চলিত সপ্তাহৰ শেষৰ ফালে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া ২০২২ চনৰ টি-২০ বিশ্বকাপক লৈ সকলো ক্ৰিকেট অনুৰাগীৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে ৷ ডিফেণ্ডিং চেম্পিয়ন আৰু আয়োজক অষ্ট্ৰেলিয়াই উন্নত প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব যদিও যদিও ভাৰত, পাকিস্তান আৰু অন্যান্য বৃহৎ দলৰ পৰা এক শক্তিশালী প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। মহান ক্ৰিকেট তাৰকা শচীন টেণ্ডুলকাৰে ২০২২ চনৰ এই বিশ্ব মহাৰণত কোন চাৰিটা দলে ছেমি ফাইনেল খেলাৰ সম্ভাৱনা আছে তাৰ প্ৰকাশ কৰিছে ৷
তেওঁ কয় -“মই স্পষ্টভাৱে বিচাৰিম যে ভাৰত চেম্পিয়ন হওক কিন্তু মোৰ মতে শীৰ্ষ চাৰিটা দল হ’ব ভাৰত, পাকিস্তান, অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড। “দেওবাৰে মেলবৰ্ণত পাকিস্তানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব ভাৰতে।টেণ্ডুলকাৰে লগতে কয়, “হয়, আমাৰ হাতত বহুত ভাল সুযোগ আছে। এই দলটো ভালদৰে ভাৰসাম্যপূৰ্ণ আৰু আমি ভবাতকৈ অধিক ভাল প্ৰদর্শন কৰাৰ সম্ভাৱনা আছে ৷ “
যশপ্ৰীত বুমৰাহ দলৰ পৰা বাদ পৰা সন্দর্ভত তেওঁ কয় -“এজন শ্ৰেষ্ঠ দ্ৰুত বলাৰ নাথাকিলে স্পষ্টভাৱে দলটোত প্ৰভাৱ পৰিব। বুমৰাহ সদায় এনে এজন ব্যক্তি যিয়ে মূল একাদশৰ অন্যতম মুখ্য খেলুৱৈ, এজন ষ্ট্ৰাইক বলাৰ আৰু এজন সফল প্ৰদৰ্শনকাৰী। কিন্তু ইতিবাচক কথাটো হ’ল দলটো আগবাঢ়ি গৈছে ৷ কাৰণ আপুনি বিপৰ্যয়ৰ বাবে স্থবিৰ হ’ব নোৱাৰে। তেওঁৰ সলনি মহম্মদ ছামীও অভিজ্ঞ আৰু সক্ষম তথা বিগত সময়ছোৱাত ভাল প্ৰদৰ্শন কৰা এজন ক্ৰিকেটাৰ । “