মানৱ শৰীৰৰ সমস্ত ৰক্ত কনিকাক জোঁকাৰি যোৱা শব্দটি হৈছে স্বাধীনতা।এই স্বাধীনতা কি,তাক কাকো নতুনকৈ বুজাই দিয়াৰ ধৃষ্টতা আমাৰ নাই।মোৰ নিজা স্ব-জ্ঞানেৰে স্বাধীনতা বুলিলে ইয়াকে বুজোঁ–দুশ বছৰীয়া ব্ৰিটিছ শাসনত অনেক দুৰ্ভোগ,নিযাৰ্তন শিৰ পাতি লোৱা,সিহঁতৰ আঙুলিৰ নিৰ্দেশত উঠা-বহা কৰা,বাকৰুদ্ধ অৱস্থাৰপৰা ক্ষণজন্মা জাতিৰ পিতা মহাত্মা গান্ধীৰ সবল নেতৃত্বত চলা সংগ্ৰামে ভাৰত বাসীলৈ আনি দিয়া “স্বাধীনতা”অথবা “স্বতন্ত্ৰতা”।
সাম্প্ৰতিক কালত দেখা পাইছো দেশপ্ৰেমৰ এটা জ্বলন্ত শিখাস্বৰূপ সেই ‘স্বাধীনতা’ক চিকিৎসকে বেমাৰীক অপাৰেশ্যন কক্ষত কটা-চিঙা কৰাৰ দৰে আমি কটা-চিঙা কৰি পেলাইছো নেকি বাৰু?যিহেতু এখন স্বাধীন দেশৰ ‘স্বাধীন নাগৰিক’ বোলোতে ইয়াত সকলো স্বাধীনতাইটো সন্নিৱিষ্ট।তেনেস্থলত আজি নাৰী সমাজে সুকীয়াকৈ পুৰুষ- নাৰী,স্বাধীনতা বুলি ৰাজপথত মিছিল উলিয়াব লগা হৈছে কিয়??কোনো এখন দেশ বা ৰাষ্ট্ৰ ৰ আৰ্থ-সামাজিক,বৌদ্ধিক,আধ্যাত্মিক বিকাশৰ বুনিয়াদ ৰচনাৰ গুৰিতে নাৰী-পুৰুষ উভয়ৰে অৱদান অনস্বীকাৰ্য।
সম্ৰাট নেপোলিয়নে কৈছিল যে “মোক মাত্ৰ কেইগৰাকীমান আদৰ্শ নাৰী দিয়া,বিনিময়ত মই এখন সুন্দৰ ৰাষ্ট্ৰ দিম।”পৃথিৱীৰ ভিতৰত অনন্যা বীৰ পুৰুষজনক উপৰোক্ত কথাই আজিৰ আমাৰ স্বাধীনতাৰ সোণালী বৰ্ষৰ নাৰী সমাজক এবাৰলৈয়ো ভবাই তোলে নে যে-এখন দেশ বা ৰাষ্ট্ৰ গঢ়াত নাৰীৰ গুৰুত্ব কিমান?আমাৰ দেশে স্বতন্ত্ৰতা লাভ কৰিছিল নাৰী-পুৰুষ উভয়ৰে ঐকান্ত্ৰিক সংগ্ৰামৰ দ্বাৰা;এই কথা স্ব-চক্ষুৰে নেদেখিলেও ১৫ আগষ্টত দেখুওৱা পুৰণি কেছেটৰ দ্বাৰা দেখা পাওঁ।সকলো কাম-কাজ স্বাধীনভাৱে কৰা পাছতো পুৰুষ-নাৰীৰ বিভাজন আহিল ক’ৰপৰা।”নাৰী স্বাধীনতাৰ বিজয় ধব্জাই আজিও এচাম নাৰীক ক্ৰমে ক্ৰমে ইতৰ জন্তুলৈ পৰিণত কৰিলে বুলি?ইয়াতকৈ নাৰী স্বাধীনতাৰ সংজ্ঞা কি হ’ব পাৰে বাৰু?আধুনিক,যান্ত্ৰিক সভ্যতা,সংস্কৃতি তথা প্ৰগতিৰ নামত সমাজ জীৱনৰ পৰম্পৰা,নিয়ম-নীতি,ঘৰ-গৃহস্থ,বংশৰ মৰ্যাদা,শহুৰ-শাহুৰ বুকুৰপৰা পতিক আঁতৰাই স্বৰ্গ সুখত বাস কৰা,গুৰু-গোঁসাই নমনা,অবাধ বিচৰনৰ নামেই যদি নাৰী স্বাধীনতা হয় তেন্তে নাৰী’ৰ স্বাধীনতাৰ পক্ষত মই নাই।
এই সকলোবোৰ প্ৰতিকাৰৰ এটাই উপায় আছে,সেইটো হৈছে শদিয়াৰ পৰঐ ধুবুৰীলৈ বলিষ্ঠ নেতৃত্বৰ এটি নাৰী বিপ্লৱ।এই বিপ্লৱ অথবা সংগ্ৰাম সকলো সন্দেহৰ ঊৰ্ধত থাকি দেশ স্বাধীনতাৰ সংগ্ৰামৰ দৰে হ’ব লাগিব।এই সংগ্ৰামৰ মূল লক্ষ্য হ’ব লাগিব ৰাজ্য খনৰ দুৰ্নীতিৰ নিৰ্মূল ,সামাজিক ভ্ৰষ্টাচাৰৰ অপৰাধত পোত খোৱা নাৰীবোৰক চিনাক্ত কৰা,সমাজ পাতি কাম কৰা মানুহৰ জীয়াই থকাৰ প্ৰমূল্যসমূহ পুণৰোদ্ধাৰ কৰা।নহ’লে আহি থকা পিছৰ চামক যুগনায়ক ৰাভাৰ দৰে”য়ে নাৰী আজাদী ঝুথা হে”বুলি চিঞৰি চিঞৰি ক’বলৈ নাৰী মাতৃসকল প্ৰস্তুত থাকিব লাগিব,ই ধুৰূপ।আজিৰ এই সন্ধিক্ষণত নাৰী সংগঠনসমূহে এনে গধুৰ দায়িত্ত্ব কান্ধত লৈ আগবাঢ়ি আহিবনে?
গিতালী বৰা
ভূগোল বিভাগ,পঞ্চম ষান্মাসিক
দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়