ধর্ষণৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পাছত বিপদ আঁতৰা নাই শ্ৰীলংকাৰ বেটছমেন ডানুষ্কা গুনাতিলকৰ ৷ সন্মতি অবিহনে যৌন সম্পৰ্ক স্থাপনৰ চাৰিটা গোচৰত অভিযুক্ত হোৱাৰ পিছত সোমবাৰে ছিডনীৰ আদালতে তেওঁক জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে। ৬ নৱেম্বৰৰ পুৱা টি ২০ বিশ্বকাপৰ মাজতে ছিডনীৰ হোটেলত গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁক। তাৰ পিছত দলটোৰ আন খেলুৱৈসকল শ্ৰীলংকালৈ উভতি যায়। ইপিনে গ্ৰেপ্তাৰ হোৱাৰ পাছতে গুণতিলকক শ্ৰীলংকা ব’র্ডে সকলো প্ৰকাৰৰ ক্ৰিকেটৰ পৰা তাংক্ষণিকভাৱে নিলম্বন কৰিছে ৷
এক বিবৃতিত ব’র্ডে কয়- “তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সকলো ধৰণৰ ক্ৰিকেটৰ পৰা তেওঁক নিলম্বন কৰা হৈছে ৷ অষ্ট্ৰেলিয়াত এগৰাকী মহিলাক যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত হোৱা বুলি অৱগত হোৱাৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷“অনুশাসন ভংগৰ বাবে ব’র্ডে ইয়াৰ পূর্বেও গুণতিলকক কমেও তিনিবাৰ নিলম্বন কৰিছিল ৷
ব’র্ডে বিবৃতিত লগতে কয় যে যে তেওঁলোকে অভিযোগৰ তদন্ত তৎকালীনভাৱে চলাবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব আৰু অষ্ট্ৰেলিয়াত আদালতৰ গোচৰটো সমাপ্ত হোৱাৰ পিছত উক্ত খেলুৱৈজনক দোষী সাব্যস্ত হ’লে শাস্তি দিয়াৰ পদক্ষেপ গ্ৰহণ কৰা হ’বএজন খেলুৱৈৰ এনে যিকোনো আচৰণৰ বাবে “শূন্য সহনশীলতা” নীতি গ্ৰহণ কৰে আৰু এই কাণ্ডৰ নিৰপেক্ষ তদন্ত কৰিবলৈ অষ্ট্ৰেলিয়াৰ আইন প্ৰয়োগকাৰী কৰ্তৃপক্ষক প্ৰয়োজনীয় সকলো সহায় আগবঢ়াব ।
ছিডনীত দণ্ডাধীশ ৰবাৰ্ট উইলিয়ামছে ক্ৰিকেটাৰ গৰাকীৰ কোনো অপৰাধজনিত ইতিহাস নাই যদিও জামিনৰ আৱেদন নাকচ কৰিছিল ৷ গুনতিলকৰ অধিবক্তা আনন্দ অমৰানাথে এই সিদ্ধান্তক “হতাশাজনক” বুলি অভিহিত কৰি কয় যে তেওঁলোকে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব। জামিন লাভ কৰিলেও গোচৰটোৰ বিচাৰ সম্পূর্ণ নোহোৱালৈ তেঁও অষ্ট্ৰেলিয়াতে থাকিব লাগিব ৷