীন খেতিসমূহৰ কাৰণে আৰু নদ-নদীসমূহৰ কাৰণে পানী যোগান ধৰে। যদি গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে হিমবাহ সমূহ নিশেষ হৈ পৰে তেতিয়া হয়তো ঠাইখনত জনবসতি গঢ় লৈ উঠাত বাধা আহি পৰিব।
সেইদৰে সমগ্ৰ বিশ্বতে জলবায়ু পৰিৱৰ্তনৰ এনে এক বিধ্বস্ত পৰিণতি দেখিবলৈ পোৱা গৈছে যিবোৰ হয়তো আমি কেতিয়াও কল্পনাও কৰিব নোৱাৰো।পৃথিৱীৰ কিছু কিছু ঠাইত বৰষুণৰ অভাৱত মৰুকৰণ হ’বলৈ ধৰিছে।আন কিছুমান ঠাইত আকৌ হিমবাহ আৰু মেৰুদেশীয় বৰফৰ আচ্ছাদন গলি সাগৰ পৃষ্ঠৰ জলস্তৰ বৃদ্ধি পাইছে। এনেদৰে পৃথিৱীৰ সকলো ঠাইতে বিপৰীত মূখী প্ৰতিক্ৰিয়াসমূহ প্ৰকাশ পাইছে। পানীৰ অবক্ষয়ৰ দ্বাৰা ভূ-পৃষ্ঠৰ ক্ষয় যোৱা, বানপানী বৃদ্ধি, লুণীয়া পানীৰ প্ৰৱেশ এই বিলাকে উপকুলীয় অঞ্চলৰ কৃষি, মস্যৎ পালন ,জনবসতি আৰু স্বাস্থ্যৰ ওপৰত প্ৰতিকুল প্ৰভাৱ পেলোৱা সম্ভাৱনা বেছি।
সাম্প্ৰতিক সময়ৰ গোলকীয় উষ্ণতা বৃদ্ধিয়ে মানৱ স্বাস্থ্যৰ ওপৰতো প্ৰত্যক্ষ প্ৰভাৱ পেলাইছে।ইয়াৰ ফলত বৃদ্ধি হোৱা নানান ধৰণৰ ৰোগে জন স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা দেখা গৈছে।
ইয়াৰ উপৰিও বৰ্তমান সময়ত বতৰৰ এই অনাকাংক্ষিত পৰিৱৰ্তনৰ ফলত কিছু কিছু ঠাইত জীৱ প্ৰজাতি সমূহে বসবাস কৰাত বাধাগ্ৰস্ত হৈছে।কাৰণ সঘনে হৈ থকা এই সালসলনিৰ বাবে সিহঁতে বৰ্তমানৰ পৰিৱেশৰ লগত নিজকে খাপ খুৱাই ল’বলৈ অসুবিধা হৈছে।যদি জলবায়ু পৰিৱৰ্তনৰ হাৰ ভবিষ্যত কাললৈকে এনেদৰেই থাকে তেতিয়া পৃথিৱীৰ পৰা বিভিন্ন জীৱ প্ৰজাতি,গছ-গছনিৰ বিলুপ্ত হৈ যোৱাৰ সম্ভাৱনীয়তা আছে।
জলবায়ু পৰিৱৰ্তনে আন আন বিষয়সমূহৰ লগতে বিশ্বৰ কৃষি জীৱী সমাজখনৰ ওপৰতো যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।উষ্ণতা বৃদ্ধি, খৰাং বা আৱতৰীয়া বানপানী আদি কাৰকৰ বহুতো ঠাইত কৃষি কাৰ্য্য কৰাত অসুবিধা আহি পৰিছে।যাৰ ফলত ঠাই সমূহত অৰ্থনৈতিক সমস্যাৰ লগতে খাদ্য সংকটতো থলুৱা লোকসকল জৰ্জৰিত হ’ব লগা হৈছে।এনেদৰেই সমগ্ৰ বিশ্বতে ইয়াৰ বিভিন্ন ধৰণৰ প্ৰভাৱ পৰিলক্ষিত হৈছে।
জলবায়ু পৰিৱৰ্তনৰ বিষয়টো য়ে বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে তোলপাৰ লগাইছে।বিশ্বৰ কোনো ঠাইয়ে ইয়াৰ কবলৰ পৰা সাৰি যাব পৰা নাই।বৰ্তমান জলবায়ু পৰিৱৰ্তনৰ বিষয়টো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত আলোচিত বিষয়।উদাহৰণ স্বৰূপে ধৰিত্ৰী সন্মীলন,কিয়ট’প্ৰটকল ১৯৯২ আদি উল্লেখযোগ্য ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু অধ্যয়ন শীৰ্ষক সন্মীলন।
বিশ্বজুৰি চৰ্চিত এই প্ৰাকৃতিক পৰিঘটনাই সমগ্ৰ বিশ্বকে এফালৰ পৰা গ্ৰাস কৰি আহিছে। এনেদৰে এই পৰিৱৰ্তনৰ হাৰ বৃদ্ধি পাই গৈ থাকিলে এটা সময়ত ‘ পৃথিৱী’ নামৰ এই গ্ৰহটোয়েই বিশ্বব্ৰহ্মাণ্ডৰ পৰা লুপ্ত হৈ যাব। সেয়ে আমি সকলো সজাগ হোৱা উচিত পৃথিৱীখনক এটা সঠিক আৰু সুস্থ পৰিৱেশতন্ত্ৰৰ মাজলৈ ওভতাই অনাৰ ক্ষেত্ৰত। কাৰণ ইয়াৰ কাৰণে আমাৰ কৰণীয় কাৰ্য্যকলাপ বহুতো আছে। গতিকে আমি সকলোৱে এই প্ৰত্যাহ্বানৰ সন্মুখীন হৈ ইয়াৰ বিৰুদ্ধে যুঁজ দিয়া উচিত।
“Start Today And Save Tomorrow” ….
অংকিতা দত্ত
ভূগোল বিভাগ
দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়।