বিদগ্ধ পণ্ডিত তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি বিভাগৰ মুৰব্বী অধ্যাপক আছিল ড° নবীন চন্দ্ৰ শৰ্মা ছাৰ। তেখেেতে অসমীয়া সাহিত্য- লোকসংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে বিভিন্ন বঁটা আৰু সন্মানেৰে বিভূষিতা হৈছিল । ‘দুৰ্গাবৰ বৰকটকী বঁটা ‘ , ‘সীতানাথ ব্ৰহ্ম চৌধুৰী বঁটা’ , ‘ ভাৰতীয় ভাষা-সাহিত্য বঁটা’ , ‘শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা’ ৰ লগতে ‘শিল্পী বায়ন বঁটাও লাভ কৰা শ্ৰদ্ধাৰ ড° নবীন চন্দ্ৰ শৰ্মা প্ৰতিজন অসমীয়াৰে পৰিচিত। এইগৰাকী চিৰ’নমস্য ব্যক্তিক বিদায় দিয়াৰ সময়ত মনলৈ আহিছে ছাৰৰ সহযোগিতা , আন্তৰিকতা আৰু চিনা অচিনা সকলোকে আপোন কৰিব পৰা বহল হৃদয়ৰ আন এজন নবীন চন্দ্ৰ শৰ্মাক ।
১৯৮০ /৮১ চনৰ কথা। ভিনদেউৰ চাকৰিৰ সূত্ৰে বাইদেউ -ভিনদেউ গুৱাহাটীৰ দুৰ্গাসৰোবৰৰ বাসিন্দা হ’ব লগীয়া হৈছিল। এদিন আবেলি লৰা-ছোৱালী কেইটা ঘৰৰ ওচৰতে বাটত ফুৰি থকা অৱস্থাত নোহোৱা হোৱাত বাইদেউৱে ইফালে সিফালে ক’তো নেদেখি ভয় কৰিলে নতুন ঠাইত ক’ত হেৰালে অকমানি কেইটা। এনেতে ডাঙৰটোক কান্ধত , সৰুটোক পিঠিত আৰু মাজু ভাগিন জনীক কোচত লৈ মানুহ এজন আহি আছে। ল’ৰা-ছোৱালী কেইটাক ফুৰাই আনিলো বুলি বাইদেউক গোটাই দিয়া সেই মানুহ জনেই সকলোৰে পৰিচিত ড° নবীন চন্দ্ৰ শৰ্মা । তেতিয়াৰে পৰা বাইদেউ হঁতৰ লগত পৰিয়াল কেন্দ্ৰিক সম্পৰ্ক গঢ়ি উঠিছিল। সেই সময়ত স্কুলৰ চতুৰ্থ শ্ৰেণীৰ বৃত্তি পৰীক্ষাত হাতৰ কামৰ বাবে বাঁহ-বেতৰ কামৰ পৰীক্ষা দিবলগীয়া হোৱাত তেখেতে সৰু ভাগিনটোক নিজৰ ঘৰত লৈ গৈ বাঁহৰ কাম শিকাইছিল। যাৰ ফলত গুৱাহাটীৰ বাসিন্দা হ’লেও ভাগিনটোৱে ধুনীয়াকৈ বাঁহৰ ডলা -চালনি সাঁজি উলিয়াবলৈ সক্ষম হৈছিল। নৱম শ্ৰেণী মানৰ পৰাই বাইদেউ হঁতৰ যোগেদি মোৰো ছাৰৰ লগত চিনাকি হৈছিল।
ড° নবীন চন্দ্ৰ শৰ্মা ছাৰ এজন বিদগ্ধ পণ্ডিত হোৱাৰ লগতে আচৰিত কিছুমান গুণৰ অধিকাৰী আছিল। বাটেৰে গৈ থাকোতে চিনাকী মানুহ এজন দেখিলে হঠাতে সাবটি ধৰি খবৰ -বাতৰি লৈছিল আৰু খেৱালি মনটোৱে কেতিয়াবা বাটে -পথে লগপোৱা মানুহজনকো গীত এটা গাই শুনাবলৈ জোৰ কৰিছিল। তেখেতৰ মনটো ইমান সহজ আছিল যে বিপৰীত মানুহজনে বেয়া পাব পাঁৰে বুলি মনলৈ ভাৱ অনা নাছিল আচলতে সকলোকে নিজৰ দৰে সহজ ভাবি লোৱা হৃদয়ৰ গৰাকী আছিল তেওঁ। এনে এজন মহান ব্যক্তিক হেৰুৱাব লগা হোৱাত অকল সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰতেই নহয় সমাজ জীৱনতো যথেষ্ট ক্ষতি হৈছে বুলি মানি ল’বই লাগিব।
আজি কিছু বছৰ আগৰ কথা -গুৱাহাটীৰ গণেশ পাৰাত হোৱা বিহু সন্মিলনত মুখ্য বক্তা হিচাপে ছাৰ আমন্ত্ৰিত হৈছিল। তেতিয়া বাইদেউ হঁতেও নিগাজীকৈ ঘৰ সাঁজি তাৰে বাসিন্দা হৈছিল। অনুষ্ঠান স্থলীত গৈ থাকোতে বাইদেউ -ভিনদেউক বাটতে লগপাই ঘৰটো ওচৰতে বুলি জানিব পাৰি বাইদেউ হঁতৰ ঘৰলৈ গ’ল আৰু বহু সময় ধৰি গোৱালপাৰীয়া গীত আদিকে কৰি বিভিন্ন ধৰণৰ যোগাত্মক আলোচনা কৰি বাইদেউৰ হাতেৰে চাহ – জলপান খাই সময় খিনি পাৰ হৈ গ’ল ধৰিবই নোৱাৰিলে । ছাৰক বিচাৰি কমিটিৰ পৰা মানুহ এজন অহাত হে তেখেতে সভালৈ যায় মানে সভা ভাগো ভাগো অৱস্থা। মুখ্য অতিথিয়ে শেষত ভাষণ দি সভা সমাপ্ত কৰিলে। মানুহক কিমান আপোন বুলি ভাবিব পাৰিলেহে মানুহ এজনে এনে কৰিব পাৰেঁ , ইয়াতে ফুটি উঠিছে ছাৰৰ আন্তৰিকতা আৰু সৰলতা।
১৯৯২/৯৩ চনত কটন বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীত পঢ়ি থকা সময়চোৱাত এখন প্ৰশ্নকাকতৰ পৰিৱৰ্তে গৱেষণা পত্ৰ লেখাৰ সুযোগ পোৱাত মোৰ ঘৰৰ ওচৰতে থকা শ্ৰী শ্ৰী ৺টুক্ৰেশ্বৰী দেৱালয়ৰ ওপৰত গৱেষণা কৰিবলৈ অনুমতি বিচৰাত মোক কৰিবলৈ অনুমতি প্ৰদান কৰিছিল। যেতিয়া কামটো কৰিবলৈ হাতত লৈছিলো তেতিয়াহে বুজিব পাৰিছিলো কিমান কঠিন কাম। তথ্য-পাতি বুলিবলৈ একো নাই। কোনো গ্ৰন্থ বা কিতাপতে দেৱালয়ৰ উল্লেখ নাই। লাইব্ৰেৰী , ডিষ্ট্ৰিক লাইব্ৰেৰী , পাণ বজাৰ সকলো চলাথ কৰি একো নাপাই হতাশ হৈছিলো। কোনো কিতাপত দুই-এশাৰীহে পোৱা গৈছিল। ৰজাৰ দিনত দেৱালয় খন আমাৰ ঘৰৰে পৰা পৰিচালনা কৰাৰ বাবে দেউতাৰ পুৰণা ফাইলত কিছু কাগজ -পত্ৰ আৰু ডাঙৰ মানুহবোৰৰ মুখৰ পৰা শুনা কথা খিনি , যিখিনিৰে মাত্ৰ প্ৰৱন্ধ এটাহে যুগুত কৰিব পাৰি তাকে লগত লৈ কলেজত গৈছিলো যদিও একো সমাধান উলিয়াব পৰা নাছিলোঁ। এদিনাখন কলেজৰ পৰা চিন্তা কৰি আহি থাকোঁতে বাটতে ছাৰক লগ পাইছিলোঁ আৰু মোৰ সমস্যাৰ কথা ছাৰক জঁনোৱাত ছাৰে ঘৰলৈ মাতিলে আৰু গোটেই কথাখিনি শুনাৰ পিছত কেনেকৈ আৰম্ভ কৰিম , কেনেকৈ আগবাঢ়িম কাগজ এখনত লেখি মোক আগবাঢ়ি যাবলৈ সাহস দিলে।
সেইদিনাখন ছাৰক মোৰ ভগৱান যেন লাগিছিল আৰু তেতিয়াৰ পৰাই ছাৰৰ ঘৰত আহ-যাহ আৰম্ভ হৈছিল। বাইদেউক আগৰে পৰা জানিছিলো গতিকে চাহ-জলপান নোখোৱাকৈ নপঠিয়াইছিল । কেতিয়াবা কাৱৈ -মাগুৰ মাছ আনিলে ভাত-মুঠিও খোৱাই পঠিয়াবলৈ বাইদেউক কৈ ওলাই আহিছিল। ছাৰৰ আন্তৰিক সহযোগত মোৰ গৱেষণা পত্ৰখন সুন্দৰকৈ উলিয়াবলৈ সক্ষম হৈছিলো আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত সেইবছৰৰ শ্ৰেষ্ঠ গৱেষণা পত্ৰ হিচাপে বিবেচিত হৈছিল। ছাৰৰ লগত কথা পাতি থকাৰ সময়ত গোৱালপাৰাৰ বিষয়ে বহুতো কথা , শীলভদ্ৰৰ কথা , গোৱালপাৰাৰ মনসা পূজা , আৰু বহুতো শাক্ত ধৰ্মৰ কথা আলোচনা কৰিছিল। এজন বিদগ্ধ পণ্ডিত হোৱা স্বত্বেও আমিও কিবা কথা জানো নেকি জানিবলৈ ইচ্ছা প্ৰকাশ কৰাটোতে তেখেতৰ মহানুভৱতা প্ৰকাশ পাইছিল। ইয়াৰ পিছতো ছাৰে মোক পাণবজাৰৰ বানী প্ৰকাশত লৈ গৈছিল গৱেষণা পত্ৰ খন কিতাপ আকাৰে প্ৰকাশ কৰিবলৈ। মনত অফুৰন্ত আশা লৈ ঘৰমুৱা হৈছিলো কিন্তু দুমাহ পিছতে মোৰ বিয়া হৈ যোৱাত ছাৰৰ সান্নিধ্যৰ পৰা আঁতৰি আহিব লগা হোৱাত মোৰ কামবোৰ আধৰুৱা হৈয়ে থাকিল । কিন্তু ছাৰৰ সহায় -সহযোগিতা আৰু উৎসাহে মোৰ জীৱনত বহতো প্ৰভাৱ পেলাইছিল। জীৱনটো যোগাত্মক দৃষ্টিৰে চাবলৈ শিকিছিলো । সেয়েহে আজিও কেতিয়াবা হতাশাত ভুগিলে ছাৰৰ কথা মনলৈ আহে। ছাৰ অসুস্থ বুলি নাজানো কিন্তু এমাহ মানৰ পৰা বৰকৈ ছাৰৰ কথা মনলৈ আহি আছিল আৰু বাইদেউৱে বাতৰিটো পোৱাৰ লগে লগে মোক ফোন কৰি জঁনোৱাত দুখে আবৰি ধৰাৰ লগতে অনুশোচনাত দগ্ধ হৈছো। মনত ভাৱ হৈছে এজন পিতৃক হেৰুৱালো । নিজকে অপৰাধী যেন লাগিছে , ১৬ বছৰ হ’ল গুৱাহাটীত নিগাজীকৈ থকা অথচ এদিনো ছাৰক দেখা কৰিবলৈ সময় উলিয়াব নোঁৱাৰিলো।
আজি ছাৰৰ নশ্বৰদেহা পঞ্চভূতত বিলীন হ’ব। তেখেতৰ নশ্বৰ দেহাত পুষ্পাঞ্জলি প্ৰদানেৰে পৱিত্ৰ আত্মাৰ সদগতি কামনা কৰিলো আৰু শোক -সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।
মহীৰূহ গৰাকীৰ মৃত্যুত অসমৰ লোক-সংস্কৃতিৰ পথাৰ খন উকা হৈ পৰাৰ লগতে অসমৰ সমাজ জীৱনত বিস্তৰ ক্ষতি হৈ গ’ল যি ক্ষতি হয়তো কোনোদিনেই পুৰণ নহ’ব। মৃত্যু যদি এক শিল্প হয় তেনেহ’লে ছাৰৰ মৃত্যুও এক শিল্প হৈ ৰ’ব।