মৃত্যু চিৰসত্য। জন্মিলে মৃত্যু হ’বই । কিন্তু কিছুমান মৃত্যুই আমাক বহুত কষ্ট দি যোৱাৰ দৰে আকৌ কিছুমান মৃত্যু আমাৰ বাবে আদৰ্শ হৈ ৰ’য়।
গৌৰীপুৰ নিবাসী অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী ৺শান্তি চক্ৰৱৰ্তীৰ ২১/১০/২০২২/ তাৰিখত ৮৬ বছৰ বয়সত পৰলোক প্ৰাপ্তি হয়। গোটেই জীৱন শিক্ষকতা কৰাৰ উপৰিও ঘৰখন সুচাৰুৰূপে পৰিচালনা কৰি স্বামীক প্ৰতিটো ক্ষেত্ৰতে সহায় সহযোগ কৰিছিল। স্বামীৰ বৃদ্ধ অৱস্থাত প্ৰতিটো দিন প্ৰতিটো মূহুৰ্তত আন্তৰিক সহযোগ আৰু সু স্বাস্থ্যৰ পতি দৃঢ় প্ৰচেষ্টাৰ ফলত ৯৯ বছৰ বয়সতো তেখেতক সুস্থ কৰি ৰাখিবলৈ সক্ষম হৈছিল। ।
কিছুদিনৰ পৰা তেওঁ অসুস্থ হৈ পৰাত স্বামী শ্ৰী যুত মুনিন্দ্ৰ চক্ৰৱৰ্তীয়ে সকলো আলপৈচান ধৰি আহিছিল আৰু অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানি স্বামীৰ কোলাতেই শেষ নিশ্বাস ত্যাগ কৰে । তেখেতৰ ঐকান্তিক চেষ্টাৰ ফলত ৯৯ বছৰ বয়সতো স্বামী সুস্থ হৈ থাকি পত্নীৰ শেষ অৱস্থাত যত্ন ল’ব পৰাটো সঁচাকৈয়ে গৌৰৱৰ বিষয়। পতী-পত্নীৰ এনে সম্পৰ্ক সমাজৰ আদৰ্শ হৈ ৰওঁক ।
আজি ইং ৩১/১০/২০২২/ তাৰিখ সোমবাৰে তেখেতৰ আদ্যশ্ৰাদ্ধৰ দিনা যাঁচিলো একাজলি শ্ৰদ্ধাঞ্জলি । য’তেই থাকক শান্তিৰে থাকক সুখেৰে থাকক।